ৰাষ্ট্ৰপতি নিৰ্বাচন :মমতাৰ উদ্যোগত আজি দিল্লীত বিৰোধীৰ ৰণচালি

Share This Article

বিজেপি বিৰোধী সমীকৰণক এক নতুন মাত্ৰা দিবলৈ আজি নতুন দিল্লীত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উদ্যোগত অনুষ্ঠিত হ’ব বিশেষ বৈঠক ৷ সেই উপলক্ষে মঙলবাৰে দিল্লীত উপস্থিত হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী ৷ কনষ্টিটিটিউশ্যন ক্লাবত অনুষ্ঠিত হ’বলগীয়া বৈঠকত কংগ্ৰেছ আৰু চি পি আই (এম)য়েও অংশগ্ৰহণ কৰাৰ কথা ৷ কংগ্ৰেছৰ হৈ মল্লিকাৰ্জুন খৰ্গে আৰু চি পি এমৰ হৈ এলামাৰাম কৰিম এই বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে ৷ বিজেপি বিৰোধী দল ক্ৰমে এন চি পি , শিৱসেনা , আৰ জে ডি , সমাজবাদী পাৰ্টী , আৰ জে ডিৰ প্ৰতিনিধিও আজিৰ বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে ৷ মূলত: ৰাষ্ট্ৰপতি নিৰ্বাচনত এজন উমৈহতীয়া বিৰোধী প্ৰাৰ্থী প্ৰক্ষেপ কৰাটোৱে এই বৈঠকৰ মূল লক্ষ্য ৷ কিন্তু মঙলবাৰে মমতা বেনাৰ্জী দিল্লীলৈ ৰাওনা হোৱাৰ সময়তে চি বি আইৰ দল উপস্থিত হয় অভিষেক বেনাৰ্জীৰ বাসগৃহত ৷ অভিষেকৰ পত্নী ৰুজিৰাক কয়লা সৰবৰাহ সংক্ৰান্তীয় এক গোচৰৰ বাবে সোধা পোচা কৰে চি বি আইৰ দলটোৱে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.