২৭ বছৰ পুৰণি এটা এনকাউন্টাৰৰ কাহিনী

Share This Article

শেহতীয়াকৈ অতি সক্ৰিয় হৈ উঠিছে অসম আৰক্ষী ৷ যোৱা ২৪ ঘন্টাত এইখন অসমত সংঘটিত হৈছে ৩ টাকৈ এনকাউন্টাৰৰ ঘটনা ৷ এটা মাহত ১৫ টাকৈ এনকাউন্টাৰৰ বাতৰিয়ে শিৰোণাম দখল কৰিছে ৷ নিহত হৈছে ৩ জন অভিযুক্ত ৷ কেবাজনো গুৰুতৰভাবে আহত ৷ ছিণ্ডিকেটৰ খলনায়কৰ পৰা আৰম্ভ কৰি ধৰ্ষণকাৰী , অপহৰনকাৰীলৈ বহুকেইজন অভিযুক্ত কম দিনৰ ভিতৰতে গুলীবিদ্ধ হৈছে ৷ আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে যে অপৰাধীকেইজনে হয় পলাবলৈ চেষ্টা কৰিছে , নহয় অস্ত্ৰ কাঢ়ি নিবলৈ বিচাৰিছে ৷ এনে প্ৰেক্ষাপটতে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হৈছে ৷ ধাৰাবাহিক এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতে আকৌ এবাৰ চৰ্চালৈ আহিছে ২৭ বছৰ পূৰ্বে অসম জোকাৰি যোৱা আন এটা এনকাউন্টাৰৰ কাহিনী ৷ এই এনকাউন্টাৰ সংঘটিত হৈছিল তিনিচুকীয়া জিলাৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ৷ যাক জনা যায় ডাঙৰী এনকাউন্টাৰ হিচাপে ৷


১৯৯৪ চনৰ ফেব্ৰুৱাৰী মাহ ৷ অসম ফ্ৰন্টিয়াৰ টী লিমিটেডৰ মেনেজাৰ ৰামেশ্বৰ সিঙক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিল ৷ অভিযোগ উঠিল আলফাৰ বিৰুদ্ধে ৷ সেইসময়ত তিনিচুকীয়াৰ ঢলাত থকা ১৮ পঞ্জাৱ ৰেজিমেন্টৰ সেনাই অপৰাধীক কৰায়ত্ত কৰিবলৈ তিনিচুকীয়াৰ গাৱে গাৱে অভিযান আৰম্ভ কৰিলে ৷ ১৭ ফেব্ৰুৱাৰীৰ দিনা প্ৰথমতে গ্ৰেপ্তাৰ কৰিলে প্ৰকাশ শৰ্মা নামৰ এজন ব্যৱসায়ীক ৷ তেও ৰামেশ্বৰ সিঙে কাম কৰা বাগানত ইটা – শিলৰ যোগান ধৰিছিল ৷ ৰেজিষ্টাৰ বুকত প্ৰকাশ শৰ্মাৰ নাম দেখি সন্দেহবশত: সেনাই তেওক ঘৰৰ পৰা উঠাই আনিলে ৷ তাৰ পাছত তিনিচুকীয়াৰ আন আন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হ’ল আন নজন যুৱকক ৷ তেওলোক জড়িত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে ৷ দুদিনৰ ভিতৰত সেনাই উঠাই নিয়া যুৱক কেইজন আছিল প্ৰবীণ সোণোৱাল , প্ৰদীপ দত্ত , দেৱজিৎ বিশ্বাস , অখিল সোণোৱাল , দেৱজিৎ বিশ্বাস , ভবেন মৰাণ ,মাথেশ্বৰ মৰাণ. গুণীন হাজৰিকা , মনোৰঞ্জন দাস ৷ প্ৰবীণ সোণোৱাল স্থানীয় আছু নেতা হিচাপে পৰিচিত ৷ সেনাই ৯ জন যুৱকক উঠাই নিয়াৰ খবৰ পোৱাৰ পাছতে শংকিত হৈ পৰিল তেতিয়াৰ অগপ বিধায়ক , সদৌ অসম ছাত্ৰ সন্থাৰ উপ –সভাপতি তথা বৰ্তমান অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ৷

তেও এছ পি , ডিচি সকলোৰে সৈতে যোগাযোগ কৰিলে – সেনাই উঠাই নিয়া যুৱককেইজনৰ সন্ধান বিচাৰি ৷ ২১ ফেব্ৰুৱাৰীৰ দিনা স্থানীয় আৰক্ষীয়ে নিশ্চিত কৰিলে যে আটাইকেইজন যুৱক সেনাৰ জিন্মাত আছে ৷ এইবাৰ আহি পৰিল নতুন ভয় ৷ কেনেবাকৈ সেনাৰ নিৰ্মম অত্যাচাৰৰ সন্মুখীন হৈছে নেকি যুৱককেইজন ? ২২ ফেব্ৰুৱাৰীত জগদীশ ভূঞা কাষ চাপিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এন ফুকন আৰু এ কে পাটনায়কৰ বিচাৰপীঠে আটাইকেইজন যুৱকক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাবলৈ সেনাক নিৰ্দেশ দিলে ৷ সেইদিনাই সেনা বাহিনীয়ে ভিন ভিন স্থানত মুকলি কৰি দিয়ে প্ৰকাশ শৰ্মা , মনোৰঞ্জন দাস , গুণীন হাজৰিকা আৰু মতেশ্বৰ মৰাণক ৷

