২৭ বছৰীয়া আফগান মহিলা মেয়ৰ জাৰিফাই কিয় মৃত্যুৰ ক্ষণ গণিছে ?

Share This Article

চকুৰ পচাৰত সকলো সলনি হৈ গ’ল ৷ তালিবানে আফগানিস্তান দখল কৰাৰ লগে লগে প্ৰাণৰ শংকাত ভুগিছে লাখ লাখ নাগৰিক ৷ তালিবানৰ আগ্ৰাসনৰ ভয়াৱহতাৰ কথা ক’বলৈ গৈ শিয়ৰি উঠিছে আফগানিস্তানৰ কণিষ্ঠ মহিলা মেয়ৰ  জাৰিফা গাফাৰি ৷  তেও কয় –‘তালিবানে আমাক কেতিয়া হত্যা কৰিব , এতিয়া তাৰেই অপেক্ষাতে আছো’৷

জাৰিফাৰ বয়স ২৭ ৷আশ্ৰফ ঘানি চৰকাৰৰ কৰ্মী ৷ ঘানিয়ে দেশ এৰি ইতিমধ্যে পলায়ন কৰিছে ৷কিন্তু জাৰিফাৰ দৰে বহুতো ৰৈ গৈছে ৷ তেওলোকে মাথো আসন্ন বিপদৰ ক্ষণ গণিছে ৷

সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত জাৰিফাই কৈছে –‘ঘানি চৰকাৰৰ অনেক শীৰ্ষস্থানীয় বিষয়াই ইতিমধ্যে পলায়ন কৰি নিজৰ প্ৰাণ ৰক্ষা কৰিছে ৷ কিন্তু আমাৰ পলাবলৈ কোনো ঠাই নাই ৷সেয়ে ইয়াতেই বহি তালিবানে হত্যা কৰালৈ অপেক্ষা কৰিছো ৷’

তেও আৰু কয়-‘আমাক সহায় কৰোতা কোনো নাই ৷সেয়ে পৰিয়ালৰ সৈতে একেলগে সেই সময়লৈ অপেক্ষা কৰিছো , যেতিয়া তালিবানে আমাক বিচাৰি বিচাৰি ইয়াত ওলাবহি ৷’

২০১৮ চনত ময়দান ওৱাৰ্ডা প্ৰদেশৰ প্ৰথম মহিলা সৰ্বকণিষ্ঠ মেয়ৰ হিচাপে দায়িত্ব লৈছিল জাৰিফা গাফাৰিয়ে ৷তেওৰ ভাষাত-‘সকলো ঠিকেই চলি আছিল ৷ কিন্তু মুহূৰ্তৰ ভিতৰতে যেন ঠন ঠনকৈ সকো খহি পৰিল ৷’

ইয়াৰ আগতেও তালিবানৰ ভাবুকিৰ সন্মুখীন হৈছিল জাৰিফা ৷ বিগত ১৫ নৱেম্বৰত তালিবানে হত্যা কৰিছিল জাৰিফাৰ পিতৃ জেনেৰেল আব্দুল ৱাছি গাফাৰিক ৷ বিতত হোৱা নাছিল মহিলা মেয়ৰ গৰাকী ৷ আনকি যেতিয়া তালিবানৰ আগ্ৰাসন আৰম্ভ হৈছিল , তেতিয়াও তেও কৈছিল –‘দেশৰ বৰ্তমানৰ যুৱ প্ৰজন্ম পৰিৱেশ – পৰিস্থিতিক লৈ সচেতন ৷ তেওলোকৰ হাতত ইন্টাৰনেট আছে ৷ নিজৰ মাজত সহজতে যোগাযোগ ৰাখিব পাৰে ৷ আমাৰ ধাৰণা এইটোৱে যে দেশখন আগুৱাই নিয়াৰ বাবে তেওলোকে নিজৰ যুঁজখন চলাই নিব ৷ এটা নতুন ভৱিষ্যত তৈয়াৰ কৰিব ৷’

সকলো এতিয়া অতীত ৷ জাৰিফাই গণিছে মৃত্যুৰ প্ৰমাদ ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.