সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মীৰাবাঈ চানু : বিফলতা , হতাশা , পৰাজয়ৰ পাছত অলিম্পিক জয়ৰ হৃদয়স্পৰ্শী কাহিনী

  • জুৰি বৰুৱা

প্ৰতিজন মানুহৰে নিজৰ জীৱনটোৰ প্ৰতি থাকে অনন্ত মোহ ৷ এই কথা মুখ খুলি স্বীকাৰ নকৰিলেও ইয়াক বুজি পাবৰ বাবে আমাৰ জীৱনলৈ আহে কিছু সুযোগ ৷ এই সুযোগবোৰ এক অৰ্থত বিফলতা ৷ প্ৰতিজন সফল মানুহেই জীৱনৰ নানা যাত্ৰাত বিফল ৷ কিন্তু আচৰিত হ’লেও এই কথাও সঁচা যে বিফল মানুহেহে সফলতাৰ মূল্য় বুজে ৷ কাৰণ কৰবাত তেওঁলোকে নিজৰ মাজতে ধাৰণ কৰে এক অদম্য় শক্তি ৷ আৰু এই শক্তিক তেওঁলোকে চিনি পাবলৈ সক্ষম হয় ৷ হাজাৰ বাধা, যাতনা আৰু অন্য়ায়ৰ বিপৰীতে থিয় হ’বলৈ মানুহে নিজক চিনি পোৱাটো অত্য়ন্ত জৰুৰী ৷ বিশ্বৰ প্ৰতিজন অদ্বিতীয় খেলুৱৈৰ জীৱন সংগ্ৰাম সেয়ে আমাৰ বাবে প্ৰেৰণাদায়ক ৷ তাৰ কাৰণো বৰ ৰোমাঞ্চকৰ ৷ একমাত্ৰ খেলেই এনেকুৱা এখন প্ৰতিদ্বন্দিতালৈ আমাক লৈ যায়, য’ত প্ৰতিপক্ষৰ বিৰোধীতা কৰিলেও খেল শেষ হোৱাৰ পাছত এজনে আনজনক সাৱটি ল’ব পাৰি ৷ অথচ বাস্তৱ জীৱনত কত নামবিহীন প্ৰতিদ্বন্দীক আমি মুখামুখিকৈ সহ্য় কৰিব নোৱাৰো ৷ এজন প্ৰকৃত চেম্পিয়ন হ‘বলৈ সেয়ে কেৱল শাৰীৰিক শক্তিয়ে শেষ কথা নহয়, ইয়াৰ বাবে লাগে প্ৰচুৰ মানসিক উদ্য়ম ৷

- Donation -

নংপুং কাম্পিৰ অখ্য়াত পুৱাবোৰতো আছিল তেনে এক অপ্ৰতিৰোধ্য় শক্তি ৷ নংপুং কাম্পি পূব ইম্ফলৰ এখন সৰু ঠাই ৷ মণিপুৰৰ মূল চহৰ  ইম্ফলৰ পৰা ৩০ কিঃমিঃ দূৰত্বত অৱস্থিত এই ঠাইখনতে এহাল মেইতে ভাই-ভনীয়ে হাবিৰ পৰা খৰী সংগ্ৰহ কৰিবলৈ গৈছিল ৷ ঘৰৰ বাবে খৰী সংগ্ৰহ কৰাৰ কাম ছয়টা ভাই-ভনীয়ে পাল পাতি কৰিছিল ৷ নিজৰ চৌকাৰ লগতে মাকৰ একমাত্ৰ চাহৰ দোকানখনো চলে সেই খৰীৰে ৷ সেয়ে দিনটোত এক বুজন পৰিমাণৰ খৰী লাগে ৷ কিন্তু ইমানসোপা খৰী পিঠিত কঢ়িয়াবলৈ লৈ ককায়েকেও হাৰ মানিছিল৷ আৰু হাঁহি হাঁহি পিঠিত খৰীৰ বোজা লৈ পাহাৰৰ ঢালৰ পৰা সেইদিনা নামিছিল এজনী বাৰ বছৰীয়া ছোৱালী ৷ নাম চেইখম মীৰাবাঈ চানু ৷

