মীৰাবাঈ চানু : বিফলতা , হতাশা , পৰাজয়ৰ পাছত অলিম্পিক জয়ৰ হৃদয়স্পৰ্শী কাহিনী

Share This Article
  • জুৰি বৰুৱা

প্ৰতিজন মানুহৰে নিজৰ জীৱনটোৰ প্ৰতি থাকে অনন্ত মোহ ৷ এই কথা মুখ খুলি স্বীকাৰ নকৰিলেও ইয়াক বুজি পাবৰ বাবে আমাৰ জীৱনলৈ আহে কিছু সুযোগ ৷ এই সুযোগবোৰ এক অৰ্থত বিফলতা ৷ প্ৰতিজন সফল মানুহেই জীৱনৰ নানা যাত্ৰাত বিফল ৷ কিন্তু আচৰিত হ’লেও এই কথাও সঁচা যে বিফল মানুহেহে সফলতাৰ মূল্য় বুজে ৷ কাৰণ কৰবাত তেওঁলোকে নিজৰ মাজতে ধাৰণ কৰে এক অদম্য় শক্তি ৷ আৰু এই শক্তিক তেওঁলোকে চিনি পাবলৈ সক্ষম হয় ৷ হাজাৰ বাধা, যাতনা আৰু অন্য়ায়ৰ বিপৰীতে থিয় হ’বলৈ মানুহে নিজক চিনি পোৱাটো অত্য়ন্ত জৰুৰী ৷ বিশ্বৰ প্ৰতিজন অদ্বিতীয় খেলুৱৈৰ জীৱন সংগ্ৰাম সেয়ে আমাৰ বাবে প্ৰেৰণাদায়ক ৷ তাৰ কাৰণো বৰ ৰোমাঞ্চকৰ ৷ একমাত্ৰ খেলেই এনেকুৱা এখন প্ৰতিদ্বন্দিতালৈ আমাক লৈ যায়, য’ত প্ৰতিপক্ষৰ বিৰোধীতা কৰিলেও খেল শেষ হোৱাৰ পাছত এজনে আনজনক সাৱটি ল’ব পাৰি ৷ অথচ বাস্তৱ জীৱনত কত নামবিহীন প্ৰতিদ্বন্দীক আমি মুখামুখিকৈ সহ্য় কৰিব নোৱাৰো ৷ এজন প্ৰকৃত চেম্পিয়ন হ‘বলৈ সেয়ে কেৱল শাৰীৰিক শক্তিয়ে শেষ কথা নহয়, ইয়াৰ বাবে লাগে প্ৰচুৰ মানসিক উদ্য়ম ৷

নংপুং কাম্পিৰ অখ্য়াত পুৱাবোৰতো আছিল তেনে এক অপ্ৰতিৰোধ্য় শক্তি ৷ নংপুং কাম্পি পূব ইম্ফলৰ এখন সৰু ঠাই ৷ মণিপুৰৰ মূল চহৰ  ইম্ফলৰ পৰা ৩০ কিঃমিঃ দূৰত্বত অৱস্থিত এই ঠাইখনতে এহাল মেইতে ভাই-ভনীয়ে হাবিৰ পৰা খৰী সংগ্ৰহ কৰিবলৈ গৈছিল ৷ ঘৰৰ বাবে খৰী সংগ্ৰহ কৰাৰ কাম ছয়টা ভাই-ভনীয়ে পাল পাতি কৰিছিল ৷ নিজৰ চৌকাৰ লগতে মাকৰ একমাত্ৰ চাহৰ দোকানখনো চলে সেই খৰীৰে ৷ সেয়ে দিনটোত এক বুজন পৰিমাণৰ খৰী লাগে ৷ কিন্তু ইমানসোপা খৰী পিঠিত কঢ়িয়াবলৈ লৈ ককায়েকেও হাৰ মানিছিল৷ আৰু হাঁহি হাঁহি পিঠিত খৰীৰ বোজা লৈ পাহাৰৰ ঢালৰ পৰা সেইদিনা নামিছিল এজনী বাৰ বছৰীয়া ছোৱালী ৷ নাম চেইখম মীৰাবাঈ চানু ৷

