ফে’চবুকৰ পৰা ঠিকনা আঁতৰালেনে?

Share This Article

সলনি হ’ব ফে’চবুক ! প্ৰফাইলত থাকিব নোৱাৰিব ৪ টা বিষয় ! প্ৰ’ফাইলৰ পৰা আঁতৰাব লাগিব সেই ৪ টা বিষয় !১ ডিচেম্বৰৰ আগতেই আঁতৰাওক এই চাৰিটা বিষয়ৰ তথ্য।কি এই ৪ টা বিষয় ? ধৰ্ম,আসক্তি,ৰাজনৈতিক আদৰ্শ ,ঠিকনা আদিৰ দৰে ব্যক্তিগত তথ্য থাকিব নোৱাৰিব আপোনাৰ প্ৰফাইলত।আপোনাৰ ধৰ্মৰ বিষয়ে লিখিব নোৱাৰিব আপুনি !লিখিব নোৱাৰিব আপোনাৰ আসক্তি কিহত? প্ৰ’ফাইলত নাথাকিব আপোনাৰ ঠিকনা লিখিব নোৱাৰিব আপোনাৰ ৰাজনৈতিক আদৰ্শৰ কথা।১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশ।উল্লেখযোগ্য যে ফে’চবুক ব্যৱহাৰকাৰীৰ বাবে সহজসাধ্য কৰিবলৈকে মেটাই এই চাৰিটা বিষয় ফে’চবুকৰ পৰা আঁতৰোৱাৰ সিন্ধান্ত লোৱা বুলি জনাই ফে’চবুকৰ এগৰাকী মুখপাত্ৰই।মেট ন’ভেৰা নামৰ এজন ব্যক্তিয়ে প্ৰথমে ফে’চবুকৰ এই জাননী টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰে।অৱশ্যে প্ৰ’ফাইলত নাথাকিলেও নিজৰ ব্যক্তিগত আপডেটত তেনে কোনো বিষয় আপলোড কৰিব পাৰিব ফে’চবুক ব্যৱহাৰকাৰীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.