ৰে’লৰ চকাত কোনে কিয় লগালে তলা?

Share This Article

শেহতীয়াকৈ এখন ফটোৱে লাভ কৰিছে বিশেষ চৰ্চা। ৰে’লৰ চকাত লগোৱা হৈছে শিকলি। কিন্তু কিয়? আমফান নামৰ প্ৰচণ্ড ঘুৰ্ণী বতাহৰ বাবেই বিভাগীয় কৰ্তৃপক্ষ‌ই লৈছে এই ব্যৱস্থা। আমপানক লৈ বতৰবিজ্ঞানীয়ে সতৰ্ক কৰি দিছে বিভিন্ন ৰাজ্যক। বিজ্ঞানীমহলৰ মতে আমফানৰ গতিবেগ বুধবাৰলৈ ১৮৫কিমি/ঘণ্টালৈ বৃদ্ধি পাব পাৰে। সেইবাবেই বাতিল কৰা হৈছে কেইবাখনো ৰে’লৰ চলাচল। লক্ ডাউনৰ পৰিস্থিতিৰ বাবেই বিভিন্ন ৰে’ল ষ্টেচনত আবদ্ধ হৈ পৰিছে ৰে’লসমূহ। উৰিষ্যা আৰু তাৰ উপকূলবৰ্তীসমূহত তাণ্ডৱ চলাইছে আমফানে। যথেষ্ট ক্ষয়ক্ষতিৰ সম্ভাৱনা আছে সেই অঞ্চলসমূহত। সেয়ে আশে পাশে থকা ৰে’ল ষ্টেচনসমূহত যাতে কোনোধৰণৰ বিপদ নঘটে, তাৰবাবে ৰে’লসমূহৰ চকাত শিকলিৰে তলা লগোৱা হৈছে। পশ্চিমবংগৰ হাওৰা, শিয়ালদহ ৰে’ল ষ্টেচনতো দেখা পোৱা গৈছে শিকলি লগোৱা ছবি। ৰে’লৰ চকাত শিকলি লগোৱা সন্দৰ্ভত ৰে’ল কৰ্তৃপক্ষ‌ই কয় যে আৱদ্ধ হৈ থকা ৰে’লসমূহৰ অৱস্থান যাতে কক্ষচ্যুত নহয়, তাৰবাবেই এই সিদ্ধান্ত লোৱা হৈছে। লগতে ৰে’ল অধিকাৰীয়ে কয় যে পূৰ্বেও দীৰ্ঘ সময় এনেদৰে ৰাখিবলগীয়া হ’লে ৰে’লৰ চকাত তলা লগোৱা হয়। লক্ ডাউনৰ সময়ত শ্ৰমিকসকলক নিজ ৰাজ্যলৈ অনা-নিয়া কৰিবলৈ শ্ৰমিক স্পেচিয়েল ৰে’ল আৰু এচি স্পেচিয়েল এক্সপ্ৰেছৰ ব্যৱস্থা কৰিছে চৰকাৰে। কিন্তু আমফানৰ ঘুৰ্ণী বতাহৰ ফলত হ’ব পৰা সম্ভাব্য বিপদৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰি কেইখনমান ৰে’লৰ চলাচল বাতিল কৰা হৈছে। আজি হাওৰাৰ পৰা নতুন দিল্লী অভিমুখী এচি স্পেচিয়েল ৰে’ল আৰু বৃহস্পতিবাৰে নতুন দিল্লীৰ পৰা হাওৰামুখী এচি স্পেচিয়েল ৰে’ল বাতিল কৰা হৈছে। আনহাতে মঙলবাৰেও দুখন ৰে’ল বাতিল কৰা হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.