‘এই যাত্ৰা ইমান সহজ নাছিল ৷’ বি বি চিৰ সাংবাদিকক নিজৰ খেলুৱৈ জীৱনৰ কথা কওঁতে মীৰাবাঈৰ মাত থোকাথুকি হৈছিল ৷ ক’লৈ উভতি গৈছিল তেওঁ ? হয়তোবা নিজৰে বিফল দিনবোৰলৈ ৷ যিবোৰ দিনত তেওঁৰ নাম দেশে নাজানিছিল ৷ নংপুংৰ বতাহ আৰু ট্ৰাকৰ গতিবোৰৰ বাহিৰে কোনেও তেওঁলৈ এবাৰো ঘূৰি চোৱা নাছিল ৷ আৰু তাৰপাছত তেওঁ কৈছিল ৷ ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত মঞ্চত উঠিয়ে মীৰাবাঈৰ সন্মুখ একেবাৰে খালী হৈ পৰিছিল ৷ যেন একোৱে জোৰ নাই হাত দুখনত ৷ যি দুখন হাতেৰে তেওঁ এই পৃথিৱীৰ সকলো বোজাই ডাঙিব পাৰে বুলি বিশ্বাস কৰিছিল, সেই দুখন হাতেই হঠাৎ সন্মুখ ধূলিসাৎ কৰি তেওঁলৈ হতাশাৰে চাইছিল ৷  মীৰাবাঈৰ জীৱনত এনেকুৱা আগতে কেতিয়াও হোৱা নাছিল ৷ ছটা লিফটৰ মাজত মাত্ৰ এটা লিফটত সফল হৈছিল সেইদিনা মীৰাবাঈ ৷ এক অদৃশ্য় ভাগৰ আৰু গ্লানিত ভাগি পৰি অৱশেষত মীৰা বায়ে ফোন লগাইছিল মাকলৈ ৷ কিন্তু ক’বলৈ আছিলেই বা কি ! ইমান দিনে প্ৰশিক্ষণৰ খাতিৰত ঘৰৰ পৰা দূৰৈত ৷ আত্মীয় মানুহৰ মুখবোৰ বাৰে বাৰে মীৰাবায়ে চকু জপাই মনত পেলাইছিল আৰু মাকক কৈছিল, ‘মা, মোৰ হৈছে কি ? সকলো ফালে এন্ধাৰ দেখিছো৷ কিবা এক হতাশাই মোক খেদি ফুৰিছে ৷ কি কৰো মই ? মোৰ দ্বাৰা একোৱে নহয়ছেগৈ ৷ মেডেল আনিব নোৱাৰিলো মই ৷’ মীৰাবাঈৰ মাকেও কিবা এটা ভিতৰত খহি পৰা যেন অনুভৱ কৰিছিল ৷ এই সৰু ঠাইখনৰ পৰা বিদেশলৈ গৈছে জীয়েক ৷ আনৰ দৃষ্টিত খেলিবলৈ ৷ মাকৰ দৃষ্টিত যুঁজিবলৈ ৷ এনেকুৱা কি দি পঠিয়াব নোৱাৰিলে তেওঁ নিজৰ ছোৱালীজনীক যাৰ বাবে আজি তাইৰ মাত থোকাথুকি ! পাৰিবনে তাই ইয়াৰ পাছত আকৌ মূৰ ডাঙি উঠিব? কঁপা কঁপা মাতেৰে তেওঁ মাত্ৰ জীয়েকক ক’লে, ‘ঘৰলৈ আহ মাজনী ৷ এইবাৰ আৰু কষ্ট কৰিব লাগিব৷’

