কিয় দেশৰ কৰ্মক্ষেত্ৰত নিম্নগামী হৈছে নাৰীৰ স্থান? সৱিশেষ জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন –

Share This Article

ভাৰতীয় সমাজত মধ্যযুগৰ পৰাই মহিলাই পুৰুষৰ সমানে সন্মানজনক স্থান লাভ কৰি আহিছে। দেশত নাৰীৰ বিৰুদ্ধে যথেষ্ট উচ্চ হাৰত অপৰাধ সংঘটিত হয় যদিও নাৰীৰ স্থান এতিয়াও কোনো ক্ষেত্ৰতে নিম্নগামী হোৱা নাই। ইয়াৰ মাজতে এটা বিশেষ সমীক্ষাই প্ৰকাশ কৰিছে কিছু উদ্বেগজনক তথ্য। কৰ্মক্ষেত্ৰত মহিলাৰ স্থান আৰু পুৰুষৰ অনুপাতে মহিলা কৰ্মীৰ তথ্য ৰাজহুৱা কৰিছে সমীক্ষাটোৱে –

🔴 সমীক্ষাটোৰ তথ্য অনুসৰি পৰিচালনামূলক পদত মহিলা শ্ৰমিকৰ সৰ্বনিম্ন অনুপাত থকা ৰাজ্য কিম্বা কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ ভিতৰত আছে জম্মু আৰু কাশ্মীৰ(৯.২ শতাংশ), আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ(৯ শতাংশ), দিল্লী(৭.৯ শতাংশ), হাৰিয়ানা(৭.৫ শতাংশ) আৰু অসম (৬.৯ শতাংশ)

🔴 ইয়াৰ বিপৰীতে ২০১৯-২০ বৰ্ষত বিধায়ক তথা জ্যেষ্ঠ বিষয়া আৰু মেনেজাৰ হিচাপে নিযুক্ত পুৰুষ শ্ৰমিকৰ বিপৰীতে ছিকিম, অন্ধ্ৰ প্ৰদেশ আৰু পঞ্জাৱত মহিলা শ্ৰমিকৰ অনুপাত সৰ্বাধিক আছিল। ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কাৰ্যালয়ে প্ৰকাশ কৰা প্ৰতিবেদনত দেখুওৱা হৈছে যে গ্ৰাম্য অঞ্চলৰ জ্যেষ্ঠ আৰু মধ্য-পৰ্যায়ৰ ব্যৱস্থাপনা পদত মহিলা শ্ৰমিকৰ অনুপাত ২০১৯-২০ বৰ্ষত নগৰ অঞ্চলতকৈ অধিক আছিল।

🔴 কৰ্মক্ষেত্ৰত মহিলাৰ স্থানৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বহু কেইখন ৰাজ্যৰ স্থিতি সদায়েই প্ৰশংসনীয়। উল্লেখ্য যে ২০১৯-২০ বৰ্ষত জ্যেষ্ঠ আৰু মধ্য ব্যৱস্থাপনা পদত নিযুক্ত মুঠ মহিলা শ্ৰমিকৰ ৩৪.১ শতাংশ অনুপাতৰ সৈতে মেঘালয় সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত শীৰ্ষস্থানত আছিল। PLFSৰ বুলেটিনত দেখুওৱা তথ্য অনুসৰি ছিকিমত ৩৩.৫ শতাংশ, মিজোৰামত ৩৩.৩ শতাংশ, অন্ধ্ৰ প্ৰদেশত ৩২.৩ শতাংশ আৰু পঞ্জাৱ ৩২.১ শতাংশ অনুপাতৰ সৈতে মেঘালয়ৰ পৰৱৰ্তী স্থানত আছে।

🔴 জ্যেষ্ঠ আৰু মধ্য পৰিচালনামূলক পদত নিযুক্ত মুঠ শ্ৰমিকৰ তুলনাত মহিলা শ্ৰমিকৰ অনুপাত ২০১৯-২০ বৰ্ষত ২১.৫ শতাংশ আছিল। চহৰ অঞ্চলত এই পৰিসংখ্যা ১৬.৫ শতাংশতকৈ অধিক আছিল। ২০১৯-২০ বৰ্ষত জ্যেষ্ঠ আৰু মধ্য প্ৰৱন্ধক পদত মহিলা শ্ৰমিকৰ সামগ্ৰিক (গ্ৰাম্য আৰু নগৰ) অনুপাত আছিল ১৮.৮ শতাংশ।

🔴 বিধায়ক তথা জ্যেষ্ঠ বিষয়া আৰু মেনেজাৰ হিচাপে কৰ্মৰত পুৰুষ শ্ৰমিকৰ অনুপাতৰ ভিতৰত ছিকিমৰ অংশ আছিল সৰ্বাধিক ৫০.৪ শতাংশ। তাৰ পিছত অন্ধ্ৰ প্ৰদেশত ৪৭.৯ শতাংশ আৰু পঞ্জাৱত ৪৭.৩ শতাংশ। পেছাদাৰী আৰু কাৰিকৰী কৰ্মীসকলৰ বাবে ২০২৯-২০ বৰ্ষত পুৰুষ শ্ৰমিকৰ সৈতে মহিলা শ্ৰমিকৰ অনুপাত ছিকিমত (১২০.২ শতাংশ) সৰ্বাধিক আছিল। তাৰ পিছত আছিল দমন আৰু দিউ (১১০.৭ শতাংশ) আৰু মেঘালয় (১০১.৫ শতাংশ)।

🔴 ২০১৯-২০ বৰ্ষত সাধাৰণ স্থিতি অনুসৰি শ্ৰমিক বাহিনীত ১৫-৬৪ বছৰ বয়সৰ মহিলা শ্ৰমিকৰ অনুপাতে ১৫-৬৪ বছৰ বয়সৰ লোকৰ সংখ্যা গ্ৰাম্য অঞ্চলত ২৩.৬ শতাংশত হোৱাৰ বিপৰীতে নগৰ অঞ্চলত আছিল ৩০.১ শতাংশ। ২০১৯-২০ বৰ্ষত মহিলা শ্ৰমিকৰ সামগ্ৰিক (গ্ৰাম্য আৰু নগৰ দুয়োটা) অনুপাত আছিল ২৮.২ শতাংশ।

PLFS 2019-20-ৰ আগতে প্ৰকাশিত মুখ্য প্ৰতিবেদনত মহিলা শ্ৰমিকৰ অংশগ্ৰহণৰ হাৰ বৃদ্ধি হোৱা দেখা গৈছিল। ই এক ইতিবাচক লক্ষণ কিন্তু অবৈতনিক কামতহে মহিলাৰ অংশগ্ৰহণ সৰ্বাধিক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.