বাঘ আহিব,ব্যয় ৯১ কোটি

Share This Article

বাঘ আহিব,ব্যয় ৯১ কোটি
৭০ বছৰৰ পিছত ভাৰতত চিতা বাঘৰ বাবেও নিৰ্মাণ হেলিপেড ৮ টা চিতা ভাৰত আহি পাব শনিবাৰে

প্ৰথমবাৰৰ বাবে আফ্ৰিকাৰ চিতাই প্ৰৱেশ কৰিব আন এখন মহাদেশত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে এই বাঘ কেইটা এৰি দিয়া হ’ব কুন’ ৰাষ্ট্ৰীয় উদ্যানত

আজি নিশাৰ ভাগতে নামিবিয়াৰ পৰা মধ্য প্ৰদেশৰ গোৱালিয়ৰ অভিমুখে অনা হ’ব বাঘ কেইটা৷

শনিবাৰে পুৱাৰ ভাগত চিতাকেইটা গোৱালিয়ৰৰ পৰা কুন’ ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হ’ব

উল্লেখ্য যে ভাৰতত এই বাঘবিধ বিলুপ্ত হোৱাৰ বাবে ২০২০ চনত উচ্চতম ন্যায়ালয়ে চিতা বাঘৰ এই পাইলট প্ৰগ্ৰেম আৰম্ভ কৰিছিল৷

৮ টা চিতাৰ ভিতৰত ৫ টা মাইকী আৰু ৩ টা মতা বাঘ আছে৷

চিতা হ’ল সবাতোকৈ বেগী জন্তু৷ভাৰতত ১৯৫২ চনতেই এই বিধ বাঘ বিলুপ্ত হোৱা বুলি ঘোষণা কৰা হৈছিল৷

নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ চৰকাৰৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ পিছত এই বাঘ ভাৰতলৈ অনাৰ সিন্ধান্ত লোৱা হয়৷এই বাঘকেইটা অনাৰ বাবদ প্ৰায় ৯১ কোটি টকা ব্যয় হ’ব চৰকাৰৰ৷

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় “ ১৭ ছেপ্তেম্বৰটো আমাৰ ৰাজ্যখনৰ বাবে এক ঐতিহাসিক দিন হ’ব !একেবাৰে বিলুপ্তপ্ৰায় বাঘবিধ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত আমাৰ ৰাজ্যত প্ৰথম পদাৰ্পণ কৰিব৷আমি গৰ্বিত ৷”

কুন’ ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ বাবে নিৰ্মাণ হোৱা আৱদ্ধ অঞ্চলটোৰ কাষত ৪ খন হেলিপেড নিৰ্মাণ কৰা হৈছে৷সেই হেলিপেডতেই বাঘ কেইটা অহা হেলিকপ্তাৰেও অৱতৰণ কৰিব৷হেলিপেডৰ পৰা ৩০০ মিটাৰ দূৰত্বত আছে বাঘৰ বাবে নিৰ্মাণ কৰা আৱদ্ধ অঞ্চলটোৰ মূলদ্বাৰখন৷অঞ্চলটোৰ ৪৫৭ জন ব্যক্তিক চিতাৰ বন্ধু হিচাপে প্ৰশিক্ষণ দিয়া হৈছে ৷

এই চিতা কেইটা মুঠ ৫ বৰ্গ কিলোমিটাৰৰ এটা অঞ্চলত প্ৰথমে ৰখা হ’ব৷অলপ দিন তেনেদৰে ৰাখি পৰিবেশৰ লগত মিলিব পৰা হ’লেই সেই আৱদ্ধ অঞ্চলৰ পৰা মুক্ত কৰি দিয়া হ’ব৷আৱদ্ধ অঞ্চলটো প্ৰায় ৮ ফুট উচ্চতাৰ বেৰেৰে তৈয়াৰ কৰা হৈছে৷ইয়াত ৮ খন দৰ্জা থাকিব সকলোফালৰ পৰা চিচি কেমেৰাৰে নিৰীক্ষণ কৰি থকা হ’ব৷

ভাৰতত সম্ভৱতঃ অন্তিমটো চিতা স্বীকাৰ কৰিছিল চেণ্ট্ৰেল ইণ্ডিয়াৰ মহাৰাজা ৰামানুজ প্ৰতাপ সিংদেৱে৷

এসময়ত ভাৰতৰ প্ৰতিখন অভয়াৰণ্যতেই থকা চিতা বাঘ বৃটিছৰ শাসন কালচোৱাত একেবাৰে নিঃশেষ হৈ গৈছিল৷

বৃটিছ সকলৰ চিকাৰৰ প্ৰতি থকা দুৰ্নিবাৰ হেপাহৰ বাবেই হ্ৰাস পাইছিল চিতা বাঘ৷

ভাৰতত চিতাৰ ইতিহাস অতি পুৰণি৷মধ্যপ্ৰদেশৰ গান্ধীসাগৰ অভয়াৰণ্যত উদ্ধাৰ হোৱা হাজাৰ বছৰ পুৰণি শিলত খোদিত পেইণ্টিঙতো চিতাৰ ছবি খোদিত হৈ আছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.