‘টুপী’ নহয় ‘ব্ৰহ্ম জাপি’ কৃষকক পিন্ধালে মোডী চৰকাৰে

Share This Article

কৃষকে প্ৰতিবাদ সামৰাৰ এটা বছৰ পিছতো ন্যুনতম সমৰ্থিত মূল্য লাভ কৰা নাই ৷ দিল্লীৰ সীমান্তত প্ৰায় ডেৰটা বছৰ প্ৰকৃতিকো প্ৰত্যাহ্বান জনাই কৰা প্ৰতিবাদৰ কোনো ফল নাপালে কৃষকে৷
কেন্দ্ৰৰ মোডী চৰকাৰে ন্যুনতম সমৰ্থিত মূল্য নিদিলে কৃষকক,নিদিলে কোনো ক্ষতিপূৰণো৷আনকি কৃষকৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰবোৰো উঠাই নল’লে চৰকাৰে৷
৩ খন কৃষি আইন বাতিল কৰা সন্দৰ্ভত কৰা ঘোষণাৰ বৰ্ষপূৰ্তি উপলক্ষে মোডী চৰকাৰক উভতি ধৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই৷
উল্লেখযোগ্য যে কংগ্ৰেছ দলে আৰম্ভণিৰে পৰা কৃষকৰ প্ৰতিবাদক সমৰ্থন আৰু সহযোগিতা আগবঢ়াই আহিছে৷

“ মোডী চৰকাৰে কৃষকক গাড়ীৰ চকাৰে মহতিয়াই নিছিল,শেষত কৃষকৰ প্ৰতিবাদ প্ৰতিহত কৰিবলৈ
তেওঁলোকৰ লগত কেইবা লানি বৈঠকতো বহিছিল৷প্ৰতিশ্ৰুতিও দিছিল ন্যুনতম সমৰ্থিত মূল্য প্ৰদানৰ৷কিন্তু আজি এটা বছৰ হৈ গ’ল,একোৱেই নাপালে কৃষকে ৷প্ৰতিবাদৰ সময়ত শ্বহীদ হোৱা ৭৩৩ গৰাকী কৃষকক এতিয়ালৈকে কোনো ক্ষতিপূৰণ আগবঢ়োৱা নাই চৰকাৰে৷আনকি তেওঁলোকৰ বিৰুদ্ধে থকা গোচৰবোৰো উঠাই লোৱা নাই”- এনেদৰে হিন্দীতে টুইট কৰে মল্লিকাৰ্জ্জুন খাৰ্গেই৷
“বিগত বৰ্ষত চৰকাৰৰ পৰা নিশ্চিতি পাই কৃষকসকলে বিজয় দিৱস উদযাপন কৰিছিল”- এনেদৰে উল্লেখ কৰে খাৰ্গেই৷

খাৰ্গেই আনকি কৃষকৰ প্ৰতিবাদৰ এক ভিডিঅ’ও সংযোজন কৰিছিল৷উল্লেখ্য
যে যোৱা শনিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মহাৰাষ্ট্ৰৰ বুলধানা জিলাত মুঠ ৭০০ শ্বহীদ কৃষকক শ্ৰদ্ধাঞ্জলি জনাইছিল৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.