Investigative reporting with dedication.

ছাত্ৰ-বিক্ষোভৰ দৰে পৰিস্থিতি চম্ভালিবলৈ আৰক্ষী বাহিনী অধিক সংযমী হ’বই লাগিব। কাৰণ, ৰাষ্ট্ৰৰ ক্ষমতাৰ শিক্ষা দিবলৈ গৈ যদি প্ৰতিবাদী যুৱশক্তিৰ ওপৰত বলপ্ৰয়োগ কৰা হয়, তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব পাৰে। সহজ ভাষাত, বিপৰীত ফলাফল হ’ব পাৰে।
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সংসদ ভৱনলৈ ছাত্ৰ-ছাত্ৰীয়ে বাহিৰ কৰা পদযাত্ৰাৰ সময়ত নিৰাপত্তা বাহিনীৰ অত্যাচাৰৰ অভিযোগ সন্দৰ্ভত এই মন্তব্য আগবঢ়াইছে উচ্চতম ন্যায়ালয়ে।
২০ জুলাই সংসদ ভৱনলৈ ছাত্ৰ-ছাত্ৰীৰ পদযাত্ৰাৰ সময়ত এফালে যেনেকৈ আৰক্ষীৰ অত্যাচাৰৰ অভিযোগ উঠিছে, আনফালে আকৌ আৰক্ষী বাহিনীৰ ওপৰতো আক্ৰমণৰো অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত দুয়োপক্ষৰ পৰাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰা হৈছে। মনীশ কুমাৰ ছোলংকী নামৰ এগৰাকী ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি দাবী জনাইছে যে হিংসাত্মক ঘটনাৰ বাবে এই চিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হওক। তেওঁ উচ্চতম ন্যায়ালয়ক আৱেদন জনাইছে যে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে ৰুজু হোৱা কোনো গোচৰ যাতে প্ৰত্যাহাৰ কৰা নহয়। কাৰণ তেওঁৰ মতে, এনেকুৱা কৰিলে সেয়া ভৱিষ্যতৰ বাবে এক বেয়া দৃষ্টান্ত হৈ ৰ’ব।
তেওঁৰ ভাষাত, “এতিয়া জেন-জিয়ে (Gen-Z) আন্দোলন কৰিছে। ইয়াৰ পিছত অনাগত দিনত জেনেৰেচন আলফা, বিটা, ডেল্টা আহিব।” উচ্চতম ন্যায়ালয়ে তেওঁৰ এই আৱেদন গ্ৰহণ কৰিবলৈ মান্তি হৈছে। ছাত্ৰ-বিক্ষোভ সম্পৰ্কীয় অন্যান্য গোচৰৰ লগতে এই গোচৰটোও ন্যায়ালয়ে প্ৰত্যক্ষ কৰিব।
এই সন্দৰ্ভত বুধবাৰে উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে যে, বিপথগামী হৈ যদি কোনোবাই শিল দলিয়াইছেও, তথাপিও তৰুণসকলৰ কথা শুনা উচিত। প্ৰয়োজন হ’লে তেওঁলোকক প্ৰথমে শান্ত কৰি, তাৰ পিছত পৰামৰ্শ দিয়া উচিত। শীৰ্ষ ন্যায়ালয়ৰ স্পষ্ট কথা, ছাত্ৰ-বিক্ষোভৰ দৰে পৰিস্থিতি চম্ভালিবলৈ আৰক্ষী বাহিনী অধিক সংযমী হ’বই লাগিব। কাৰণ, ৰাষ্ট্ৰৰ ক্ষমতাৰ শিক্ষা দিবলৈ গৈ যদি প্ৰতিবাদী যুৱশক্তিৰ ওপৰত বলপ্ৰয়োগ কৰা হয়, তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব পাৰে। সহজ ভাষাত, বিপৰীত ফলাফল হ’ব পাৰে।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠে বুধবাৰে মন্তব্য কৰে যে, “আন্দোলনকাৰীসকল তৰুণ। তেওঁলোকক পৰামৰ্শৰ প্ৰয়োজন। তেওঁলোকক সঠিক দিশ দেখুওৱা দৰকাৰ। ৰাষ্ট্ৰৰ শক্তি প্ৰদৰ্শন কৰিবলৈ তেওঁলোকৰ ওপৰত বলপ্ৰয়োগ কৰিলে পৰিস্থিতি আৰু অধিক বেয়ালৈ যাব পাৰে। অশান্তি বাঢ়ি বাঢ়ি হাতৰ বাহিৰলৈ গুচি যাব পাৰে। সেয়ে এই সকলোবোৰৰ পৰা আঁতৰত থকাটো উচিত।” মুখ্য ন্যায়াধীশৰ মতে, আৰক্ষী সংযমী হ’বই লাগিব। পৰিস্থিতি যাতে নিয়ন্ত্ৰণৰ বাহিৰলৈ নাযায়, তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব। আটাইতকৈ উত্তম উপায় হ’ল, তেওঁলোকৰ কথা শুনক। প্ৰতিবাদৰ কাৰণটো বুজিবলৈ চেষ্টা কৰক। অৱশ্যে ইয়াৰ লগে লগে প্ৰধান বিচাৰপতিয়ে এই কথাও স্পষ্ট কৰে যে, শেষমুহূৰ্তত বিক্ষোভ কেনেকৈ চম্ভালিব লাগিব, সেই সিদ্ধান্ত সুৰক্ষা বাহিনীয়েই ল’ব লাগিব। আৰু সেই দক্ষতা তথা অভিজ্ঞতা তেওঁলোকৰ আছে।


