আফগানিস্তান : তালিবানৰ পতাকা লৈ ‘প্ৰকৃত’ স্বাধীনতা ঘোষণা , দেশৰ পতাকা লৈ পৃথক সমদল

Share This Article

স্বাধীনতা দিৱস আছিল , কিন্তু স্বাধীনতা নাছিল ৷ এই ঘোষণা তালিবানৰ ৷ ক্ষমতা দখলৰ চাৰিদিনৰ পাছত স্বাধীনতা দিৱস পালন কৰি তালিবানে ক’লে-‘আমেৰিকাকক ঘৰৰ মাটিৰ পৰা ওভতাই পঠিয়াই আজি দেশে প্ৰকৃত স্বাধীনতা লাভ কৰিলে ৷’ অৱশ্যে , তালিবানৰ এই বাখ্যাৰ প্ৰতিবাদ জনাইছে একাংশ আফগান নাগৰিকে ৷ দেশৰ পতাকা লৈ জালালাবাদত উলিওৱা সমদলত যোগ দিছে শ শ মানুহে ৷

১৯ আগষ্ট ৷ এই দিনটোতে ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈছিল আফগানিস্তান ৷ ১৯১৯ চনত মধ্য এছিয়াৰ দেশখনত এই দিনটোতে ব্ৰিটিছ শাসনৰ সমাপ্তিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল ৷ বৃহস্পতিবাবে আফগানিস্তানৰ পতাকা এৰি তালিবানে নিজৰ পতাকা লৈ উদ্‌যাপন কৰে স্বাধীনতা দিৱস ৷ কাবুলত স্বাধীনতা দিৱস উদ্‌যাপন কৰি এটা বিবৃতিও প্ৰকাশ কৰে ৷ বিবৃতিটোত কোৱা হয়-‘আজি আমি ব্ৰিটিছৰ পৰা স্বাধীনতা লাভৰ বাৰ্ষিকী উদযাপন কৰিছো ৷ একেসময়তে বিশ্বৰ উন্নাসিকতম শক্তি আমেৰিকাক দেশৰ পৰা বাহিৰ কৰি দিয়াৰ ঘটনাটোও উদযাপন কৰিছো ৷’

তালিবানৰ স্বাধীনতা দিৱস উদযাপনৰ প্ৰতিবাদত ৰাজপথত নামি পৰিল একাংশ আফগান নাগৰিক ৷আফগানিস্তানৰ জাতীয় পতাকা লৈ তালিবানী শাসনৰ পৰা মুক্তি বিচাৰি মিছিল উলিয়ালে একাংশ নাগৰিকে ৷এনে মিছিল দেখা গ’ল দেশখনৰ জালালাবাদত ৷

কুনাৰ প্ৰদেশত এনেদৰে দেশৰ পতাকা লৈ উলিওৱা সমদলত বহু লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.