‘এই যাত্ৰা ইমান সহজ নাছিল ৷’ বি বি চিৰ সাংবাদিকক নিজৰ খেলুৱৈ জীৱনৰ কথা কওঁতে মীৰাবাঈৰ মাত থোকাথুকি হৈছিল ৷ ক’লৈ উভতি গৈছিল তেওঁ ? হয়তোবা নিজৰে বিফল দিনবোৰলৈ ৷ যিবোৰ দিনত তেওঁৰ নাম দেশে নাজানিছিল ৷ নংপুংৰ বতাহ আৰু ট্ৰাকৰ গতিবোৰৰ বাহিৰে কোনেও তেওঁলৈ এবাৰো ঘূৰি চোৱা নাছিল ৷ আৰু তাৰপাছত তেওঁ কৈছিল ৷ ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত মঞ্চত উঠিয়ে মীৰাবাঈৰ সন্মুখ একেবাৰে খালী হৈ পৰিছিল ৷ যেন একোৱে জোৰ নাই হাত দুখনত ৷ যি দুখন হাতেৰে তেওঁ এই পৃথিৱীৰ সকলো বোজাই ডাঙিব পাৰে বুলি বিশ্বাস কৰিছিল, সেই দুখন হাতেই হঠাৎ সন্মুখ ধূলিসাৎ কৰি তেওঁলৈ হতাশাৰে চাইছিল ৷  মীৰাবাঈৰ জীৱনত এনেকুৱা আগতে কেতিয়াও হোৱা নাছিল ৷ ছটা লিফটৰ মাজত মাত্ৰ এটা লিফটত সফল হৈছিল সেইদিনা মীৰাবাঈ ৷ এক অদৃশ্য় ভাগৰ আৰু গ্লানিত ভাগি পৰি অৱশেষত মীৰা বায়ে ফোন লগাইছিল মাকলৈ ৷ কিন্তু ক’বলৈ আছিলেই বা কি ! ইমান দিনে প্ৰশিক্ষণৰ খাতিৰত ঘৰৰ পৰা দূৰৈত ৷ আত্মীয় মানুহৰ মুখবোৰ বাৰে বাৰে মীৰাবায়ে চকু জপাই মনত পেলাইছিল আৰু মাকক কৈছিল, ‘মা, মোৰ হৈছে কি ? সকলো ফালে এন্ধাৰ দেখিছো৷ কিবা এক হতাশাই মোক খেদি ফুৰিছে ৷ কি কৰো মই ? মোৰ দ্বাৰা একোৱে নহয়ছেগৈ ৷ মেডেল আনিব নোৱাৰিলো মই ৷’ মীৰাবাঈৰ মাকেও কিবা এটা ভিতৰত খহি পৰা যেন অনুভৱ কৰিছিল ৷ এই সৰু ঠাইখনৰ পৰা বিদেশলৈ গৈছে জীয়েক ৷ আনৰ দৃষ্টিত খেলিবলৈ ৷ মাকৰ দৃষ্টিত যুঁজিবলৈ ৷ এনেকুৱা কি দি পঠিয়াব নোৱাৰিলে তেওঁ নিজৰ ছোৱালীজনীক যাৰ বাবে আজি তাইৰ মাত থোকাথুকি ! পাৰিবনে তাই ইয়াৰ পাছত আকৌ মূৰ ডাঙি উঠিব? কঁপা কঁপা মাতেৰে তেওঁ মাত্ৰ জীয়েকক ক’লে, ‘ঘৰলৈ আহ মাজনী ৷ এইবাৰ আৰু কষ্ট কৰিব লাগিব৷’

