সোণোৱাল কছাৰী ছাত্ৰ-ছাত্ৰী লৈ জলপানি

Share This Article

ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ শুভ বৰুৱা শৈক্ষিক প্ৰতিভা আৰু জ্ঞান বিকাশ যোজনা জলপানি বিতৰণ কাৰ্যসূচী শুকুৰবাৰে অনুষ্ঠিত হয়।উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত সপ্তম স্থান প্ৰাপ্ত বৈভৱ সোণোৱাললৈ সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা এক লাখ টকা সহ স্বৰ্গীয় শুভ বৰুৱা সোঁৱৰণী শৈক্ষিক প্ৰতিভা বঁটা প্ৰদান কৰা হয়।ডিব্ৰুগড়ৰ চৰকাৰী ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা জলপানি বিতৰণ অনুষ্ঠানত বঁটা প্ৰদান কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।আনহাতে একেটা অনুষ্ঠানতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা জনগোষ্ঠীটোৰ মুঠ ৩৭৭২ জন ছাত্র- ছাত্ৰীলৈ নগদ ধন আৰু বটাঁ আগবঢ়োৱা হয়।উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বঁটা আৰু এককালীন আর্থিক সাহায্য বিতৰণৰ এই কাৰ্যসূচীত মুঠ প্ৰায় ২ কোটি ৭০ লাখ টকা ছাত্র ছাত্ৰী সকললৈ প্ৰদান কৰা হয়।জলপানি বিতৰণ কাৰ্যসূচীত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱাল, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন সহ অন্যান্য সকল উপস্থিত থকাৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা অহা সোণোৱাল কছাৰী জনগোষ্ঠীৰ ছাত্ৰ- ছাত্ৰী সকল উপস্থিত থাকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.