আনুষ্ঠানিকতা বাকী : বিজেপিৰ সংগ এৰিবলৈ সাজু হাগ্ৰামা

Share This Article

এতিয়া কেৱল আনুষ্ঠানিকতাহে বাকী ৷ বিজেপিৰ সংগ এৰিবলৈ সাজু হৈছে মিত্ৰদল বি পিএফ ৷ দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মুকলিকৈ এই মন্তব্য কৰিছে ৷ আজি অসমীয়া দৈনিক কাকত “নিয়মীয়া বাৰ্তা”ত প্ৰকাশিত এক বাতৰিত মহিলাৰীয়ে মন্তব্য কৰিছে যে আজিৰ তাৰিখত ওপৰে ওপৰেহে বিজেপি আৰু বিপিএফৰ মিত্ৰতা আছে ৷ভিতৰত নাই ৷ অহা বিধানসভা নিৰ্বাচনত বিপিএফ য়ে ১৫টা বিধানসভা সমষ্টিত প্ৰাৰ্থী থিয় কৰাব বুলিও তেওঁ মন্তব্য কৰে ৷লক্ষণীয়ভাৱে এই সমষ্টিকেইটাৰ ভিতৰত আছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সমষ্টি সৰভোগ ৷ হাগ্ৰামা মহিলাৰীৰ এই মন্তব্যই দল দুটাৰ সম্পৰ্কৰ গভীৰ অৱনতি ঘটাটো নিশ্চিত কৰিছে ৷ মহিলাৰীয়ে লগতে এইবুলিও কয় যে আজি চাৰি মাহ ধৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনো আলোচনা হোৱা নাই ৷ এই সময়ছোৱাত তেওঁৰ ওপৰত যথেষ্ট অত্যাচাৰ চলিছে ৷ পত্নীৰ গাড়ীৰ ওপৰত শিলাবৰ্ষণ হৈছে ৷ আৰক্ষীয়ে পত্নীৰ নামত থকা ষ্ট’ন ক্ৰেচাৰৰ কাগজ -পত্ৰ বিচাৰি হাৰাশাস্তি কৰিছে ৷ অথচ বেংকৰ পৰা ঋণ লৈ সম্পূৰ্ণ বৈধ প্ৰক্ৰিয়াৰে এই ক্ৰেচাৰ চলাই থকা হৈছে ৷ আনহাতে , তেওঁক ধ্বংস কৰিবলৈ বিটিএডিত বৰ্তমান হীৰা শৰণীয়া , ইউ পি পি এল আৰু বিজেপি একলগ হৈছে বুলিও হাগ্ৰামা মহিলাৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ কৃষক নেতা অখিল গগৈৰ বন্দিত্বৰ প্ৰসংগত তেওঁ কয় যে নিৰ্বাচনৰ আগত অখিল গগৈ মুকলি হৈ অহাৰ সম্ভাৱনা নাই ৷ কিয়নো অখিল গগৈ কাৰাগাৰৰ পৰা ওলালে বিজেপিৰ ক্ষতি হ’ব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.