এই ঘটনাই মীৰাবাঈৰ জীৱনলৈ চৰম হতাশা কঢ়িয়াই আনিলে ৷ বহুদিনলৈ কাঁহীত ভাত সানি নোখোৱাকৈয়ে পানী ঢালিলে তেওঁ ৷ ঘড়ী, কেলেণ্ডাৰ বাদ পৰিল ৷ বাদ পৰিল দৈনন্দিনৰ প্ৰশিক্ষণ ৷ এজন খেলুৱৈ যেতিয়া সফল হয় তেতিয়া তেওঁৰ বাবে ৰৈ থাকে মিডিয়া ৷ হাজাৰ অনুগামী ৷ এক অৰ্থত গোটেই দেশ ৰৈ থাকে তেওঁৰ কৃতিত্বক বাঃবাঃ দিবলৈ ৷ কিন্তু বিফল খেলুৱৈ এজনৰ ওচৰত থাকে কি ? কিছু আত্মগ্লানি , অসন্তুষ্টি , মানুহৰ পৰা দূৰৈত নিৰলে নিজকে চম্ভালি লোৱাৰ বাবে আৰু এখন যুঁজ ৷ যাক খুব কম মানুহে  দেখে ৷ মীৰা বায়েও মাকৰ গভীৰত দেখিছিল তেনে এখন মুখ , যি জীয়েকক উৎসাহ দিবলৈ প্ৰাণেপনে কষ্ট কৰিছিল ৷ কিন্তু আন্ধাৰত নিজকো চাবলৈ লৈ ৰৈ গৈছিল ৷ জীয়েকবোৰে মাক-দেউতাকৰ আধৰুৱা সংগ্ৰামকে নতুনকৈ চলাবলৈ শিকে ৷ মাত্ৰ তাৰ বিৱৰণ হয় সুকীয়া ৷ অনুকৰণ হয় উন্নত ৷ অথচ লক্ষ্য় একেই ৷ এই কথা মীৰাবায়েও মাকৰ চকু চাই বুজিছিল ৷ একেলগে কঠীয়া তুলি থাকোতে দুয়োয়ে সেয়ে ভগাই লৈছিল নিজৰ দুখন বেলেগ হৈও একেই তেজ পানী কৰা সংগ্ৰাম ৷

ৱালাকাপ ষ্টেডিয়ামলৈ প্ৰথমে মীৰাবাঈ গৈছিল আৰ্চাৰী শিকিবৰ বাবে ৷ সেই সময়ত আৰ্চাৰী আৰু ভাৰত্তোলনৰ প্ৰশিক্ষণ একেলগে হৈছিল ৷ আৰু এনে কাৰণতে মীৰাবাঈৰ মন ঘূৰিছিল ভাৰত্তোলনলৈ ৷ চাৰে পাঁচ বজাত ষ্টেডিয়াম পাবগৈ লাগিছিল ৷ কিন্তু ঘৰৰ পৰা দূৰত্ব আছিল ২২-২৩ কিঃমিঃ ৷  কেতিয়াবাবাহন আছিল চাইকেল ৷ কেতিয়াবা আধা বাট চাইকেলেৰে ৷ আধা ট্ৰাকেৰে ৷ মীৰাবায়ে নিজৰ প্ৰতিটো সাক্ষাৎকাৰত সেয়ে ট্ৰাক ড্ৰাইভাৰসকলক ধন্য়বাদ জনাবলৈ নাপাহৰে ৷ প্ৰশিক্ষকসকলে মীৰাবাইৰ মাজত কিবা এটা দেখা পাইছিল আৰু ডায়েটক লৈ সাৱধান হ’বলৈ কৈছিল ৷ মীৰাবাঈৰ ডায়েটৰ ওপৰত তেতিয়ালৈকে কোনো অভিজ্ঞতা নাছিল ৷ মাকক এই সম্পৰ্কে কোৱাত মাকো আচৰিত হয় আৰু কয় ,’এনেকুৱা খাদ্য় ক’ৰপৰা তহঁতক দিম !’ সাধাৰণ এখন চাহৰ দোকান ৷ দেউতাকৰ সৰু এটা চৰকাৰী চাকৰি ৷ সিমান দৰমহাৰে সংসাৰ নচলে ৷ ছটা সন্তানৰ প্ৰয়োজনো নোজোৰে ৷ ভাত, শুকান মাছেৰে চলি আছে এনেকৈয়ে ৷ ডায়েট কি বস্তু তাৰ ধাৰণা নথকাতো সেয়ে স্বাভাৱিক আছিল তেনে এটা পৰিয়ালৰ বাবে ৷ সপ্তাহত দুবাৰলৈ গাখীৰ ৷ এবাৰলৈ কণী ৷ এয়াই আছিল খেলুৱৈ মীৰা বাইৰ জীৱনৰ প্ৰথম ডায়েট ৷ আৰু কেতিয়াবা একো ন’হলে পানীয়ে ডায়েট ৷

