ইৰাণৰ আকাশত মুক্তিৰ গান  ইৰাণৰ ৰাজপথত আকৌ মহিলা

Share This Article

ইৰাণৰ ৰাজপথৰ কঁপাই তুলিছে প্ৰতিবাদী মহিলাই। বতাহত উৰুৱাই দিছে হিজাব। প্ৰতিবাদী শ্লোগান, বেনাৰ, পোষ্টাৰ ইৰাণৰ ৰাজপথে ৰাজপথে। কাৰণ ইছলামিক সেনাৰ নিৰ্বিচাৰ অত্যাচাৰত ২২ বছৰীয়া মহসা আমিনীৰ মৃত্যু। মহসাৰ হেনো ভুল আছিল যে তেই সঠিক ধৰণেৰে হিজাব পৰিধান কৰা নাছিল। ঘটনা চলিত বৰ্ষৰ ১৩ ছেপ্টেম্বৰৰ। মহসা আমিনী নিজ ভ্ৰাতৃৰ সৈতে ইৰাণৰ ৰাজধানী টেহৰাণলৈ গৈছিল। আৰু টেহৰাণতেই এজাক মৰেল পুলিচে জিম্মাত লৈছিল মহসাক। আৰু তাৰ পাছৰ পৰ্যায় এক অমানৱীয় ঘটনা। কাৰাগাৰত ইছলামিক সেনাৰ নিৰ্বিচাৰ প্ৰহাৰত মৃত্যুক সাৱটি লৈছিল ২২ বছৰীয়া মহসাই। মহসাৰ মৃত্যুত জ্বলি উঠিল ইৰাণ প্ৰতিবাদী শ্লোগানত কঁপি উঠিল ইৰাণ
ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মহিলা
প্ৰতিবাদী কন্ঠৰে ঝংকাৰিত হ’ল ইৰাণ জুইত জাপি দিলে দ’ম দ’ম চুলি কাটি ইৰাণী মহিলাই উৰুৱালে পতাকা
বিশ্বজুৰি বিয়পি পৰিল ইৰাণৰ প্ৰতিবাদ
মহসা আমিনীৰ মৃত্যুক সহজজাভে ল’ব পৰা নাই ইৰাণৰ নাৰীয়ে। কিন্ত সদায় জানো এনে আছিল ইৰাণ। ক’লা কাপোৰে ঢাকি ৰখা নাছিল ইৰাণৰ মহিলাৰ মুখ। হিজাব বোৰখা সদায়েই জানো চিৰপৰিচিত পোচাক আছিল ইৰাণৰ মহিলাৰ। নাছিল… ইৰাণৰ মহিলাৰ ইছলামিক সন্ত্ৰাসেৰে জৰ্জৰিত জীৱন একোটা নাছিল।
চন, ১৯৭৯
সলনি হৈ গৈছিল ইৰাণৰ জনজীৱন
ইৰাণত আৰম্ভ হৈছিল ইছলামিক শাসন। ১৯৭৯ চনৰ পূৰ্বে মুক্ত আছিল ইৰাণ। মুক্ত আছিল ইৰাণৰ মহিলা। ইৰাণৰ মহিলাৰ সাজ-পোছাকত নাছিল কোনো নিষেধাজ্ঞা। এয়া ১৯৭৯ চনৰ পূৰ্বৰ ইৰাণৰ মহিলাৰ পোচাক। স্কাৰ্ট-টপ, হিলছ আছিল ইৰাণৰ মহিলাৰ পছন্দৰ পোছাক। এয়া ১৯৭৯ চনৰ পূৰ্বৰ কেইখনমান ফটোগ্ৰাফ। হঠাৎ সময় সলনি হ’ল। ইৰাণত আৰম্ভ হ’ল ইছলামিক শাসন। ৰুদ্ধ হৈ পৰিল ইৰাণ।হিজাব আৰু বোৰখাৰে আৱৰি পৰিল ইৰাণৰ মহিলাৰ মুখ।
চন, ১৯২৫
পহলবী বংশৰ শাসন আৰম্ভ হৈছিল। প্ৰথম শাসক ৰজা শ্বাহ ব্ৰিটেইন আৰু আমেৰিকাৰ ব্যৱস্থাৰ দ্বাৰা প্ৰভাৱিত আছিল। ১৯৪১ চনত মহম্মদ ৰজা শ্বাহে লৈছিল শাসনৰ বাঘজৰী। তেওঁ আছিল মুক্ত চিন্তাধাৰাৰ মানুহ। মহিলাৰ স্বাধীনতাক লৈ দুয়ো আছিল মুক্ত চিন্তাধাৰাৰ ব্যক্তি। ইৰাণৰ সামাজিক ব্যৱস্থাত মহিলাৰ প্ৰভুত্বৰ বাবে দুয়ো হাতত লৈছিল কেতবোৰ নতুন চিন্তা আৰু সিদ্ধান্ত।
৮ জানুৱাৰী, ১৯৩৬
ৰজা শ্বাহে প্ৰৱৰ্তন কৰিছিল কশফ এ হিজাব ব্যৱস্থা। অৰ্থাৎ কোনো মহিলাই যদি হিযাব পৰিধান কৰিছিল। আৰক্ষীয়ে আঁতৰাই দিছিল হিজাব।
চন, ১৯৪১
ৰজাৰ পুত্ৰ মহম্মদ ৰজাই নিষেধাজ্ঞা জাৰী কৰিছিল কশফ এ হিজাব ব্যৱস্থাক। নাৰীয়ে যি পৰিধান কৰিব বিচাৰে সেয়া তেওঁৰ ব্যক্তি স্বাধীনতা বুলি তেওঁ মত পোষণ কৰিছিল।
চন,১৯৬৩

