-অংকিতাৰ মৃত্যুৱে জোকাৰিছে বিজেপিক

Share This Article

-অংকিতাৰ মৃত্যুৱে জোকাৰিছে বিজেপিক
পষ্টমৰ্টেম ৰিপৰ্টক লৈ সন্দেহ পৰিয়ালৰ
সাক্ষ্য – প্ৰমাণ নষ্ট কৰিবলৈ ৰিজৰ্ট ভঙাৰ সন্দেহ পৰিয়ালৰ

উত্তৰাখণ্ডত সংঘটিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডই শাসক দল বিজেপিক যথেষ্ট অস্বস্তিত পেলাইছে৷

বিগত ১৭ ছেপ্তেম্বৰৰ পৰা নিখোঁজ হৈ থকা ৰিজৰ্টৰ ৰিচেপছনিষ্ট অংকিতা ভাণ্ডাৰীৰ মৃতদেহ বিগত ২৩ ছেপ্তেম্বৰত পানী যুঁৱলিৰ পৰা উদ্ধাৰ হোৱাৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে৷

উল্লেখ্য যে ১৯ বছৰীয়া অংকিতাই বিগত আগষ্ট মাহত ৰিজৰ্টখনত ৰিচেপছনিষ্ট হিচাপে যোগদান কৰিছিল ৷

ৰিজৰ্টখনৰ মালিক আছিল বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিত আৰ্য৷
পুলকিত আৰ্যই অংকিতাক ৰিজৰ্টলৈ অহা অতিথিৰ লগত যৌনকাৰ্যত লিপ্ত হ’বলৈ হেঁচা প্ৰয়োগ কৰিছিল আৰু তাকে কৰিবলৈ অমান্তি হোৱাত অংকিতাক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালে৷

ইতিমধ্যে আৰক্ষীয়ে পুলকিত আৰ্য,হোটেলখনৰ মেনেজাৰ আৰু আন এগৰাকী সহযোগীক গ্ৰেপ্তাৰ কৰিছে৷
অংকিতাৰ পৰিয়ালে যুৱতীগৰাকীয়ে কাম কৰি থকা ৰিজৰ্টখন ভাঙি শাসকীয় চৰকাৰখনে সাক্ষ্য প্ৰমাণ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে৷

তদুপৰি মৃতদেহ সৎকাৰ নকৰাৰ সিন্ধান্ত লৈছে পৰিয়ালে৷পৰিয়ালৰ মতে মৃতদেহটো পুনৰ বাৰ প’ষ্টমৰ্টেম কৰিব লাগে৷দেহৰ বিভিন্ন অংশত আঘাটৰ চিন থকা লোকৰ মৃত্যু পানীত ডুবি হোৱা বুলি অহা ৰিপৰ্টকলৈ সন্দেহ ব্যক্ত কৰিছে পৰিয়ালে৷

আনহাতে,প্ৰশাসনে মৃতদেহ সৎকাৰৰ বিষয়টোত অধিক গুৰুত্ব আৰোপ কৰিছে৷
বিৰোধী দলৰ অভিযোগ “এই হত্যাকাণ্ড পূৰ্বপৰিকল্পিত৷ইয়াৰ সাক্ষ্য প্ৰমাণ নষ্ট কৰিবলৈকে ৰিজৰ্টখন ভাঙি পেলোৱা হৈছে৷”

তদুপৰি বিৰোধীয়ে ইয়াৰ তদন্ত বহুত লেহেমীয়া কৰিছে আৰু গোচৰ পঞ্জীয়নতো যথেষ্ট সময় লোৱা বুলি অভিযোগ কৰিছে বিৰোধীয়ে৷

আনহাতে,মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে দোষীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ কথা ঘোষণা কৰিছে৷“ দোষীক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব ”-এনেদৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ধামীয়ে৷
ইতিমধ্যে পুলকিত আৰ্যৰ পিতৃ বিনোদ আৰ্য আৰু তেওঁৰ ভাতৃ অংকিত আৰ্যক বিজেপি দলৰ পৰা বহিস্কাৰ কৰা হৈছে৷
স্থানীয় জনতাৰ প্ৰতিবাদে ইমানেই ভয়ংকৰ ৰূপ লৈছেগৈ যে অভিযুক্ত কেইজনক কঢ়িয়াই নিয়া গাড়ীখনৰ গ্লাছ ভাঙি চূৰমাৰ কৰে আৰু আৰক্ষীৰ উপস্থিতি স্বত্তেও অভিযুক্তক আক্ৰমণ কৰে জনতাই৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.