দেশত দেখা দিব পাৰে বিদ্যুৎ সংকট। কিয়নো দেশত কয়লাৰ নাটনিক লৈ এতিয়া চিন্তাত পৰিছে মোডী চৰকাৰ। কয়লাৰ নাটনিৰ বাবে ক্ৰমাগত ভাৱে হ্ৰাস পাইছে বিদ্যুৎ উৎপাদন। যোৱা কালি APDCLয়েও এখন বিশেষ পত্ৰযোগে বিদ্যুতৰ নাটনিৰ কথা ৰাজহুৱা কৰিছিল। দেশত বিদ্যুতৰ নাটনি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ পিছতেই এতিয়া উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। আজি সেই উদ্দেশ্যেই এখন বিশেষ বৈঠকত মিলিত হব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, শক্তিমন্ত্ৰী আৰ কে সিং আৰু কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশী। চৰকাৰে যদিহে সময়োপযোগী সিদ্ধান্ত লব নোৱাৰে তেন্তে দেশত যে আগন্তুক দিনত তীব্ৰ বিদ্যুৎ সংকটে দেখা দিব সেয়া নিশ্চিত।