কিন্তু বাকী পাচজন যুৱক জীৱিত অৱস্থাত ঘূৰি নাহিল ৷ প্ৰবীণ সোণোৱাল , প্ৰদীপ দত্ত , দেৱজিৎ বিশ্বাস , অখিল সোণোৱাল আৰু ভবেন মৰাণৰ গুলীবিদ্ধ মৃতদেহ পোৱা গ’ল ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানত ৷

জগদীশ ভূঞা অকৌ ন্যায়ালয়ৰ দাৰস্থ হ’ল ৷ আদালতত তেও অভিযোগ তুলিলে যে পাচজন নীৰিহ যুৱকক সেনাই হত্যা কৰিছে ৷ সেনাৰ এটা দলে যুৱককেইজনক এখন নাৱত তুলি ডাঙৰী নদীৰ সিপাৰৰ ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ গৈছে আৰু তাতেই নৃশংসভাবে হত্যা কৰিছে ৷ নাওখনৰ নাৱৰীয়া মোকা মুৰাহ আৰু ৰত্ন মৰাণো নিখোজ হৈ আছে ৷ সেনা বাহিনীয়ে তাক নাম দিলে ডাঙৰী এনকাউন্টাৰৰ ৷ কিন্তু পোষ্ট মৰ্টেম ৰিপোৰ্টত প্ৰকাশ পালে আন কেতবোৰ ভয়ংকৰ তথ্য ৷ যুৱক কেইজনৰ জিভা কাটি পেলোৱা হৈছে , আঠু মোহাৰি দিছে , চকু খান্দি উলিয়াই অনা হৈছে ৷ পাচোজন যুৱকক যে শীতল মস্তিষ্কৰে হত্যা কৰা হৈছে – মৰণোত্তৰ প্ৰতিবেদনত সেয়া জলজল পটপট হৈ পৰিল ৷

জগদীশ ভূঞাই আইনী যুঁজখন এৰি নিদিলে ৷ ন্যায়ালয়ে উক্ত ঘটনাৰ তদন্তৰ দায়িত্ব দিলে চিবিআাইক ৷ দীঘলীয়া সময়ৰ অনুসন্ধানৰ পাছত চিবি আয়ে আদালতত কেবাজনো সেনা বিষয়াৰ বিৰদ্ধে চাৰ্জশ্বীট দাখিল কৰিলে ৷ ২০১৮ চনৰ জুলাই মাহত ভাৰতীয় সেনা বাহিনীৰ দিনজানত থকা কেম্পত অভিযুক্ত সেনা বিষয়া কেইজনৰ বিৰুদ্ধে কোৰ্ট মাৰ্শ্বেল আৰম্ভ হ’ল ৷ বিচাৰ প্ৰক্ৰিয়াত ওলাই পৰিল যে ডাঙৰীৰ তথাকথিত এনকাউন্টাৰৰ নামত পাচজন অসমীয়া যুৱকক শীতল মস্তিষ্কৰে অকথ্য নিৰ্যাতন চলাই হত্যা কৰা হৈছিল ৷ এই ঘটনাত জড়িত আছিল সাতজন উচ্চপদস্থ সেনা বিষয়া ৷ মেজৰ জেনেৰেল এ কে লাল , কৰ্ণেল থমাছ মেথিউ, কৰ্ণেল আৰ এছ ৰবিন , কেপ্তেইন দিলীপ সিঙ, কেপ্তেইন জগদেউ সিঙ , নায়ক অলবিন্দৰ সিঙ আৰু নায়ক শিবেন্দৰ সিঙ দোষী সাব্যস্ত হ’ল ৷ অৱশেষত ২০১৮ চনৰ ১৪ অক্টোবৰত সেনাৰ আদালতে আটাইকেইজন সেনা বিষয়াক যাৱজ্জীৱন কাৰাদণ্ড শুনালে ৷ এনেদৰে ২৪ বছৰ আগতে তথাকথিত ডাঙৰী এনকাউন্টাৰত নিহত পাচজন অসমীয়া যুৱকৰ পৰিয়ালে ন্যায় পালে ৷


এই ঘটনাৰ আজি সাতাইশ বছৰ পাৰ হৈ গ’ল ৷ বহুতে পাহৰিও পেলাইছে সেই লোমহৰ্ষক হত্যাকাণ্ডৰ স্মৃতি ৷ কিন্তু আকৌ এনকাউন্টাৰৰ বাতৰিয়ে শিৰোণাম দখল কৰিবলৈ লোৱা সময়ত পুণৰ চৰ্চালৈ আহিছে ডাঙৰী এনকাউন্টাৰৰ নামত সংঘটিত নৃশংস হত্যাকাণ্ডৰ কাহিনী ৷ যদিও এতিয়াৰ ঘটনাৱলীৰ ডাঙৰীৰ হত্যাকাণ্ডৰ লগত কোনো সম্পৰ্ক নাই তথাপিও এনকাউণ্টাৰৰ কথা শুনিলেই আজিও শিয়ৰি উঠে ৯০ ৰ দশক পাৰ কৰি অহা প্ৰতিজন অসমীয়া ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.