মহিলাক ভোটাধিকাৰৰ অধিকাৰ প্ৰদান কৰিছিল মহম্মদ ৰজা শ্বাহে।
চন, ১৯৬৭
ইৰাণৰ আইন সংশোধন কৰি মহিলাক সমঅধিকাৰ প্ৰদান কৰা হ’ল। যুৱতীৰ বিয়াৰ বয়স ১৩ বছৰৰ পৰিৱৰ্তে ১৮ বছৰলৈ বৃদ্ধি কৰা হ’ল। গৰ্ভপাতৰ আইন প্ৰণয়ন কৰা হ’ল। নাৰীশিক্ষাৰ প্ৰতি সচেতনতা বৃদ্ধিৰ বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰা হ’ল। ১৯৭০ৰ সেই দশকৰ সময়ছোৱাত ইৰাণৰ বিশ্ববিদ্যালয়সমূহত ৩০ শতাংশ পৰ্যন্ত মহিলা শিক্ষাৰ্থী বৃদ্ধি পাল।
চন, ১৯৭৮
আৰম্ভ হ’ল অন্য এক যুগৰ। চিয়া সমাজৰ নেতা আয়তোল্লাহ ৰুহোললা খমেইনীয়ে মহম্মদ শ্বাহৰ এই নীতিৰ বিৰোধিতা কৰে। তেওঁৰেই নেতৃত্বত ২০ লক্ষ লোকে মহম্মদ শ্বাহৰ বিৰুদ্ধে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী। এই প্ৰতিবাদক বিশ্বজুৰি ইছলামিক ৰিভ’ল’শ্যন বুলিও কোৱা হয়। এই কাৰ্যসূচীত অৱশ্যে মহিলাৰ অংশগ্ৰহণ আছিল যথেষ্ট। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মাথো এটা বছৰৰ পাছতেই অৰ্থাৎ ১৯৭৯ চনত দেশ এৰি যাবলৈ বাধ্য হয় মহম্মদ ৰজা শ্বাহ। খ’মৈনী হৈ পৰিল ইছলামিক ৰিপাব্লিকৰ নেতা। ইৰাণত আৰম্ভ হ’ল অন্য এক অধ্যায়। অন্ধকাৰাচ্ছন্ন হৈ পৰিল ইৰাণৰ জীৱন। মহিলাসকলৰ সকলো অধিকাৰ খৰ্ব কৰা হ’ল।
চন, ১৯৮১
ইৰাণৰ মহিলাৰ বাবে বাধ্যতামূলক হ’ল হিজাব। নিষিদ্ধ ঘোষণা কৰা হ’ল প্ৰসাধন সামগ্ৰী। ইছলামিক আৰক্ষীয়ে ৰেজৰেৰে মহিলাৰ ওঠৰ লিপষ্টিক মোহাৰি পেলালে। ১৯৬৭ চনৰ ফেমিলী প্ৰত্যেকশ্যন ল’ খৰ্ব কৰা হ’ল। মহিলাৰ বিয়াৰ বয়স ১৮ বছৰৰ পৰিবর্তে ৯ বছৰ কৰা হ’ল। অৱশ্যে খ’মৈনীৰ মৃত্যুৰ পাছত ইৰাণৰ ৰাষ্ট্ৰপতি ৰফসঞ্জনীয়ে এই কঠোৰ আইন কিছু লঘু কৰি মহিলাৰ শিক্ষাৰ অধিকাৰ বাহাল ৰাখিলে। কিন্ত মহসা আমিনীৰ মৃত্যু সহজভাৱে ল’ব পৰা নাই ইৰাণৰ মহিলাই। ৰাজপথত এতিয়া মুক্তিৰ গান। যি প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল ১৯৭৯ চনৰ ৯ মাৰ্চৰ দিনটোত ইৰাণৰ ৰাজপথত। বাধ্যতামূলক হিজাবৰ বিৰুদ্ধে লক্ষাধিক মহিলাই ইৰাণৰ ৰাজপথ কঁপাই তুলিছিল। সেই একেই প্ৰতিবাদ আকৌ দেখিবলৈ পোৱা গৈছে ইৰাণৰ ৰাজপথত। অন্ধকাৰ বিনাশী পোহৰ আনিবলৈ বিচৰা জুইকুৰা দপদপাই জ্বলি উঠিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.