অফগানিস্তানত কাৰ হাতত প্ৰাণ হেৰুৱালে ৩০০ তালিবানী সেনাই?

Share This Article

তালিবানে আফগানিস্তান দখল কৰিলে৷কিন্তু আফগানিস্তানত এনে এটা অঞ্চল আছে,যি অঞ্চল দখলৰ স্বপ্ন কোনোদিনেই পূৰ হোৱা নাই তালিবানৰ৷সেইয়া লাগিলে ২০ বছৰৰ পূর্বেই হওক অথবা বর্তমানেও হওক৷

কাবুল দখলৰ পিছতেই তালিবানী সেনা অগ্ৰসৰ হৈছিল পাঞ্জশিৰ উপত্যকা দখলৰ দিশে৷কিন্তু এইবাৰো এই অভিযান সফল নহল তালিবানৰ৷খবৰ অনুসৰি পাঞ্জশিৰৰ বিদ্ৰোহীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হল ৩০০ তালিবানী সেনাই৷আনহাতে তালিবানী নেতা ফাচিহুদ দিন হাফিজুল্লাহৰ নেতৃত্বত যোৱা দলটোৰ কেইবাজনো সেনা পাঞ্জশিৰৰ বিদ্ৰোহীয়ে বন্দী কৰি ৰাখিছে বুলিও বাতৰি প্ৰকাশ পাইছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.