টেলিস্কোপ তাকো পাইপেৰে সজা?

Share This Article

নগঞা জোঁৱাইৰ বিৰল কৃতিত্ব !PVC পাইপেৰে দুদিনতে সাজি উলিয়ালে অত্যাধুনিক টেলিস্কোপ।সুন্দৰকৈ দৃশ্যমান হয় মহাকাশৰ গ্ৰহ-নক্ষত্ৰ।বিজ্ঞান নহয় সংগীতৰ সৈতেহে সম্পৰ্ক তেওঁৰ – তথাপিও চমকপ্ৰদ উদ্ভাৱন।নাম তেওঁৰ ডেৰিক ক’ৰিয়া ।বিগত ১৪ বছৰ ধৰি সংগীতৰ বিশাল ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে তেওঁ ।সংগীতৰ প্ৰযোজক হিচাপে অসমতেই নহয় মুম্বাইতো সুপ্ৰতিষ্ঠিত তেওঁ ।গীটাৰ বজাই সাংগীতিক যাত্ৰা আৰম্ভ কৰা ডিগবৈৰ এই ২৯ বছৰীয়া বিবাহিত যুৱকজনে PVC পাইপ ব্যৱহাৰ কৰি মাত্ৰ দুদিনৰ ভিতৰতে সাজি উলিয়াইছে এটা অত্যাধুনিক টেলিস্কোপ।বিজ্ঞানৰ সৈতে কোনো সম্পৰ্ক নথকাকৈয়ে নগাঁও চহৰৰ আমোলাপট্টিৰ জোঁৱাই গৰাকীয়ে নিজেই প্ৰায় তিনিমাহ টেলিস্কোপৰ সন্দৰ্ভত অধ্যয়ন কৰি মাত্ৰ দুদিনৰ ভিতৰতে সাজি উলিয়াইছে এটা অত্যাধুনিক টেলিস্কোপ । ৫০ মিলিমিটাৰ PVC পাইপ হাৰ্ডৱেৰ দোকানৰ পৰা ক্ৰয় কৰি তাত লেন্স সংযোগ কৰি ডেৰিক ক’ৰিয়াই নিৰ্মাণ কৰি উলিয়াই এই ৰিফ্লেক্টৰ টেলিস্কোপটো ।এই টেলিস্কোপৰে এতিয়া সুন্দৰকৈ দৃশ্যমান হয় মহাকাশৰ গ্ৰহ-নক্ষত্ৰ আৰু চন্দ্ৰ কলংক।মাত্ৰ ১৯০০ টকা ব্যয় সাপেক্ষে ডেৰিক ক’ৰিয়াই সাজি উলিয়াইছে এই টেলিস্কোপটো ।অসমৰ এইগৰাকী শিল্পীৰ এনে চমকপ্ৰদ উদ্ভাৱনক এতিয়া সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.