অন্নদাতাৰেই অন্নৰ অভাৱ ভাৰতত

Share This Article

প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিশ্ৰুতি আৰু বালিত পানী ঢলা একে কথা৷কৃষিখণ্ডৰ লগত জড়িত প্ৰায় ৩০ জন লোকে দৈনিক আত্মহত্যাৰ পথ বাচি লয় ভাৰতত ৷

কথা দিছিল উপাৰ্জন দুগুণ কৰাৰ,কিন্তু উপাৰ্জনহীন হৈ দেশত আত্মহত্যা প্ৰতি দিনে ৩০ জন কৃষক তথা কৃষিখণ্ডৰ শ্ৰমিকৰ | ২০২০ বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষকৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু ২০২১ চনত প্ৰতি দিনেই আত্মঘাতী হৈছে অতি কমেও ৩০ জন কৃষক তথা কৃষিখণ্ডৰ শ্ৰমিক ৷ এয়া আমাৰ তথ্য নহয়,এই তথ্য চৰকাৰীভাৱে প্ৰকাশ পাইছে৷গৃহমন্ত্ৰী অমিত শ্বাহৰ অধীনৰ ‘নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ অপৰাধৰ বাৰ্ষিক পৰিসংখ্যাত এই তথ্য প্ৰকাশ পাইছে ৷ কৃষকৰ এই আত্মহত্যাৰ পৰিমাণ সমগ্ৰ দেশৰ মুঠ আত্মহত্যাৰ পৰিমাণতকৈ ৭% বেছি ৷ এই ৰিপৰ্টত প্ৰকাশ পাইছে যে ২০২১ চনত সমগ্ৰ দেশত ১০,৮৮১ জন কৃষক তথা কৃষিখণ্ডত নিয়োজিত শ্ৰমিকে আত্মহত্যা কৰিছে ৷ অৰ্থাৎ কৃষিক্ষেত্ৰৰ লগত জড়িত লোকৰ মাজৰ প্ৰায় ৩০ জনেই প্ৰতিদিনে আত্মহত্যা কৰি আহিছে ৷ মুঠ আত্মহত্যা কৰা কৃষকৰ সংখ্যা ২০২১ বৰ্ষত ৫,৩১৮ জন৷আনহাতে কৃষিকাৰ্যত জড়িত শ্ৰমিকৰ আত্মহত্যাৰ সংখ্যা ২০২১ বৰ্ষত মুঠ ৫,৫৬৩ জন ৷ কৃষকৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ কাৰণ হ’ল ঋণৰ বোজা,উৎপাদনৰ অনিশ্চয়তা,মানসিক দুঃশ্চিন্তা ৷ বিৰোধী দলৰ অভিযোগ, ক’ভিডৰ পৰবৰ্তী সময়ত প্ৰধানমন্ত্ৰী মোডীৰ ভুল নীতিৰ বাবে কৃষিকৰ্মৰ লগত জড়িত লোকসকল ঘাইকৈ সমস্যাৰ সন্মুখীন হৈছে যাৰ ফলত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পাইছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.