ৰিঅ’ৰ বিফলতাই মীৰাবাঈক লৈ গৈছিল গভীৰ অনুশীলনৰ দিশে ৷ পাঁচ বছৰলৈ মীৰাবায়ে কেৱল লৈছিল প্ৰশিক্ষণ আৰু জিৰণি ৷ সকলো বাদ দিছিল মীৰাবায়ে ৷ আনকি ব্য়ৱহাৰ কৰা নাছিল ফোনো ৷ তাৰ ফলতে ২০১৮ চনৰ কমনৱেলথ খেলত কেৱল মেডেলেই পৱা নাছিল মীৰাবায়ে ৷ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছিল তেওঁ ৷ তাৰ পাছতেই পিঠিৰ আঘাত ৷ আৰু চাৰি মাহলৈ মীৰাবাঈ বিছনাত পৰিল ৷ সেই সময়ছোৱা মীৰাবাঈৰ বাবে আছিল আটাইতকৈ কঠিন ৷ এছিয়ান গেমছৰ পৰা এই আঘাতৰ বাবেই বাদ পৰিছিল তেওঁ৷  লাহে লাহে মনৰ ভিতৰত বাঢ়ি আহিছিল এক নীৰৱতা ৷ এনেকৈয়ে এদিন তেওঁ সিদ্ধান্তই লৈ পেলাইছিল, আৰু খেলৰ যুঁজত নানামে বুলি ৷  এই নীৰৱ সময়ছোৱাত মীৰাবাঈক  দৃঢ় কৰিছিল প্ৰশিক্ষকে ৷ পৰিয়ালৰ দৰে সমৰ্থন কৰিছিল ফেডাৰেচনৰ সভাপতিয়ে ৷ আৰু মানসিকভাৱে সবল কৰিছিল মনোৰোগ বিশেষজ্ঞই ৷ যাৰ ফলত নিজকে টকিঅ’ অলিম্পিঙৰ বাবে সাজু কৰাত মীৰাবাঈ মনোযোগী হ’ব পাৰিছিল ৷

অজিৰ তাৰিখত সেয়ে মীৰাবাঈৰ কাহিনী হাজাৰজনী খৰী ন’হলেবা পানী কঢ়িওৱা, খেতি-পথাৰত  কাম কৰা, একো নহ’লেও কেৱল ঠাণ্ডা পানীৰেই ডায়েট আৰম্ভ কৰা ছোৱালীৰ বাবে প্ৰেৰণা ৷ মীৰাবায়ে কেৱল অলিম্পিকৰ মেডেলতে ক্ষান্ত থকা নাই, তেওঁ যুঁজি যঁজি পাৰ কৰিছে নিজৰ হতাশা আৰু বিফলতাৰ অদৃশ্য় যুঁজখনো ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.