Investigative reporting with dedication.
ৰান্ধনীৰ প্ৰতিবাদত কঁপিল শিৱসাগৰ

শিৱসাগৰ জিলা প্ৰাথমিক বিদ্যালয়ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আজি প্ৰায় শতাধিক মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে ।সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন শিৱসাগৰ জিলা সমিতিয়ে কেইবাটাও দাবীৰে বিক্ষোভ প্ৰদৰ্শন কৰি বকেয়া ধন মোকলাই দিয়াৰ দাবী জনায়।৮ মাহ ধৰি চৰকাৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰাপ্য মাননি মোকলাই নিদিয়াত ক্ষোভ প্ৰকাশ কৰ্মচাৰী সকলