ভাৰতীয় ক্রিকেট দলৰ মুখ্য প্রশিক্ষকৰ দায়িত্ব ল’ব দ্য ৱাল খ্যাত ৰাহুল দ্রাবিড়ে

Share This Article

🔴 ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব ল’ব ভাৰতৰ একালৰ তাৰকা বেটচমেন তথা অধিনায়ক দ্য ৱাল খ্যাত ৰাহুল দ্ৰাবিড়ে

🔴নৱেম্বৰৰ পৰা দুবছৰৰ বাবে ল’ব দায়িত্ব

🔴 প্ৰথমে ২০২৩ চনলৈকে চুক্তি কৰিব দ্ৰাবিড়ে

🔴আই পি এল ২০২১ ৰ ফাইনেলৰ বাবে ডুবাইত উপস্থিত হোৱা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহে দ্ৰাবিড়ক সাক্ষাৎ কৰিছে। দুয়োজনে দ্ৰাবিড়ক ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হ’বলৈ অনুৰোধ কৰিছিল আৰু দ্ৰাবিড় ইয়াৰ বাবে সাজু হৈছে

🔴টি-২০ বিশ্বকাপৰ পিছত দ্ৰাবিড়ে টীম ইণ্ডিয়াত মুখ্য প্ৰশিক্ষক হিচাপে যোগদান কৰিব

🔴 দ্ৰাবিড়ৰ প্ৰথম অভিযান হ’ব নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া শৃংখলা

🔴 বিচিচিআইৰ এজন জ্যেষ্ঠ বিষয়াই আই পি এল ৰ ফাইনেলৰ পিছত সংবাদ মাধ্যমক কৈছে যে ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক হ’বলৈ দ্ৰাবিড় সন্মত হৈছে। তেওঁ সোনকালেই ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ সঞ্চালক হিচাপে পদক্ষেপ ল’ব

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.