সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এটাৰ পাছত আন এটা এনকাউন্টাৰ ৷ এনকাউন্টাৰৰ পক্ষত মুখ্যমন্ত্ৰী ৷ কিন্তু অভিযুক্তৰ পৰিয়ালে কি কয় ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ গ্ৰহণ কৰাৰ পৰাই অসম চৰকাৰে অপৰাধীৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি ঘোষণা কৰিছে ৷ যোৱা ১০ মে তাৰিখে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। সেইদিনাৰ পৰা ২৩ গৰাকী অভিযুক্তক পুলিচৰ দ্বাৰা গুলীবিদ্ধ কৰা হৈছে । ইয়াৰে ৫ গৰাকী অপৰাধী মৃত্যুও হৈছে। মৃত্যু হোৱা অভিযুক্তকেইজন ড্ৰাগছ সৰবৰাহকাৰী , বলাৎকাৰ , হত্যা – ডকাইতি আদি অপৰাধৰ সৈতে জড়িত বুলি উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই বিধানসভাত মন্তব্য প্ৰদান কৰি কয় যে তেওঁৰ চৰকাৰ অপৰাধীৰ প্ৰতি শূণ্য সহনশীল হৈ থাকিব আৰু এই ক্ষেত্ৰত যিকোনো সমালোচনাৰেই সমুখীন হবলৈ সাজু বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
এনকাউন্টাৰৰ ঘটনাক লৈ বিৰোধী পক্ষৰ কঠোৰ সমালোচনাৰ সমুখীন হৈছে মুখ্যমন্ত্ৰী গৰাকী। ৰাজ্যৰ মানৱ অধিকাৰ আয়োগেও মুখ্যমন্ত্ৰীৰ এই শূণ্য সহনশীল নীতিক সমালোচনা কৰা পৰিলক্ষিত হৈছে। এই সমালোচনাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যদি অপৰাধীয়ে পলায়ন কৰাৰ চেষ্টা কৰে তেন্তে তেওঁক গুলিওৱাটো ভুল হব নোৱাৰে। পলায়ন কৰা অপৰাধীক বুকুত গুলিয়াব নোৱাৰে , কিন্তু ভৰিত গুলিওৱাটো আইনৰ অন্তৰ্গত বুলি জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে।
কালি বিধানসভাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে যোৱা দুটা মাহত ৫০৪ গৰাকী অপৰাধীক আটক কৰা হৈছে যত মাত্ৰ ৪ জন অপৰাধী পুলিচৰ গুলীত আহত হৈছে।
কিন্তু তাৎপৰ্যপূৰ্ণ কথা এইটো যে গুলীছালনাত মৃত অপৰাধীৰ পৰিয়ালৰ ভাষ্য পুলিচ তথা মুখ্যমন্ত্ৰীৰ মন্তব্যৰ সম্পূৰ্ণ বিপৰীত। আৰক্ষীৰ গুলিত আহত তথা নিহত অপৰাধী ক্ৰমে জয়নাল আবেদিন , তপন বুঢ়াগোহাঁই , জেহেৰুল ইছলাম , আখতাৰ ৰাজা খানৰ পৰিয়ালৰ মন্তব্যত এখন পৃথক ছবিহে দেখা গৈছে। এনে পৰিয়ালৰ সৈতে THE INDIAN EXPRESS ৰ এক সক্ষাৎকাৰত প্ৰকাশ পাইছে কেতবোৰ বিস্ফোৰক তথ্য।
প্ৰতিবেদনখনৰ প্ৰথমতে উল্লেখ কৰা হৈছে জয়নাল আবেদিনৰ কথা । জয়নাল আবেদিন অভিযুক্ত আছিল ডকাইতিৰ অভিযোগত। নগাঁও আৰক্ষীৰ মন্তব্য অনুসৰি জয়নালে পুলিচৰ ওপৰত গুলীছালনা আৰম্ভ কৰাৰ বাবে নগাঁও আৰক্ষীয়ে তেওঁক  গুলীয়াইছিল ৷ যাৰ ফলত তেওঁৰ ভৰিত গুলি লাগে। জয়নালক অনতিপলমে ওচৰৰ হস্পতাললৈ নিয়া হৈছিল যদিও তেওঁক চিকিৎসালয়ত মৃত বুলি ঘোষণা কৰা হয়।
কিন্তু ইয়াৰ বিপৰীতে জয়নালৰ ভাতৃৰ ভাষ্য অনুসৰি জয়নালক হেণ্ডকাফেৰে বান্ধি আটক কৰি লৈ যোৱা হৈছিল।ক’লৈ নিছিল এই সন্দৰ্ভতো অৱগত কৰোৱা হোৱা নাছিল ৷ পিছদিনা পুৱা ৬ বজাত পৰিয়ালৰ লোকক জয়নালৰ মৃত্যু সম্পৰ্কে অৱগত কৰোৱা হয় ।

