জুমিতো বাদেই ,কোনেও কেৰাহিকৈ নোচোৱা ‘গাওঁ’খন ..

Share This Article

জুমিতো বাদেই ,কোনেও কেৰাহিকৈ নোচোৱা ‘গাওঁ’খন …
নাই ৰাস্তা,নাই বিদ্যালয়,নাই চিকিৎসা ব্যৱস্থা
১০০০ ‘ভোট’ আছে কিন্তু ‘মানুহ’ নাই
গছৰ বাকলিহে নিপিন্ধে,কিন্তু আধুনিকতাৰ পৰশ পৰা নাই তাত

স্বাধীনতাৰ ৭৫ টা বছৰ পাৰ হ’ল কিন্তু
উত্তৰ প্ৰদেশৰ হাজিপুৰা গাঁৱৰ বাসিন্দা সকলৰহে জীৱন যাপনৰ মান উন্নত নহ’ল

গছৰ বাকলি নিপিন্ধিলেও ,এই লোক সকলৰ জীৱন আদিম যুগৰ মানুহতকৈ উন্নত নহয়৷

চোলানী নদীৰ পাৰত অৱস্থিত এই হাজিপুৰা গাওঁখন

হাজিপুৰা গাওঁখন উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ সীমান্তত অৱস্থিত৷অঞ্চলটোত প্ৰায় ১০০০ লোকে বসবাস কৰে৷

আজিৰ পৰা ২৬ বছৰ আগলৈকে গাওঁ খনৰ জনতাক বছৰি বানপানীয়ে জুৰুলা কৰিছিল ৷

অত্যন্ত দৰিদ্ৰ এই লোক সকলে বানপানীৰ পিছত কোনো মতে বনাই লোৱা ঘৰ ,এবছৰ নৌহওঁতেই পিছৰটো বানপানীয়ে উটুৱাই লৈ গৈছিল

সেয়ে গাওঁখনৰ সৰহসংখ্যক লোকেই ১৯৯৮ চন মানত তাৰ পৰা আন ঠাইলৈ গুছি গৈছিল৷

মায়াৱতী,অখিলেশ যাদৱ,আদিত্যনাথ যোগী -এওঁলোকৰ মাজৰ কোন কোনটো দলৰ মুখ্যমন্ত্ৰী তাক লৈ মূৰ নঘমাই গাওঁখনৰ জনতাই৷

কাৰণ মুখ্যমন্ত্ৰী যিয়েই নহওক তেওঁলোকৰ পাবলগীয়াও নাই,হেৰুৱাবলগীয়াও নাই
অন্ততঃ তেওঁলোকে তেনেদৰেই ভাৱে৷

“ আমাৰ ইয়াত বিদ্যালয় নাই,চিকিৎসাৰ সুবিধা নাই,কোনো চৰকাৰী আঁচনিয়ে আমাক ঢুকি নাপায়,কোনো ৰাজহুৱা যাতায়তৰ ব্যৱস্থা নাই,নাইতো নায়েই গাওঁ পঞ্চায়তো নাই”- সঞ্জীৱ কাশ্যপ নামৰ এগৰাকী স্থানীয় বাসিন্দাই এনেদৰে কয়৷

“ আমি ভুখাৰদি নগৰ পঞ্চায়তত ভোট দিওঁ৷আমাৰ লাভ একো নহয়৷কাৰণ আমি থকা এলেকাটো নগৰৰ সীমাৰ ভিতৰত নপৰেই”- পুনৰ এনেদৰে কয় তেওঁ৷

প্ৰতি ৫ বছৰৰ মূৰত ৰাজনৈতিক দলৰ নেতা আহে,প্ৰতিশ্ৰুতি দিয়ে আৰু গুছি যায়৷
অলপতে অতিৰিক্ত জিলা দণ্ডাধীশ নৰেন্দৰ বাহাদুৰ সিঙে গাওঁখন ভ্ৰমণ কৰিছিল “ আমি এওঁলোকৰ বাবে ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰিম৷অলপ দিনৰ ভিতৰতে গাওঁ হিচাপে স্বীকৃতি পাব অঞ্চলটোৱে৷”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা কৈ ঢোল পিতি থকাৰ সময়ত,দেশত 5 G সেৱাৰ প্ৰবৰ্তনৰ আখৰা প্ৰস্তুত কৰাৰ সময়ত দেশৰ অন্যতম জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগীৰ ৰাজ্যত চহৰ-মহানগৰটো দূৰৰে কথা গাওঁ হিচাপে স্বীকৃতি পাবলৈ এজাক মানুহ ৰ’বলগীয়া হৈছে স্বাধীনতাৰ পিছৰ ৭৫ টা বছৰ !

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীৰ বাবে ইয়াতকৈ ডাঙৰ বিফলতা কিবা হ’ব পাৰে নে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.