দুবছৰ নৌহওঁতেই ভাঙি চূৰমাৰ হ’ল পথ

Share This Article

এটা ভয় লগা দৃশ্য ! পথৰ মাজতে এটা প্ৰকাণ্ড গাঁত ! এতিয়ালৈকে আমি ৰাজ্যৰ বিভিন্ন পথৰ ওপৰত পুখুৰী সদৃশ পৰিবেশ দেখুৱাই আহিছোঁ । কিন্তু এই দৃশ্য আটাইতকৈ ভয়াবহ । পথৰ ওপৰত যেন সৃষ্টি হৈছে এক বিশাল খাদ বা গহ্বৰ । হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ সুলতানীছেৰা এলেকাৰ দৃশ্য এয়া । ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে সুলতানিছেৰা গাওঁ সংযোগী এই পথৰ নিৰ্মানৰ কাম সম্পূৰ্ণ হৈছে ২০২১ চনত । কিন্তু প্ৰধান মন্ত্ৰী গ্ৰ‍‍ামীন পথ নিৰ্মাণ আঁচনিত নিৰ্মিত এই পথে নিৰ্মানৰ মাত্ৰ ২ বছৰ পিছতে লৈছে এনে ভয়াবহ ৰূপ । মাত্ৰ ৮০০ মিটাৰ দৈৰ্ঘৰ এই পথ ঠায়ে ঠায়ে খহি পৰিছে । ফলত পথৰ ওপৰতে সৃষ্টি হৈছে প্ৰকাণ্ড গহ্বৰৰ । প্ৰতিদিনে হাজাৰ হাজাৰ লোকে জীৱনটোক হাতত লৈ এই পথৰে অহা যোৱা কৰি আছে । কিন্তু এই বিষয়ত সামান্যও অবগত ন’হয় হাইলাকান্দি জিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগ । স্থানীয় লোকে এই পথৰ এনে অৱস্থাৰ বাবে ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে যদিও কোনো সুফল লাভ কৰা নাই ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.