মাজুলীত ভাওনা সমাৰোহ

Share This Article

আগন্তুক ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে সত্ৰনগৰী মাজুলীত অনুষ্ঠিত হ’বলগীয়া অসম ভিত্তিত ভাওনা সমাৰোহ আয়োজক সমিতিৰ আমন্ত্রণ ক্ৰমে বৃহত্তৰ বিশ্বনাথ চাৰিআলিৰ গোৰ্খা সম্প্ৰদায়ৰ লোকে ব্ৰজাৱলী ভাষাত পৰিবেশন কৰিব শ্ৰীশ্ৰী শঙ্কৰদেৱ বিৰচিত অঙ্কীয়া নাট “ৰুক্মিণী হৰণ”। নেপালী সমন্বয় সমিতি, বিশ্বনাথ নগৰ উদ্যোগত বৃহত্তৰ বিশ্বনাথ চাৰিআলিৰ গোৰ্খা সম্প্ৰদায়ৰ লোকে অহা জানুৱাৰীত পৰিবেশন কৰিব উক্ত নাট খন। নাটখনৰ আখৰা পূৰ্ণ গতিত চলি থকাৰ কথা নেপালী সমন্বয় সমিতিৰ সাধাৰণ সম্পাদক দূৰ্গা উপাধ্যায়ে জানিবলৈ দিছে।নেপালী সমন্বয় সমিতি, বিশ্বনাথ নগৰৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক লোকনাথ শাস্ত্ৰী,অৱসৰপ্ৰাপ্ত মহকুমা চিকিৎসা বিষয়া ড০ নাৰায়ণ চন্দ্র উপাধ্যায়, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্তামণি শৰ্মা, বিশ্বনাথ নগৰ নেপালী সাহিত্য সভাৰ সভাপতি তথা বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০ ভক্ত প্ৰসাদ গৌতম, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যাপক তাৰা মহন্ত, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি হেম কুমাৰ গৌতম, প্ৰশিক্ষক ভবেন বৰা, সাংবাদিক মন্টু বৰকটকীৰ লগতে ভাৱৰীয়াসকল আৰু স্থানীয় ৰাইজৰ উপস্থিতিত সম্পূৰ্ণ নীতি-নিয়ম পালন কৰি যোৱা ২১ নবেম্বৰত নাটখন মেলাৰ পিচৰেপৰা পূৰ্ণ গতিত ‘ৰুক্মিণী হৰণ’ নাট পৰিবেশনৰ আখৰা চলি থকাৰ জানিবলৈ দিছে। প্ৰথমবাৰৰ বাবে বিশ্বনাথ নগৰাঞ্চলৰ গোৰ্খা জনগোষ্ঠীৰ লোকে ব্ৰজাৱলী ভাষাত ভাওনা কৰিব আৰু ইয়াকে লৈ স্থানীয় গোৰ্খা লোকসকল উৎসাহিত হোৱা পৰিলক্ষিত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.