তিনিখনকৈ কৃষি আইনৰ বাতিলৰ দাবীৰে কাইলৈ ভাৰত বন্ধৰ আহ্বান কৃষক সমাজৰ

Share This Article

কেন্দ্ৰীয় চৰকাৰৰ তিনিখনকৈ কৃষক বিৰোধী কৃষি আইনৰ বিৰুদ্ধে ধাৰাবাহিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দেশৰ কৃষক সমাজে। চৰকাৰৰ লগত বাৰম্বাৰ আলোচনাৰ পিছতো কোনো ইতিবাচক সঁহাৰি নাপাই ক্ষোভিত হৈ পৰিছে কৃষক সকল। সেয়েহে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃষক বিৰোধী আখ্যা দি কাইলৈ ভাৰত বন্ধৰ আহ্বান জনাইছে ৪০টাকৈ কৃষক সংগঠনে। উল্লেখ্য যে এই সংগঠন সমূহৰ নেতৃত্বতে দেশত তীব্ৰ বিৰোধ আৰু প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষক সকলে। ৪০টাকৈ সংগঠনৰ নেতাৰে সৈতে হোৱা চৰকাৰী আলোচনা বিফল হোৱাৰ পিছত এতিয়া অন্য উপায়েৰে নিজৰ ৰক্ষা কৰাৰ বাবে তৎপৰ হৈ পৰিছে দেশৰ অন্নদাতা সকল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.