জীৱনৰ দ্বিতীয় ইনিংছৰ দিশে ধোনী

Share This Article

এইবাৰ ধোনীয়ে নিৰ্মাণ কৰিব দক্ষিণৰ চিনেমা । ধোনীয়ে খুলিছে নিজৰ প্ৰডাকচন হাউচ । বিহাৰৰ হৈ খেলি কেৰিয়াৰ আৰম্ভ কৰা মহেন্দ্ৰ সিং ধোনী এতিয়া বিশ্ববিখ্যাত ক্ৰিকেটাৰ । এটা দশক নৌহওঁতেই ৰাঁচীক অৰ্থাৎ বৰ্তমানৰ ঝাৰখণ্ডক বিশ্ব ক্ৰিকেটৰ মানচিত্ৰত স্থান দিছিল ধোনীয়ে। ১৫ বছৰ ক্ৰিকেট কেৰিয়াৰত ৩৫০ খন মেচ খেলি ধোনীয়ে সংগ্ৰহ কৰিছিল ১০,৭৭৩ ৰান। ধোনীৰ অধিনায়কত্বতে ২০১১ চনত ভাৰতে ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। কিন্তু, সম্প্ৰতি ক্ৰিকেটপ্ৰেমীৰ মন জিনিবলৈ সক্ষম হোৱা মাহী আন এক চৰ্চাত। জীৱনৰ দ্বিতীয় ইনিংছৰ দিশে মাহী। কিয়নো এইবাৰ ধোনীয়ে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে দক্ষিণৰ চিনেমা। ধোনীয়ে নিজাকৈ প্ৰডাকচন হাউচ খুলিছে, য’ত তেওঁ দক্ষিণৰ ছবি প্ৰযোজনা কৰিব।আপুনি জানেনে ধোনীয়ে IPLৰ পৰা কিমান টকা উপাৰ্জন কৰে? IPLৰ ১৫টা ছিজনৰ পৰা ধোনীৰ উপাৰ্জন প্ৰায় ১৬৪ কোটি ।জীৱ-জন্তু ভাল পোৱা মাহী এজন ক্ৰিকেটাৰ হোৱাৰ উপৰিও এজন ভাল ব্যৱসায়ীও। খাটাবুক নামৰ এপটোৰ স্প’নচৰৰ পৃষ্ঠপোষক হোৱাৰ সমান্তৰালভাৱে ধোনীৰ জন্মস্থান ৰাঁচীত আছে ফাৰ্ম হাওচ।ফাৰ্মৰ উৎপাদিত সামগ্ৰী ডুবাইলৈ ৰপ্তানি কৰে। তদুপৰি বাইকৰ প্ৰতি ধোনীৰ আছে তীব্ৰ আকৰ্ষণ। মাহীয়ে এই ফাৰ্মহাউচটোত বাইকৰ বাবে সুকীয়াকৈ ঠাই ৰাখিছে। ধোনীৰ হাতত আছে প্ৰায় ১০০ খন বাইক। ২২ লাখ টকাৰ হাৰ্লি ডেভিডছনৰ দৰে বাইকৰ পৰা ৩৫ লাখ টকাৰ মূল্যৰ কাৱাছাকি নিঞ্জা ২লৈকে সংগ্ৰহ কৰিছে ধোনীয়ে। কেৱল বাইকেই নহয়, বিলাসী গাড়ীৰ প্ৰতিও আকৰ্ষিত ধোনী। ধোনীয়ে দক্ষিণৰ চিনেমা নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যত এতিয়া উৎফুল্লিত হৈ পৰিছে ধোনীৰ অনুৰাগী। লগতে ধোনীলৈ যাচিছে হিয়াভৰা শুভেচ্ছা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.