সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘টুপী’ নহয় ‘ব্ৰহ্ম জাপি’ কৃষকক পিন্ধালে মোডী চৰকাৰে

কৃষকে প্ৰতিবাদ সামৰাৰ এটা বছৰ পিছতো ন্যুনতম সমৰ্থিত মূল্য লাভ কৰা নাই ৷ দিল্লীৰ সীমান্তত প্ৰায় ডেৰটা বছৰ প্ৰকৃতিকো প্ৰত্যাহ্বান জনাই কৰা প্ৰতিবাদৰ কোনো ফল নাপালে কৃষকে৷
কেন্দ্ৰৰ মোডী চৰকাৰে ন্যুনতম সমৰ্থিত মূল্য নিদিলে কৃষকক,নিদিলে কোনো ক্ষতিপূৰণো৷আনকি কৃষকৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰবোৰো উঠাই নল’লে চৰকাৰে৷
৩ খন কৃষি আইন বাতিল কৰা সন্দৰ্ভত কৰা ঘোষণাৰ বৰ্ষপূৰ্তি উপলক্ষে মোডী চৰকাৰক উভতি ধৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই৷
উল্লেখযোগ্য যে কংগ্ৰেছ দলে আৰম্ভণিৰে পৰা কৃষকৰ প্ৰতিবাদক সমৰ্থন আৰু সহযোগিতা আগবঢ়াই আহিছে৷

“ মোডী চৰকাৰে কৃষকক গাড়ীৰ চকাৰে মহতিয়াই নিছিল,শেষত কৃষকৰ প্ৰতিবাদ প্ৰতিহত কৰিবলৈ
তেওঁলোকৰ লগত কেইবা লানি বৈঠকতো বহিছিল৷প্ৰতিশ্ৰুতিও দিছিল ন্যুনতম সমৰ্থিত মূল্য প্ৰদানৰ৷কিন্তু আজি এটা বছৰ হৈ গ’ল,একোৱেই নাপালে কৃষকে ৷প্ৰতিবাদৰ সময়ত শ্বহীদ হোৱা ৭৩৩ গৰাকী কৃষকক এতিয়ালৈকে কোনো ক্ষতিপূৰণ আগবঢ়োৱা নাই চৰকাৰে৷আনকি তেওঁলোকৰ বিৰুদ্ধে থকা গোচৰবোৰো উঠাই লোৱা নাই”- এনেদৰে হিন্দীতে টুইট কৰে মল্লিকাৰ্জ্জুন খাৰ্গেই৷
“বিগত বৰ্ষত চৰকাৰৰ পৰা নিশ্চিতি পাই কৃষকসকলে বিজয় দিৱস উদযাপন কৰিছিল”- এনেদৰে উল্লেখ কৰে খাৰ্গেই৷

- Donation -

খাৰ্গেই আনকি কৃষকৰ প্ৰতিবাদৰ এক ভিডিঅ’ও সংযোজন কৰিছিল৷উল্লেখ্য
যে যোৱা শনিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মহাৰাষ্ট্ৰৰ বুলধানা জিলাত মুঠ ৭০০ শ্বহীদ কৃষকক শ্ৰদ্ধাঞ্জলি জনাইছিল৷

Leave A Reply

Your email address will not be published.