দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে ব্যৱসায়ীৰ অট্টালিকা কোকৰাঝাৰত ভয়ংকৰ ঘটনা

Share This Article

দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে ব্যৱসায়ীৰ অট্টালিকা কোকৰাঝাৰত ভয়ংকৰ ঘটনা
দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে ব্যৱসায়ীৰ অট্টালিকা
খৰ্গেশ্বৰ বসুমতাৰীৰ নিৰ্মীয়মান অৱস্থাত থকা তিনিমহলীয়া অট্টালিকা জ্বলাই দিয়াৰ অভিযোগ
জুইত জাহ প্ৰায় আঢ়ৈ লাখ টকাৰ কাঠ
টাটা মোবাইল গাড়ীৰ বেটাৰী আৰু প্ৰায় ৪০ লিটাৰৰ ডিজেল চুৰি কৰি উধাও দুষ্কৃতিকাৰী
কোকৰাঝাৰৰ ভৱানীপুৰত সংঘটিত এই ঘটনা

দেওবাৰে মাজনিশা দুৰ্ষ্কৃতিকাৰীয়ে এগৰাকী ব্যৱসায়ীৰ নিৰ্মীয়মান অৱস্থাত থকা তিনিমহলীয়া অট্টালিকা জ্বলাই দিয়ে। প্ৰায় ১ বজাত উক্ত নিৰ্মীয়মান ঘৰটোত কোনো লোক নথকাৰ সুযোগ লৈ প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ । ব্যৱসায়ী খৰ্গেশ্বৰ বসুমতাৰীৰ নিৰ্মাণাধীন তিনিমহলীয়া অৱস্থাত থকা অট্টালিকাত অগ্নিসংযোগ কৰে। দুৰ্ষ্কৃতিকাৰীয়ে ঘৰটোৰ তলৰ মহলাত অগ্নিসংযোগ কৰাৰ ফলত তলৰ মহলাত জমা কৰি থোৱা প্ৰায় আঢ়ৈ লাখ টকাৰ কাঠ জ্বলি ছাই হৈ যায়। ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়৷ যাৰ ফলত ঘৰটো সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ পৰা ৰক্ষা পৰে। যদিও অগ্নিকাণ্ডৰ ফলত তিনিমহলীয়া অট্টালিকাটোৰ কেইবা ঠাইত ফাট মেলা বুলি জানিবলৈ দিয়ে।৷ ইপিনে দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰাৰ পিছতে ঘৰটোৰ চৌহদত ৰাখি থোৱা এখন টাটা মোবাইল গাড়ীৰ বেটাৰী আৰু ৪০ লিটাৰৰো অধিক ডিজেল চুৰি কৰি উধাও হয় ৷ ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷ উক্ত ঘটনাটোৱে কোকৰাঝাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু দুৰ্ষ্কৃতিকাৰীৰ এনে অপকাণ্ড ৰোধ কৰিবলৈ জনতাই প্ৰশাসনৰ প্ৰতি দাবী জনাইছে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.