কাজিৰঙাত সাংবাদিক সন্মিলন

কাজিৰঙাৰ বন আৰু জনৰ সমান্তৰালকৈ কাষৰীয়া বিভিন্ন এলেকাৰ দুখ-দুৰ্দশা, অভাৱ-সমস্যা, সফলতা-সংৰক্ষণ, সাহিত্য-সংস্কৃতি আদি সম্বন্ধীয় বিভিন্ন বিষয় বিভিন্ন সময়ত তুলি ধৰাৰ প্ৰয়াস কৰা কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ মধ্যকালীন অধিৱেশনখনি অহা ৫ মাৰ্চত অনুষ্ঠিত কৰা হ’ব৷ কাজিৰঙাৰ কহঁৰা নাট্যমন্দিৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত পুৱা ৯-০০ বজাত পতাকা উত্তোলন কৰিব সংস্থাৰ সভাপতি নীলপদ্ম শৰ্মা আৰু স্মৃতি তৰ্পণ কৰিব সম্পাদক ৰঞ্জিত ৰজকে৷ পুৱা ৯-৩০ বজাত সংস্থাৰ মধ্যকালীন কাৰ্য নিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পাছত দিনৰ ১১-১৫ বজাত মুকলি সভা অনুষ্ঠিত হ’ব। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ অন্তৰ্ভুক্ত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ এই মধ্যকালীন অধিৱেশনখনি মুকলি সভাত বন্তি প্ৰজ্বলন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ক্ষেত্ৰ সঞ্চালক যতীন শৰ্মাই৷ আনহাতে, সহযোগ কৰিব কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰিপ্ৰসন্ন ডেকা বৰুৱা, ভূমি সংৰক্ষণ বিভাগ, কাজিৰঙাৰ সংমণ্ডল বিষয়া দিব্যজিৎ দলে আৰু অসম পৰ্যটন বিভাগ, কাজিৰঙাৰ উপ-সঞ্চালক বাথৌ খুংগুৰ বড়োৱে৷ ইয়াৰ পাছতে আৰম্ভ হ’বলগীয়া মুকলি সভাৰ মঞ্চ উদ্বোধন কৰিব অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই৷ মুকলি সভাত আদৰণী ভাষণ আগবঢ়াব কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি সাহাই৷ ইপিনে, মুকলি সভাত ‘সংবাদ মাধ্যমৰ সমসাময়িক ধাৰা আৰু গণমুখী জনসংযোগত ইয়াৰ ভৱিষ্যত’ শীৰ্ষক আলোচনা আগবঢ়াব বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক ড° জয়ন্ত দাস, আৰু আকাশবাণী গুৱাহাটীৰ প্ৰচাৰণ কাৰ্যবাহী ঋতুপৰ্ণ দাসে৷ অনুষ্ঠানত কেইবাটাও শিতানত প্ৰদান কৰিবলগীয়া কাজিৰঙা বঁটা ২০২৩-২৪ মুকলি কৰিব অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ ডেকাই৷ সভাত জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক পেঞ্চনাৰ, জননী বাৰ্তা কাকতৰ মুখ্য সম্পাদক মাখন লাল বাঢ়ৈক কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ’ব৷ বিশিষ্ট অতিথি হিচাপে স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা, কলিয়াবৰৰ বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, কবি দেৱপ্ৰদীপ বৰা, অধিবক্তা জগত কলিতা, অসম ক্ৰীড়া ব’ৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে বোকাখাতৰ মহকুমাধিপতি নেহা যাদৱ, মহকুমা আৰক্ষী বিষয়া, ৰেণুকান্তালা শীতল কুমাৰ, পূব-অসম বন্যপ্ৰাণী সংমণ্ডল ৰমেশ কুমাৰ গগৈৰ লগতে বিভিন্ন গণ্যমান্য ব্যক্তি, জাতীয় দল-সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকিব।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে