কেৰেলাত বানৰ ভয়ংকৰ ৰূপঃ নিহত ৯ – সন্ধানহীন ১২

Share This Article

কেৰেলাত বিগত কিছুদিন ধৰি আহি থকা মূষলধাৰ বৰষুণৰ ফলস্বৰূপে সৃষ্টি হোৱা বানে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে। এতিয়ালৈ ৯ জনকৈ লোকৰ মৃত্যুৰ খবৰ আহিছে। বৰ্তমানো সন্ধানহীন হৈ আছে ১২ জন লোক। উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে কেৰেলা প্ৰশাসনে তথা NDRF আৰু SDRF বাহিনীয়ে। বৰষুণৰ ফলত ৰাজ্যখন কোনো কোনো অঞ্চলত ভূমিস্খলন হোৱাৰো বাতৰি আহিছে। মৃত্যুৰ সংখ্যা প্ৰতি মূহুৰ্ততে বৃদ্ধি হোৱাৰ আশংকা। ৰাজ্যখনৰ ৫ খন জিলাত ৰেড এলাৰ্ট, ৭ খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু ২ খন জিলাত ৱেলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.