এইবাৰ সলনি হ’ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Share This Article

বিজেপিৰ পাছত এইবাৰ কংগ্ৰেছত আৰম্ভ হৈছে মুখ্যমন্ত্ৰী সলনিৰ কুচকাৱাজ ৷ শণিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে অমৰিন্দৰ সিঙে ৷

আজি পুৱা কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে তেওক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি পঞ্জাৱ কংগ্ৰেছত অব্যাহত আছে বিসম্বাদ ৷ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙ আৰু নৱোজিৎ সিঙ সিদ্ধুৰ মাজত চলি থকা সংঘাতৰ ফলত পঞ্জাৱত দুৰ্বল হৈ পৰিছে দলটোৰ স্থিতি ৷ একেসময়তে আম আদমী পাৰ্টীৰ চৰকাৰ গঠনৰ সম্ভাৱণা উজ্জ্বল হৈ পৰিছে ৷ সেইবাবেই ডেমেজ কন্ট্ৰ’লৰ বাবেই পঞ্জাৱৰ মুখ্যমন্ত্ৰী সলনিৰ সিদ্ধান্ত ল’লে ছোনিয়া গান্ধীয়ে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.