দ্বিতীয়তে উল্লেখ কৰা হৈছে তপন বুঢ়াগোহাঁইৰ কথা।আলফাৰ লিংকমেনৰ লগতে ONGC ৰ কৰ্মচাৰী অপহৰণৰ সৈতে জড়িত আছিল এইগৰাকী তপন বুঢ়াগোহাঁই। অসম আৰক্ষীৰ মন্তব্য অনুসৰি অপৰাধী তপন বুঢ়াগোহাঁইয়ে আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টাৰ লগতে এগৰাকী আৰক্ষীৰ পৰা বন্দুক কাঢ়িবলৈও চেষ্টা কৰে , সেইবাবে আৰক্ষীয়ে তপনক ভৰিত গুলিয়াবলৈ বাধ্য হয়।
কিন্তু তপন বুঢ়াগোহাঁইৰ পৰিয়ালৰ মন্তব্য অনুসৰি তপনক প্ৰথমতে ওচৰৰ আৰক্ষী চকীলৈ লৈ যোৱা হয়। তাৰ পাছত তেওঁক চকুত কাপোৰ বান্ধি এখন অচিনাকি ঠাইলৈ লৈ যোৱা হয়। যত তেওঁক গুলিয়াই দিয়া হৈছিল।। এই মন্তব্য খোদ তপন বুঢ়াগোঁহাইয়ে তেওঁৰ পৰিয়ালৰ লোকক হস্পতালত আহত হৈ থকা অৱস্থাত কৈছিল বুলি পৰিয়ালে জানিব দিয়ে।
তৃতীয়তে জেহেৰুল ইছলামৰ বিষয়ে উল্লেখ কৰা হৈছে ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনখনত । আৰক্ষীৰ মতে ,নাৰী সৰবৰাহৰ অভিযোগত অভিযুক্ত জেহেৰুল ইছলামক বাক্সাত আটক কৰাৰ পাছত পলায়ন কৰাৰ চেষ্টা কৰাৰ লগতে আৰক্ষীৰ বন্দুক টানিবলৈও চেষ্টা কৰে ৷ ফলত আৰক্ষীয়ে জেহেৰুলৰ ভৰিত গুলিছালনা কৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷ আনহাতে পৰিয়ালৰ ভাষ্য অনুসৰি জেহেৰুল ইছলামে ইতিমধ্যেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। কিন্তু আত্মসমৰ্পণ কৰাৰ পাছতো আৰক্ষীয়ে জেহেৰুলৰ ওপৰত গুলীছালনা কিয় কৰিছে , তাক লৈ সন্দেহ প্ৰকাশ কৰিছে জেহেৰুলৰ পৰিয়াললে ।
চতুৰ্থতে প্ৰকাশ কৰা হৈছে আখতাৰ ৰাজা খানৰ প্ৰসংগ। অলিয়াছ তিকলু খান ওৰফে আখতাৰ ৰাজা খান পশুধন সৰবৰাহৰ সৈতে জড়িত এজন অপৰাধী। যোৱা ৭ জুলাই তাৰিখে আখতাৰক আটক কৰা হৈছিল ডিব্ৰুগড় আৰক্ষীৰ দ্বাৰা। কিন্তু আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাৰ ফলত আৰক্ষীয়ে আখটাৰৰ ভৰিত গুলিয়াবলৈ বাধ্য হয়। ইয়াৰ পাছত আখটাৰক নিকটৱৰ্তী হস্পতালত ভৰ্তি কৰোৱা হয়।
কিন্তু আখতাৰৰ পৰিয়ালৰ ভাষ্য অনুসৰি আখটাৰে নিজে টকা দি কিনা গৰুৰ খবৰ কৰিবলৈ জুলাই মাহৰ ৭ তাৰিখে পোৱা ৮ বজাত আৰক্ষী চকীলৈ গৈছিল। কিন্তু তাৰ পাছত তেওঁ ঘূৰি নাহিল। পাছত আখতাৰক আটক কৰা বুলি পৰিয়ালৰ লোকক অৱগত কৰা হয়। পিছদিনা পুৱা পৰিয়ালৰ লোকে গম পাই যে আখটাৰক গুলিওৱা হৈছে আৰু হস্পতালত ভৰ্তি কৰোৱা হৈছে।

- Donation -

জুলাই মাহৰ ৭ তাৰিখে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ এনকাউন্টাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে । THE INDIAN EXPRESS সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ সদস্য নব কমল বৰাই কয় যে ” বাতৰি অনুসৰি গোটেইকেইজন অভিযুক্তক আৰক্ষীৰ জিম্মাত হাতকেৰেয়াৰে বান্ধি থোৱা আছিল। সেইবাবে আমি জনা উচিত প্ৰকৃততে কি ঘটনা সংঘটিত হৈছিল। “
কিন্তু প্ৰশ্ন হয় , সঁচা কোন আৰু মিছা কোন? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন প্ৰশাসন নে অপৰাধীৰ ভুক্তভোগী পৰিয়াল? ইয়াৰোপৰি প্ৰশ্ন হয়- অসমত ন্যায় দিয়াৰ অধিকাৰ প্ৰকৃততে কাৰ? ন্যায়ালয় নে আৰক্ষীৰ? ভাৰতৰ ন্যায়ব্যৱস্থাত সন্নিবিষ্ট এষাৰ বাক্য আছে- not guilty until proven । অৰ্থাৎ প্ৰমাণ নোহোৱালৈ কোনো অপৰাধী নহয়।তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শূণ্য সহনশীল নীতি কিমান দূৰ গ্ৰহণযোগ্য ,সেয়া এক নতুন বিতৰ্কৰ বিষয় হৈ পৰিছে ৷

Leave A Reply

Your email address will not be published.