EXCLUSIVE : গুৱাহাটী এৰাৰ পূৰ্বে শপতনামাত কি লিখিলে একনাথ সিন্দে আৰু শিৱসেনাৰ বিদ্ৰোহী বিধায়কে

Share This Article

অস্তিত্বৰ সংকটত শিৱসেনা ৷ উচ্চতম ন্যায়ালয়ে  বৃহস্পতিবাৰৰ আস্থাভোটৰ বাবে সেউজ সংকেত দিয়াৰ পাছতেই  মুখ্যমন্ত্ৰীৰ চকী এৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৷ ইয়াৰ লগে লগে মহা বিকাশ আগাধী অৰ্থাৎ শিৱসেনা – এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোঁট চৰকাৰৰ পতন ঘটিল ৷মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে বিসম্বাদী গোটৰ নেতা একনাথ সিন্দে ৷ বিজেপিৰ সমৰ্থনত তেওঁ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসন দখল কৰিলে ৷  কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল শিৱসেনাৰ বিসম্বাদী বিধায়কসকলে  বিগত প্ৰায় এসপ্তাহ ধৰি বাহৰ  পাতি আছিল গুৱাহাটীৰ পঞ্চতাৰকাযুক্ত হোটেল ৰেডিশ্যন ব্লুত ৷ তাৰ পৰাই প্ৰস্তুত কৰা হৈছিল আইনী যুঁজৰ আখৰা ৷ ইয়াৰ বাবে গুৱাহাটীত বিসম্বাদী শিৱসেনা গোটৰ নেতা একনাথ সিন্দেসহ আন আন বিধায়কসকলে চহী কৰিছিল শপতনামাত ৷গুৱাহাটী এৰাৰ পূৰ্বে একনাথ সিন্দে চহী কৰা আইনী শপতনামাৰ প্ৰতিলিপি আহি পৰিছে কেৱল ‘দ্য ক্ৰছকাৰেন্ট’ৰ হাতত ৷

একনাথ সিন্দেৰ শপতনামা

তাৰ লগতে শিৱসেনাৰ আন এগৰাকী বিসম্বাদী বিধায়ক দীপক বসন্তৰাও কেৰচৰকাৰে চহী কৰা এখন শপতনামাও আহি পৰিছে ‘দ্য ক্ৰছকাৰেন্ট’ৰ হাতত ৷ য’ত তেও উল্লেখ কৰিছে যে যোৱা ২১ জুন তাৰিখে শিৱসেনাৰ অল্পসংখ্যক বিধায়কে গ্ৰহণ কৰা এটা প্ৰস্তাৱত চহী কৰিছিল ৷ এই প্ৰস্তাৱত একনাথ সিন্দেৰ ঠাইত অজয় চৌধুৰীক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হৈছিল ৷ কিন্তু সেয়া তেও প্ৰত্যাহাৰ কৰিছে ৷

অজয় চৌধাৰীক বিধায়িনী দলৰ নেতা হিচাপে দিয়া সমৰ্থন প্ৰত্যাহাৰ দীপক বসন্তৰাওৰ

লগতে এইবুলিও উল্লেখ কৰিছে যে ২৩  জুনত গুৱাহাটীলৈ অহা সিদ্ধান্ত তেওৰ নিজা আৰু তাত কোনেও প্ৰভাৱিত কৰা নাই ৷ লগতে ২৩ জুনৰ গুৱাহাটীৰ বৈঠকত  দীপক কেৰচৰকাৰে নিজে একনাথ সিন্দেক শিৱসেনাৰ বিধায়িনী দলৰ নেতা হিচাপে স্বীকৃতি দি স্বাক্ষৰ কৰাৰ কথা উল্লেখ কৰে ৷ তদুপৰি , ভৰত গোগাৱোলেক শিৱসেনাৰ চীফ হুইপ হিচাপে সমৰ্থন কৰাৰ কথাও বিসম্বাদী বিধায়কগৰাকীয়ে শপতনামাত উল্লেখ কৰে ৷

আকৌ গুৱাহাটীত একনাথ সিন্দেক সমৰ্থন দীপক বসন্তৰাওৰ

 

ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে গুৱাহাটীৰ হোটেলত একনাথ সিন্দে গোটৰ আইনী প্ৰক্ৰিয়াও সম্পন্ন কৰা হৈছিল ৷ তেওঁলোকৰ শপনতনামাৰ এই নথি কেৱল দ্য ক্ৰছকাৰেন্টে লাভ কৰিবলৈ সক্ষম হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.