সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মেডিকেল শিক্ষাত অ’ বি চিৰ বাবে ২৭ % সংৰক্ষণ বাহাল ৰাখি কি ক’লে উচ্চতম ন্যায়ালয়ে ?

চিকিৎসা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ নামভৰ্তিৰ ক্ষেত্ৰত অন্যান্য পিছপৰা জাতি (অ’ বি চি)ৰ বাবে ২৭ শতাংশ সংৰক্ষণ বাহাল ৰাখিছে উচ্চতম ন্যায়ালয়ে ৷ নীটৰ ক্ষেত্ৰত এই সংৰক্ষণ প্ৰযোজ্য হৈ থাকিব বুলি ৰায়দান কৰি ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু এ এছ বোপান্নাৰ বিচাৰপীঠে কয় যে পিছপৰা জাতিৰ বাবে আসন সংৰক্ষণে যোগ্যতাৰ ক্ষেত্ৰত কোনো বিৰূপ প্ৰভাৱ নেপেলায় ৷ ইয়াৰ পূৰ্বে বিগত ৭ জানুৱাৰীত দিয়া এক অন্তৰ্ৱৰ্তীকালীন নিৰ্দেশত ন্যায়ালয়ে চলিত বৰ্ষৰ স্নাতকোত্তৰ নামভৰ্তিৰ ক্ষেত্ৰত অ’ বি চিৰ বাবে সংৰক্ষণ বাহাল ৰাখি যোগ্যতা নিৰূপনৰ বাবে পৰিয়ালৰ সৰ্বোচ্চ বাৰ্ষিক আয় ৮ লাখ টকা নিৰ্ধাৰণ কৰিছিল ৷ তাৰ পাছত বৃহস্পতিবাৰে চূড়ান্ত ৰায়দান কৰি অ’ বি চিৰ বাবে সংৰক্ষণ বাহাল ৰাখে ৷ এই সন্দৰ্ভত শীঘ্ৰে বিতং ৰায় প্ৰকাশ পাব ৷

Leave A Reply

Your email address will not be published.