নেহৰুলৈ দোষ ঠেলি আৰু কিমান পলায়ন কৰিব নৰেন্দ্ৰ মোদীয়ে ?

Share This Article

যদি দেশত কংগ্ৰেছ দল নাথাকিলহেঁতেন , তেনেহ’লে কি হ’লহেঁতেন ? এই প্ৰশ্ন নিজেই আলোচনালৈ আনি নিজেই উত্তৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সোমবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ প্ৰত্যু্ত্তৰ দিয়াৰ পাছত আজি ৰাজ্যসভাত বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷  নৰেন্দ্ৰ মোদীৰ অভিযোগ – যেতিয়া কংগ্ৰেছ শাসনত আছিল , তেতিয়া দেশৰ বিকাশ হ’বলৈ নিদিলে ৷ এতিয়া বিৰোধীৰ আসনত থাকিও বিকাশত বাধা দি আহিছে ৷টুকৰে টুকৰে গেঙ , আৰবান নক্সাল আদিৰ দৰে শব্দ ব্যৱহাৰ কৰি মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে মূল্যবৃদ্ধিৰ সময়ত নেহৰুয়ে হাত দাঙি দিছিল , কিন্তু তেওলোক দেশৰ সৈতে থিয় হৈ আছে ৷
লোকসভা আৰু ৰাজ্যসভাত দিয়া দীঘলীয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিক সময় আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছ দলক ৷ সদনত তেও বিৰোধীয়ে উত্থাপণ কৰি অহা মূল বিষয়সমূহৰ সলনি এটা নিৰ্বাচনী ভাষণহে আগবঢ়োৱা পৰিলক্ষিত হয় ৷ একেসময়তে এৰাই চলে মুদ্ৰাস্ফীতি , কৰ্মসংস্থাপনহীনতা , কোভিড নিয়ন্ত্ৰণত ব্যৰ্থতা আদি প্ৰসংগ ৷ মুদ্ৰাস্ফীতি সন্দৰ্ভত আত্মপক্ষ সমৰ্থন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মহামাৰীৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ দৰে দেশত যেতিয়া মুদ্ৰাস্ফীতিৰ হাৰে ৭ শতাংশ অতক্ৰম কৰিছে , তেনেসময়ত ভাৰতে ৫.২ শতাংশৰ ভিতৰত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ৷খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ হাৰ মাত্ৰ ৩ শতাংশ ৷ প্ৰধানমন্ত্ৰীয়ে ১৭ কৌটি লোকক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ অনা বুলি নিজৰ কৃতিত্ব জাহিৰ কৰাৰ লগতে ইউ পি এ আমোলক দোষাৰোপ কৰে ৷ কিন্তু মিঠাতেলৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা প্ৰসংগ এৰাই চলে আৰু আকৌ এবাৰ নেহৰুৰ প্ৰসংগ দাঙি ধৰি বিষয়টোৰ পৰা পলায়নৰ চেষ্টা কৰে ৷কৰ্মসংস্থাপন প্ৰসংগতো প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীয়ে উত্থাপণ কৰি অহা মূল বিষয়ৰ পৰা ফালৰি কাটি আন কেতবোৰ তথ্য দাঙি ধৰাৰ চেষ্টা চলায় ৷ বিৰোধীৰ মূল অভিযোগ আছিল যে বিমুদ্ৰাকৰণ , জি এছ টি , ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ প্ৰতি চৰকাৰৰ অমনোযোগিতাৰ বাবে নিবনুৱাৰ হাত বিগত ৫০ বছৰৰ ভিতৰত সৰ্বাধিক স্তৰত উপনীত হৈছে ৷ কিন্তু মোদীয়ে পূৰ্বৰ চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে আগৰ চৰকাৰসমূহে এনে এটা ধাৰণা দিব বিচাৰিছিল যে কেৱল চৰকাৰেহে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে ৷ কিন্তু বিজেপি চৰকাৰে সেই পুৰণিকলীয়া ধ্যান ধাৰণাৰ পৰিৱৰ্তন ঘটাই ২১ শতিকাৰ দৃষ্টিভংগীৰে দেশক আগুৱাই নিব বিচাৰিছে ৷তেও আত্মনিৰ্ভৰ অভিযানক সফল কৰিবলৈ চৰকাৰে লোৱা প্ৰচেষ্টাৰ বিষয়েও অৱগত কৰে ৷ কিন্তু মোদীৰ ভাষণৰ পৰা বাদ পৰি ৰ’ল বিমুদ্ৰাকৰণৰ বিফলতা সন্দৰ্ভত চৰকাৰৰ স্পষ্টীকৰণ ৷ মোদীয়ে এইবুলি দাবী কৰে যে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহলৈ চৰকাৰে ৩ লাখ কৌটিৰ সাহায্য আগবঢ়াইছে , যাৰ ফলত ২৩ কৌটি লোকৰ জীৱিকা ৰক্ষা পৰিছে ৷মোদীয়ে লগতে ক্ষদ্ৰ কৃষকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ কৃষিখণ্ডৰ সংস্কাৰৰ বাবে লোৱা পদক্ষেপৰ কথা আকৌ এবাৰ উল্লেখ কৰে ৷ বিৰোধীৰ বাধাৰ বাবেই এয়া সম্ভৱ হৈ নুঠিল বুলিও তেও মন্তব্য কৰে ৷

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.