ভাৰতবৰ্ষৰ ২৫ খন উচ্চ ন্যায়ালয়ৰ কেইগৰাকী মহিলা ন্যায়াধীশ ?

Share This Article

২০১৮ চনৰ ১৫ আগষ্টত লালকিল্লাত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত কয় যে ” আমাৰ বাবে গৌৰবৰ বিষয়‌ যে আমাৰ ন্যায় ব্যৱস্থাৰ সবাটোতকৈ শিখৰ অৰ্থাৎ উচ্চতম ন্যায়ালয়ত তিনি গৰাকী মহিলা অধিষ্ঠিত হৈ আছে। ভাৰতবৰ্ষৰ সকলো নাৰীয়ে গৰ্বৰে কব পাৰিব যে ন্যায়িক ব্যৱস্থাত তিনি গৰাকী মহিলাই ন্যায় প্ৰদান কৰি আছে। কিন্তু দেশৰ উচ্চতম ন্যায়ালয়ত বৰ্তমান ২৬ গৰাকী ন্যায়াধীশ আছে। ইয়াৰ ভিতৰত ২৫ গৰাকী পুৰুষ আৰু ১ গৰাকী মহিলা ন্যায়াধীশ। সমান্তৰালভাৱে এনে ধৰণৰ স্থিতি বিভিন্ন ৰাজ্যৰ ন্যায়ালয় সমূহতও দেখিবলৈ পোৱা যায়। দেশৰ ২৫ খন উচ্চ ন্যায়ালয়ৰ বৰ্তমান ৬৪৪ গৰাকী ন্যায়াধীশ আছে। ইয়াৰে মাথো ৭৭ গৰাকীহে মহিলা আৰু বাকী ৫৬৭ গৰাকী ন্যায়াধীশ পুৰুষ। এই বিশেষ তথ্য লোকসভাত চৰকাৰৰ তৰফৰ পৰা আগবঢ়ায়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.