বিজেপি ত্যাগ ‘বাহুবলী’ৰ

Share This Article

এসেকা দিবলৈ সাজু বিসম্বাদী ! বিজেপিৰ ৬ বাৰৰ বিধায়কে ত্যাগ কৰিলে বিজেপি । ৱাঘ’দিয়াৰ সমষ্টিৰ বিধায়কে এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী । ৱাঘদিয়া সমষ্টিৰ বিজেপি বিধায়ক গৰাকীয়ে ১৯৯৫ চনত বিজেপিত যোগদান কৰিছিল।তেতিয়া তেওঁ আছিল নিৰ্দলীয় বিধায়ক। “ মই বিজেপি লৈ নিজে যোৱা নাছিলোঁ।১৯৯৫ চনত যেতিয়া মই বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈছিলোঁ নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে মোক বিজেপিত যোগদান কৰিবলৈ অনুৰোধ কৰিছিল।সেয়ে মই বিজেপিত যোগদান কৰিছিলোঁ”- এনেদৰে মন্তব্য কৰে বাহুবলীখ্যাত মধুভাই শ্ৰীবাস্তৱে।
মধুভাই শ্ৰীবাস্তৱক সকলোৱে গুজৰাটত ‘বাহুবলী’ বুলিয়ে জানে । প্ৰাৰ্থিত্ব লাভ নকৰি প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত খড়গহস্ত হৈ পৰা শ্ৰীবাস্তৱে কয় যে তেওঁৰ সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰা অশ্বিনী পেটেলে “ বিধানসভাৰ নিৰ্বাচনটো দূৰৰ কথা স্থানীয় নিকায়ৰ নিৰ্বাচনত জয়লাভ কৰাৰ আশাও নাই।”উল্লেখ্য যে অহা ১ আৰু ৫ ডিচেম্বৰত গুজৰাটত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন ।২৮২ খন আসনৰ ভিতৰত ১৬০ খন আসনৰ বাবে ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে৷প্ৰথম তালিকাত মুঠ ৩৮ গৰাকী বৰ্তমানৰ বিধায়কে টিকেট লাভ কৰা নাই৷তাৰ ভিতৰত আছে ৫ গৰাকী মন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষ ।প্ৰথমখন প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰাৰ পিছতেই জ্বলাকলা খাইছে বিজেপিয়ে । বিসম্বাদীৰ তৎপৰতালৈ চাই বিৰোধীতকৈ দলীয় বিসম্বাদেহে দলটোক শ’লঠেকত পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.