মাহ নৱেম্বৰ 2022

সেউজ বিপ্লৱ খুচুলুপাৰাত

বঙাইগাঁও চহৰৰ ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ,ছাত্ৰীক অনা নিয়া কৰা স্কুল ভেন চালক ৫ গৰাকী যুৱকে দেখুৱাইছ আদৰ্শ । ৫ বন্ধুৱে মিলি আৰম্ভ কৰিছে বিভিন্ন কৃষি কৰ্ম ৷ সময় অপচয় নকৰি কৃষি কৰ্মত আত্মনিয়োগ কৰিছে খুচুলুপাৰাৰ এই কেইগৰাকী উদ্যেমী শিক্ষিত যুৱকে ।…

মেৰাপানীত স্বাস্থ্য মেলা

মেৰাপানীত আত্ম সহায়ক গোটৰ প্ৰশংসনীয় পদক্ষেপ। মেৰাপানীৰ চাউদাং পথাৰ মেৰাচুকত অনুষ্ঠিত হৈছে স্বাস্থ্য মেলা। গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, মেৰাপানী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত একতা আৰু লেচেৰি আত্ম সহায়ক গোটৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে চাউদাং…

মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ৰহাত উঠিল ধোঁৱাচাঙত

ৰহাত বানাক্ৰান্তৰ বান সাহাৰ্য বিচাৰি হাহাকাৰ।অসাৰ হ’ল মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি আছিল হাত খুলি বানাক্ৰান্তক সাহাৰ্য প্ৰদান কৰা।প্ৰকৃততে কিমানজন লোকে পালে বান সাহাৰ্য ? বানত সৰ্বস্ব হেৰুৱা বানাক্ৰান্তই এতিয়া বান সাহাৰ্য বিচাৰি চক্ৰবিষয়া -উপায়ুক্ত কাৰ্যলয়ৰ দুৱাৰে দুৱাৰে…

বিদ্যাছিং লেকথেৰ মৃত্যু নে পৰিকল্পিত হত্যাকাণ্ড?

বিদ্যাছিং লেকথেৰ মৃত্যু সন্দৰ্ভত বিস্ফোৰক তথ্য ফাদিল হৈছে গৃহৰক্ষী বাহিনীৰ সংবাদমেলত। চৰকাৰ-প্ৰশাসনৰ হেমাহিৰ বাবেই মৃত্যু নেকি বিদ্যাসিং লেকথেৰ ? মৃত্যুৰ কিছুদিন পূৰ্বে এক সংবাদমেল সম্বোধন কৰিছিল গৃহৰক্ষী বাহিনীৰ জোৱানে। স্থানীয় কাৰ্বি পৰ্টেলসমূহ উপস্থিত আছিল সংবাদমেলখনত। সংবাদমেলত সাংবাদিকক সম্বোধন কৰি বিদ্যাছিং…

ৰাহুল গান্ধীক হত্যাৰ ভাবুকি!

ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিছে কোনো অচিনাক্ত ব্যক্তিয়ে। বোমা দলিয়াই ৰাহুল গান্ধীক হত্যা কৰিব বুলি ভাবুকি প্ৰদান অচিনাক্ত দুৰ্বৃত্তৰ। ‘ভাৰত জোড়ো’ যাত্ৰা ইন্দোৰ পালেহিয়েই হত্যা কৰাৰ ভাবুকি অচিনাকি দুৰ্বৃত্তৰ।’ভাৰত জোড়ো’ যাত্ৰা চলি থকাৰ সময়তে প্ৰাণে মৰাৰ ভাবুকি কংগ্ৰেছৰ নেতাজনক।এখন মিঠাইৰ…

ডক্টৰেট হ’ল ছিৰখাত হুছেইন

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শিক্ষক ছিৰখাত হুছেইনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান।দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত সমাৱৰ্তনত প্ৰদান কৰা হ’ল এই সন্মান। শিক্ষাৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়োৱা, ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত দুবাৰকৈ শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে মনোনীত হোৱা, শিক্ষকৰ আন্তঃৰাষ্ট্ৰীয়…

ৰান্ধনীৰ প্ৰতিবাদত কঁপিল শিৱসাগৰ

শিৱসাগৰ জিলা প্ৰাথমিক বিদ্যালয়ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আজি প্ৰায় শতাধিক মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে ।সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন শিৱসাগৰ জিলা সমিতিয়ে কেইবাটাও দাবীৰে বিক্ষোভ প্ৰদৰ্শন কৰি বকেয়া ধন মোকলাই দিয়াৰ দাবী জনায়।৮ মাহ ধৰি চৰকাৰে…

দিল্লীত লাচিত দিৱস অথচ দৰমহা নাই কৰ্মচাৰীৰ

১৬০ কোটি টকা ব্যয়েৰে দিল্লীত লাহবিলাহেৰে লাচিত দিৱস পালন কৰা চৰকাৰে বিগত ৫৫ মাহে দৰমহা দিব পৰা নাই কৰ্মচাৰীক।বিগত ৫৫ মাহে দৰমহাৰ পৰা বঞ্চিত ওদালগুৰি পৌৰসভাৰ কৰ্মচাৰী।প্ৰাপ্য দৰমহা বিচাৰি ওদালগুৰিত পৌৰ কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।আনকি বিগত চাৰে চাৰিটা বছৰত…

সৰিয়হ খেতিৰ কিটিপ শিকালে বৈজ্ঞানিকে

নগাঁও কৃষি বিভাগৰ উদ্যোগত সৰতপুৰৰ পৰা অহা কেইবাগৰাকী বৈজ্ঞানিকৰ দ্বাৰা ৰহাত সৰিয়হ কৃষক সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়।অসমীয়াৰ সামাজিক তথা ধৰ্মীয় উৎসৱ পাৰ্বনৰ লগত জড়িত কলৰ পটুৱা ।কিন্তু আধুনিক সমাজত প্লাষ্টিকৰ অবাধ প্ৰচলনত অসমীয়া সমাজৰ পৰা বিলুপ্ত হ’ব ধৰিছে কলৰ…

গাড়ী চোৰে টোপনি হৰিছে নগঞাৰ

ৰাজ্যত সক্ৰিয় হৈ আছে গাড়ী চুৰি চক্ৰ। এইবাৰ নগাঁৱৰ ৰণথলী জলাহত চালকক আক্ৰমণ কৰি গাড়ী চুৰিৰ চেষ্টা চলাই ৰাইজৰ তৎপৰতাত পলায়ন কৰিবলগীয়া হৈছে এটা প্ৰৱঞ্চকৰ দলে । গাড়ী চুৰিৰ এক অসাধু চক্ৰৰ দুই সদস্যই বাইহাটা চাৰিআলিৰ মোজ্জামিল হক নামৰ এজন…