সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ লগতেই বিকাশৰ প্ৰতিদ্বন্দিতাত হাৰি গৈছে নেকি অসম ?

অসমৰ বিকাশৰ স্বৰুপ আকৌ উদঙালে নীতি আয়োগৰ প্ৰতিবেদনে৷জিলাভিত্তিক উন্নয়নত অসমক পিছ পেলালে ত্ৰিপুৰা আৰু চিকিমে৷
বিগত বুধবাৰে নীতি আয়োগে মুকলি কৰে Sustainable Development Goals in the NorthEastern Region ৰ প্ৰতিবেদন৷নীতি আয়োগৰ সমীক্ষাই সামৰি লৈছিল উত্তৰ-পূর্বৰ ১০৩ খন জিলা৷উত্তৰ পূর্বৰ এই ১০৩ খন জিলাৰ বহনক্ষম উন্নয়নৰ সমীক্ষাত এতিয়া শোচনীয় পাৰদর্শিতা প্ৰদর্শন কৰিছে অসমে৷বিপৰীতে অসমক চেৰ পেলাই নীতি আয়োগৰ ইন্দেক্সত আশাজনক ফলাফল প্ৰদর্শন কৰিছে ত্ৰিপুৰা আৰু চিকিমে৷
উন্নয়নৰ ভিত্তিত নীতি আয়োগৰ প্ৰতিবেদনত ১০৩ খন জিলাক স্থান দিয়া হৈছে ৪ টা কেটেগ’ৰিত৷ ০ ৰ পৰা ৪৯ নম্বৰ লাভ কৰা জিলাক এচপাইৰেন্ট,৫০ ৰ পৰা ৬৪ নম্বৰ লাভ কৰা জিলাক পাৰ্ফমাৰ,৬৫ ৰ পৰা ৯৯ নম্বৰ লাভ কৰা জিলাক ফ্ৰণ্ট ৰানাৰ আৰু ১০০ নম্বৰ লাভ কৰা জিলাক স্থান দিয়া হৈছে এচিভাৰ কেটেগ’ৰিত৷উত্তৰ পূর্বৰ ১০৩ খন জিলাৰ ভিতৰত ৬৪ খন জিলাই স্থান পাইছে ফ্ৰণ্ট ৰানাৰ কেটেগ’ৰিত আৰু ৩৯ খন জিলাই লাভ কৰিছে পাৰ্ফমাৰ কেটেগ’ৰি৷
উল্লেখযোগ্য যে,ত্ৰিপুৰা আৰু চিকিমৰ আটাইকেখন জিলাই স্থান লাভ কৰিছে ফ্ৰন্ট ৰানাৰ কেটেগ’ৰিত৷কিন্তু অসমৰ ৩৩ খন জিলাৰ ভিতৰত মাত্ৰ ২৩ খন জিলাইহে স্থান পাইছে ফ্ৰণ্ট ৰানাৰ কেটেগ’ৰিত৷
নীতি আয়োগৰ ইন্দেক্সত প্ৰথম স্থান লাভ কৰিছে চিকিমৰ পূব চিকিম জিলাই৷পূব চিকিম জিলাই লাভ কৰিছে ৭৫.৮৭ স্ক’ৰ৷আনহাতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ ভাল পাৰদর্শিতা প্ৰদর্শন কৰিছে কামৰূপ মহানগৰ জিলাই৷কিন্তু কামৰূপ মহানগৰ জিলাই নীতি আয়োগৰ ইন্দেক্সত স্থান পাইছে ১৮ নম্বৰত৷একেদৰে অসমৰ জিলা সমূহৰ ভিতৰত সর্বনিম্ন স্ক’ৰ লাভ কৰা জিলাখন হৈছে ডিমা হাচাও৷নীতি আয়োগৰ ইন্দেক্সত ডিমা হাচাওয়ে স্থান পাইছে ৮৪ নম্বৰত৷
আনহাতে মনিপুৰৰ ১৬ খন জিলাৰ ৮ খন আৰু অৰুনাচলৰ ২৫ খন জিলাৰ ১৩ খনে স্থান লাভ কৰিছে ফ্ৰণ্ট ৰানাৰ কেটেগ’ৰিত৷একেদৰে নাগালেণ্ডৰ ১২ জিলাৰ ১১ খন আৰু মেঘালয়ৰ ১১ খন জিলাৰ ১০ খন জিলাই স্থান লাভ কৰিছে পাৰফৰমাৰ কেটেগ’ৰিত৷
উল্লেখনীয় যে,গুৱাহাটী মহানগৰক জনা জায় উত্তৰ-পূবৰ দুৱাৰ দলি বুলি৷উত্তৰ-পূর্বৰ ব্যৱসায়ীক ঘাটিও গুৱাহাটী৷কিন্তু নীতি আয়োগৰ ইন্দেক্সতেই কামৰূপ মহানগৰৰ স্থান এতিয়া ১৮ নম্বৰত৷এই কথাই প্ৰশ্ন উত্থাপন কৰিছে, দেশৰ অন্যান্য ৰাজ্য দূৰৰ কথা,উত্তৰ পূবৰ ৰাজ্য সমূহৰ লগতেই অসম এতিয়া বিকাশৰ প্ৰতিদ্বন্দিতাত হাৰি গৈছে নেকি?

Leave A Reply

Your email address will not be published.