কেলেংকাৰীৰ পৰা এইবাৰো মুক্ত নহ’ল APSC ?

সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক নিযুক্তিত ব্যাপক অনিয়মৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।কেইবাজনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীয়ে ভুৱা EWS প্ৰমাণ পত্ৰৰ জৰিয়তে চাকৰি লাভৰ অভিযোগ তুলিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। চৰকাৰে যি দৰে এপিএছচিত স্বচ্ছ আৰু নিকা নিযুক্তি হৈছে বুলি দাবী কৰিছে প্ৰকৃতাৰ্থত সেয়া হৈ উঠা নাই । ৯-১০ গৰাকী প্ৰাৰ্থীক EWS প্ৰণাম পত্ৰৰ জৰিয়তে অবৈধভাৱে নিযুক্তি প্ৰদান কৰিছে APSC য়ে ।APSC ত EWS ৰ কোটাত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে সংগঠনটোৱে।২০১৯ চনৰ সংশোধিত আইন অনুসৰি EWS ৰ বাবে ১০% সংৰক্ষিত আসন থাকে। কিন্তু সদ্য ঘোষিত APSC ৰ নিযুক্তিত EWS ৰ শিতানত ১০% ত কৈ অধিক লোকক নিযুক্তি প্ৰদান কৰা হৈছে। ৩৩১ টা পদৰ ১০% হলে ৩৩-৩৪ গৰাকী EWS প্ৰাৰ্থীয়ে পাব লাগে নিযুক্তি কিন্তু EWS শিতানত নিযুক্তি দিয়া হৈছে ৪৩ গৰাকী EWS ৰ প্ৰাৰ্থীক ।নীতিৰ বিৰুদ্ধে গৈ ৯ গৰাকী EWS প্ৰাৰ্থীক কিয় APSC য়ে নিযুক্তি প্ৰদান কৰিলে সেইয়া বৰ্তমানেও এক ৰহস্য APSC ত নিযুক্তি লাভ কৰা দুগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ । চয়নিকা হাজৰিকা ACS ৯৩ ৰেংক ঘৰ নগাঁওত আৰু অমৰ জ্যোতি শইকীয়া APS ৯১ ৰেংক ঘৰ নগাঁও ।দুয়োগৰাকী প্ৰাৰ্থীয়ে EWS ৰ নিয়ম উলংঘা কৰি প্ৰমাণ পত্ৰ দিয়াৰ অভিযোগ ।আনহাতে, ফলাফলৰ নম্বৰ ৰাজহুৱা নকৰাকলৈও সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ।পৰীক্ষাৰ্থীয়ে নিজৰ পৰীক্ষা বহি চাব নোৱাৰা প্ৰসংগক লৈও APSC ক সমালোচনা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *