তৃতীয় বিশ্বযুদ্ধ হ’লে ভাৰত আৰু চীনে কাৰ পক্ষ ল’ব ?

Share This Article

ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাতে ক্ৰমাৎ চৰম ৰূপ ধাৰণ কৰিছে ৷ শংকিত হৈ পৰিছে বিশ্ব সম্প্ৰদায় ৷ প্ৰায় সকলো দেশেই নিজৰ নাগৰিকসকলক ইউক্ৰেইন ত্যাগ কৰিবলৈ পৰামৰ্শ দিছে ৷ তাৰ পাছতে ৰাছিয়াই ইউক্ৰেইনৰ দুটা প্ৰান্তক স্বাধীন দেশ হিচাপে ঘোষণা কৰিছে ৷ দুয়োখন দেশক লৈ বিশ্ব সমুদায় এতিয়া বিভক্ত হৈ পৰিছে ৷ তাৰ মাজত ভাৰতে কাৰ পক্ষ গ্ৰহন কৰিছে , ৰাছিয়া আৰু ইউক্ৰেইনৰ বিবাদক লৈ ভাৰতৰ পূৰ্বৰ স্থিতি কি আছিল ,

ৰাছিয়া আৰু ইউক্ৰেইনৰ বিবাদক কেন্দ্ৰ কৰি এতিয়া তৃতীয় বিশ্বযুদ্ধৰ সূচনা হোৱাৰ উপক্ৰম হৈছে ৷ এই বিবাদ নিশ্চয় এদিনীয়া বা দুদিনীয়া নহয় ৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ বিবাদৰ আছে এটা দীঘলীয়া ইতিহাস ৷ দুয়োখন দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে জনাৰ
বিংশ শতিকাৰ আৰম্ভণিতে ইউক্ৰেইন আছিল ৰুছ সাম্ৰাজ্যৰ অন্তৰ্গত ৷ৰুছ বিপ্লৱৰ পাছত ১৯১৮ চনত ইউক্ৰেইনক স্বাধীন দেশ হিচাপে ঘোষণা কৰা হয় ৷ কিন্তু ১৯২১ চনত লেনিনৰ সেনা বাহিনীৰ লগত পৰাজিত হোৱাৰপাছত ১৯২২ চনত ইউক্ৰেইন ছোভিয়েট সংঘৰ অংশ হৈ পৰে ৷ তাৰ পাছৰে পৰা ইউক্ৰেইনৰ স্বাধীনতাৰ দাবী ধাৰাবাহিকভাৱে উত্থাপণ হৈ আহিছে ৷ইয়াৰ বাবে বহু বিদ্ৰোহী গোটে হাতত অস্ত্ৰও তুলি লৈছিল ৷ ১৯৫৪ চনত ইউক্ৰেইনৰ এই বিবাদ নিষ্পত্তিৰ বাবে খ্ৰুছেভে ক্ৰিমিয়া আইলেণ্ড ইউক্ৰেইনক প্ৰদান কৰিছিল ৷ ১৯৯১ চনত ছোভয়েট সংঘৰ পতনৰ লগে লগে ইউক্ৰেইন স্বাধীন ৰাষ্ট্ৰত পৰিণত হয় ৷ স্বাধীনতা লাভ পাছতে ইউক্ৰেইনে ৰাছিয়াৰ প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ কিন্তু ২০১০ চনত ৰাছিয়া সমৰ্থিত য়ানুকোভিছ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হয় ৷ তেও ৰাছিয়াৰ লগত ঘণিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ লগতে ইউৰোপিয়ান ইউনিয়নত অন্তৰ্ভুক্ত হ’বলৈ অস্বীকাৰ কৰে ৷ ইয়াৰ পাছতে ৰাছিয়াত তীব্ৰ বিদ্ৰোহৰ সূচনা হয় আৰু ২০১৪ চনত য়ানুকোভিছে পদত্যাগ কৰিবলগীয়া হয় ৷ তেতিয়াই ৰাছিয়াই পুণৰ ক্ৰিমিয়া চহৰ দখল কৰি লয় ৷ শেহতীয়াকৈ ২০২১ চনৰ ডিচেম্বৰ মাহত ইউক্ৰেইনে নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন চমুকৈ নাটোৰ সদস্য পদ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ৷ ইয়াকে লৈ ৰাছিয়া পুণৰ অসন্তুষ্ট হৈ পৰে ৷ এয়াই আৰম্ভণি ৷ তাৰ পাছতে ইউক্ৰেইন সীমান্তত ৰাছিয়াই লাখৰ ঘৰত সেনা মোতায়ন কৰে ৷ শেহতীয়াকৈ ইউক্ৰেইনৰ দুখন চহৰক ৰাছিয়াই স্বাধীন ঘোষণা কৰাৰ লগতে ইউক্ৰেইনত ৰুছ সেনাই প্ৰৱেশ কৰিছে ৷ তাৰ পাছতে বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসন সন্দৰ্ভত কোনে কি স্থিতি গ্ৰহণ কৰিছে , সেয়াও জানি লও আহক ৷

ইউক্ৰেইনত ৰাছিয়াৰ সেনাৰ প্ৰৱেশৰ লগে লগে বিভিন্ন দেশে ৰাছিয়াৰ বিৰোধ কৰিবলৈ আৰম্ভ কৰিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৰাছিয়াৰ সিদ্ধান্তক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে আমেৰিকাই অন্যান্য সহযোগীসকলক লগত লৈ সোণকালেই ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি ঘোষণা কৰিছে ৷ হোৱাইট হাউছৰ পৰা প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হয় যে আমেৰিকাই ৰাছিয়াৰ এনে কাৰ্যক লৈ পূৰ্বৰ পৰা সচেতন আছিল আৰু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সম্পূৰ্ণ সাজু হৈ আছে ৷ আমেৰিকাই ৰাছিয়া অধ্যুষিত ইউক্ৰেইনৰ সকলো অঞ্চলৰ লগত সকলো সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ৰাষ্ট্ৰসংঘইও ৰাছিয়াৰ আগ্ৰাসনক ইউক্ৰেইনৰ সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে ৷ ৰাষ্ট্ৰসংঘই এইক্ষেত্ৰত ইউক্ৰেইনৰ পক্ষত স্থিতি গ্ৰহণ কৰিছে ৷ জাৰ্মানীৰ বিদেশ মন্ত্ৰী ক্ৰিশ্চিয়ন লিণ্ডনেৰে ইউক্ৰেইনৰ পক্ষ ল’ব বুলি ঘোষণা কৰি কৈছে যে আন্ত:ৰাষ্ট্ৰীয় আইনৰ উলংঘা কৰি ৰাছিয়াই অনুচিত কাম কৰিছে ৷ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুয়েল মেক্ৰ’য়ে ৰাছিয়াৰ আগ্ৰাসনক নিন্দা কৰি কয় যে পূৱ ইউক্ৰেইনৰ বিদ্ৰোহীসকলক মান্যতা দি ৰাছিয়াই নিজৰ পূৰ্বৰ স্থিতিৰ পৰা আঁতৰি আহিছে ৷ তেও নিৰাপত্তা পৰিষদৰ জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে৷ ইয়াৰ বাহিৰেও দক্ষিন কোৰিয়া , জাপান , অষ্ট্ৰেলিয়া , নিউজিলেণ্ড আদি দেশেও ইউক্ৰেইনক সমৰ্থন কৰিছে ৷
এতিয়া হয়তো আপুনি ভাবিব পাৰে যে ভাৰত এতিয়ালৈকে মৌন কিয় ৷ আচৰিত হ’লেও সঁচা যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিত ভাৰত আৰু চীনে গ্ৰহন কৰিছে একেই স্থিতি ৷ দুয়োখন দেশেই এই বিবাদক লৈ নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছে ৷ ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰতিনিধি টি এছ তিৰুমূৰ্তিয়ে কয় যে ইউক্ৰেইন আৰু ৰাছিয়াৰ সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি গভীৰ চিন্তাৰ বিষয় ৷ ৰাছিয়াৰ পদক্ষেপে সেই অঞ্চলৰ শান্তি আৰু নিৰাপত্তা বিঘ্নিত কৰিব ৷ ভাৰতে দুয়োপক্ষকে ধৈৰ্যৰ পৰিচয় দিবলৈ আহ্বান জনাই কয় যে কেৱল কূটনৈতিক আলোচনাৰ মাজেৰেহে এই বিবাদ নিষ্পত্তি সম্ভৱ ৷ ভাৰতৰ দৰে চীনেও দুয়োপক্ষক সংযম বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত চীনৰ প্ৰতিনিধিয়ে কয় যে এই আন্ত:ৰাষ্ট্ৰীয় বিবাদ শান্তিপূৰ্ণ আলোচনাৰ মাজেৰে সমাধান কৰা উচিত ৷
এনেদৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাতক লৈ আন্ত:ৰাষ্ট্ৰীয় বিবাদ তুংগত উঠা সময়ত ইউক্ৰেইনত বাস কৰা প্ৰায় ২০ হাজাৰ ভাৰতীয় ছাত্ৰ আৰু নাগৰিকৰ সুৰক্ষা বিশেষ চিন্তাৰ কাৰণ হৈ পৰিছে ৷ ভাৰতে তাত অধ্যয়নৰত ছাত্ৰসকলক বিশ্ববিদ্যালয়ৰ পূৰ্বৰ অনুমতি নোহোৱাকৈয়ে ইউক্ৰেইন ত্যাগ কৰিবলৈ আহ্বান জনাইছে ৷ ইয়াৰ বাবে এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানৰো ব্যৱস্থা কৰিছে ৷ সি যি কি নহওক , ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাতে এতিয়া তৃতীয় বিশ্বযুদ্ধৰ আশংকা অধিক ঘণীভুত কৰি তুলিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.