আগ্ৰাত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা চাফাই কৰ্মচাৰী অৰুণ বাল্মীকি হত্যাকাণ্ডৰ নতুন মোৰ

Share This Article

আগ্ৰাত চাফাই কৰ্মচাৰী অৰুণ বাল্মীকিৰ মৃত্যুৰ ৰহস্যই নতুন গতি লাভ কৰিছে। আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা চাফাই কৰ্মচাৰী গৰাকীৰ পৰিয়ালক লগ কৰিবলৈ যোৱা কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাকো মাজভাগত আগ্ৰা টোলত বাধা দিছিল আৰক্ষীয়ে। ইফালে সেই সময়তে লজ্জাজনকভাৱে তাত উপস্থিত থকা কিছু সংখ্যক মহিলা আৰক্ষীয়ে প্ৰিয়ংকাৰ সৈতে চেলফি লৈছিল। ছ’চিয়েল মিডিয়াত ইতিমধ্যেই এই চেলফি ভিডিঅ ভাইৰেল হৈ পৰিছে।
বাতৰি অনুসৰি লক্ষ্ণৌৰ আৰক্ষী আয়ুক্তই প্ৰিয়ংকা গান্ধীৰ সৈতে চেলফি লোৱা মহিলা আৰক্ষীসকলৰ বিৰুদ্ধে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.