হঠাতে সুৰ সলালে বিশ্ব স্বাস্থ্য সংস্থাই

Share This Article

সমগ্ৰ বিশ্বতে ক’ৰোনাৰ ত্ৰাসৰ সময়ত হাইড্ৰ’ক্সিক্ল’ৰ’কুইনে সৃষ্টি কৰিছে বহু বিতৰ্কৰ। ড’নাল্ড ট্ৰাম্পেও দিছিল কেতবোৰ মন্তব্য। আনকি তেওঁ নিজে হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ ব্যৱহাৰ কৰিছিল বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই অৱশ্যে তেতিয়া এই ঔষধ অতি মাৰাত্মক বুলি আখ্যা দিছিল আৰু কৈছিল যে ইয়াৰ ব্যৱহাৰ কৰাসকলৰ মৃত্যুৰ হাৰ বেছি। কিন্তু আচম্বিতে সুৰ সলালে বিশ্ব স্বাস্থ্য সংস্থাই। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্ৰছ এডনান ঘেব্ৰিয়েছে এই ঔষধৰ ব্যৱহাৰৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে।
হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ ব্যৱহাৰ ভাৰতত হৈয়েই আছিল। প্ৰকাশিত বাতৰি অনুসৰি, ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চে বিশ্ব স্বাস্থ্য সংস্থাৰ বিৰুদ্ধে আপত্তিও দৰ্শাইছিল এই ঔষধৰ ব্যৱহাৰৰ ক্ষেত্ৰত। ICMRৰ ডিজি বলৰাম ভাৰ্গৱে কৈছিল যে ভাৰতে যিধৰণে এই ঔষধ ব্যৱহাৰ কৰি আহিছে, আগলৈও কৰি যাব। ইয়াৰ কোনো ভয়ৰ কাৰণ নাই। কেৱল খালী পেটত সেৱন কৰিব নালাগে। এইবাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে ভাৰ্গৱৰ সুৰতেই একে সুৰে ক’লে- এই ঔষধেই যেন ক’ৰোনাৰ চিকিত্সাৰ পথ।
এই ঔষধৰ ওপৰত এতিয়াও গৱেষণা চলি আছে। ইতিমধ্যে প্ৰমাণো হোৱাৰ দৰেই যে এই ঔষধে ইমান ক্ষতি নকৰে, যিমান ক্ষতিকাৰক বুলি ভবা হয়। ৰোগীৰ সুস্থ হোৱাৰ হাৰ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলে ক’ব খোজে যে বিশ্ব স্বাস্থ্য সংস্থাই সেয়ে এই ঔষধৰ ওপৰত বৰ্তমানৰ স্থিতি গ্ৰহণ কৰিছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.