কাবুলৰ ভাৰতীয় দূতাবাস খালী কৰাৰ সিদ্ধান্ত কিয় নতুন দিল্লীৰ ?

Share This Article

কাবুলৰ ভাৰতীয় দূতাবাসত থকা ৰাষ্ট্ৰদূতসহ আন আন কৰ্মচাৰীসকলক দেশলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে নতুন দিল্লীয়ে ৷ আফগানিস্তানৰ পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰিছে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে ৷ মঙলবাৰৰ পৰাই ভাৰতীয় বায়ুসেনাৰ দুখন বিশেষ বিমানৰ জড়িয়তে সকলো কৰ্মীকে ঘূৰাই অনাৰ কাম আৰম্ভ হ’ব ৷ ইয়াৰ বাবে বিশেষ হেল্পলাইন নম্বৰ আৰু ই- মেইল আই ডিও মুকলি কৰা হৈছে ৷ বিদেশ মন্ত্ৰালয়ৰ সুত্ৰই জানিবলৈ দিয়া অনুসৰি কাবুলৰ দূতাবাসত বৰ্তমান ১৪০ গৰাকী বিষয়া – কৰ্মচাৰী কৰ্মৰত হৈ আছে ৷ তদুপৰি বাতৰি সংগ্ৰহৰ বাবে আফগানিস্তানলৈ যোৱা চাৰিগৰাকী সাংবাদিককো দেশলৈ ওভতাই অনা হৈছে ৷ ভাৰত চৰকাৰৰ এই পদক্ষেপৰ পাছত কাৰ্যত: শূণ্য হৈ পৰিব কাবুলস্থিত ভাৰতীয় দূতাবাস৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.