এই ঘটনাই মীৰাবাঈৰ জীৱনলৈ চৰম হতাশা কঢ়িয়াই আনিলে ৷ বহুদিনলৈ কাঁহীত ভাত সানি নোখোৱাকৈয়ে পানী ঢালিলে তেওঁ ৷ ঘড়ী, কেলেণ্ডাৰ বাদ পৰিল ৷ বাদ পৰিল দৈনন্দিনৰ প্ৰশিক্ষণ ৷ এজন খেলুৱৈ যেতিয়া সফল হয় তেতিয়া তেওঁৰ বাবে ৰৈ থাকে মিডিয়া ৷ হাজাৰ অনুগামী ৷ এক অৰ্থত গোটেই দেশ ৰৈ থাকে তেওঁৰ কৃতিত্বক বাঃবাঃ দিবলৈ ৷ কিন্তু বিফল খেলুৱৈ এজনৰ ওচৰত থাকে কি ? কিছু আত্মগ্লানি , অসন্তুষ্টি , মানুহৰ পৰা দূৰৈত নিৰলে নিজকে চম্ভালি লোৱাৰ বাবে আৰু এখন যুঁজ ৷ যাক খুব কম মানুহে  দেখে ৷ মীৰা বায়েও মাকৰ গভীৰত দেখিছিল তেনে এখন মুখ , যি জীয়েকক উৎসাহ দিবলৈ প্ৰাণেপনে কষ্ট কৰিছিল ৷ কিন্তু আন্ধাৰত নিজকো চাবলৈ লৈ ৰৈ গৈছিল ৷ জীয়েকবোৰে মাক-দেউতাকৰ আধৰুৱা সংগ্ৰামকে নতুনকৈ চলাবলৈ শিকে ৷ মাত্ৰ তাৰ বিৱৰণ হয় সুকীয়া ৷ অনুকৰণ হয় উন্নত ৷ অথচ লক্ষ্য় একেই ৷ এই কথা মীৰাবায়েও মাকৰ চকু চাই বুজিছিল ৷ একেলগে কঠীয়া তুলি থাকোতে দুয়োয়ে সেয়ে ভগাই লৈছিল নিজৰ দুখন বেলেগ হৈও একেই তেজ পানী কৰা সংগ্ৰাম ৷

ৱালাকাপ ষ্টেডিয়ামলৈ প্ৰথমে মীৰাবাঈ গৈছিল আৰ্চাৰী শিকিবৰ বাবে ৷ সেই সময়ত আৰ্চাৰী আৰু ভাৰত্তোলনৰ প্ৰশিক্ষণ একেলগে হৈছিল ৷ আৰু এনে কাৰণতে মীৰাবাঈৰ মন ঘূৰিছিল ভাৰত্তোলনলৈ ৷ চাৰে পাঁচ বজাত ষ্টেডিয়াম পাবগৈ লাগিছিল ৷ কিন্তু ঘৰৰ পৰা দূৰত্ব আছিল ২২-২৩ কিঃমিঃ ৷  কেতিয়াবাবাহন আছিল চাইকেল ৷ কেতিয়াবা আধা বাট চাইকেলেৰে ৷ আধা ট্ৰাকেৰে ৷ মীৰাবায়ে নিজৰ প্ৰতিটো সাক্ষাৎকাৰত সেয়ে ট্ৰাক ড্ৰাইভাৰসকলক ধন্য়বাদ জনাবলৈ নাপাহৰে ৷ প্ৰশিক্ষকসকলে মীৰাবাইৰ মাজত কিবা এটা দেখা পাইছিল আৰু ডায়েটক লৈ সাৱধান হ’বলৈ কৈছিল ৷ মীৰাবাঈৰ ডায়েটৰ ওপৰত তেতিয়ালৈকে কোনো অভিজ্ঞতা নাছিল ৷ মাকক এই সম্পৰ্কে কোৱাত মাকো আচৰিত হয় আৰু কয় ,’এনেকুৱা খাদ্য় ক’ৰপৰা তহঁতক দিম !’ সাধাৰণ এখন চাহৰ দোকান ৷ দেউতাকৰ সৰু এটা চৰকাৰী চাকৰি ৷ সিমান দৰমহাৰে সংসাৰ নচলে ৷ ছটা সন্তানৰ প্ৰয়োজনো নোজোৰে ৷ ভাত, শুকান মাছেৰে চলি আছে এনেকৈয়ে ৷ ডায়েট কি বস্তু তাৰ ধাৰণা নথকাতো সেয়ে স্বাভাৱিক আছিল তেনে এটা পৰিয়ালৰ বাবে ৷ সপ্তাহত দুবাৰলৈ গাখীৰ ৷ এবাৰলৈ কণী ৷ এয়াই আছিল খেলুৱৈ মীৰা বাইৰ জীৱনৰ প্ৰথম ডায়েট ৷ আৰু কেতিয়াবা একো ন’হলে পানীয়ে ডায়েট ৷

ৰিঅ’ৰ বিফলতাই মীৰাবাঈক লৈ গৈছিল গভীৰ অনুশীলনৰ দিশে ৷ পাঁচ বছৰলৈ মীৰাবায়ে কেৱল লৈছিল প্ৰশিক্ষণ আৰু জিৰণি ৷ সকলো বাদ দিছিল মীৰাবায়ে ৷ আনকি ব্য়ৱহাৰ কৰা নাছিল ফোনো ৷ তাৰ ফলতে ২০১৮ চনৰ কমনৱেলথ খেলত কেৱল মেডেলেই পৱা নাছিল মীৰাবায়ে ৷ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছিল তেওঁ ৷ তাৰ পাছতেই পিঠিৰ আঘাত ৷ আৰু চাৰি মাহলৈ মীৰাবাঈ বিছনাত পৰিল ৷ সেই সময়ছোৱা মীৰাবাঈৰ বাবে আছিল আটাইতকৈ কঠিন ৷ এছিয়ান গেমছৰ পৰা এই আঘাতৰ বাবেই বাদ পৰিছিল তেওঁ৷  লাহে লাহে মনৰ ভিতৰত বাঢ়ি আহিছিল এক নীৰৱতা ৷ এনেকৈয়ে এদিন তেওঁ সিদ্ধান্তই লৈ পেলাইছিল, আৰু খেলৰ যুঁজত নানামে বুলি ৷  এই নীৰৱ সময়ছোৱাত মীৰাবাঈক  দৃঢ় কৰিছিল প্ৰশিক্ষকে ৷ পৰিয়ালৰ দৰে সমৰ্থন কৰিছিল ফেডাৰেচনৰ সভাপতিয়ে ৷ আৰু মানসিকভাৱে সবল কৰিছিল মনোৰোগ বিশেষজ্ঞই ৷ যাৰ ফলত নিজকে টকিঅ’ অলিম্পিঙৰ বাবে সাজু কৰাত মীৰাবাঈ মনোযোগী হ’ব পাৰিছিল ৷

অজিৰ তাৰিখত সেয়ে মীৰাবাঈৰ কাহিনী হাজাৰজনী খৰী ন’হলেবা পানী কঢ়িওৱা, খেতি-পথাৰত  কাম কৰা, একো নহ’লেও কেৱল ঠাণ্ডা পানীৰেই ডায়েট আৰম্ভ কৰা ছোৱালীৰ বাবে প্ৰেৰণা ৷ মীৰাবায়ে কেৱল অলিম্পিকৰ মেডেলতে ক্ষান্ত থকা নাই, তেওঁ যুঁজি যঁজি পাৰ কৰিছে নিজৰ হতাশা আৰু বিফলতাৰ অদৃশ্য় যুঁজখনো ৷

 

Leave A Reply

Your email address will not be published.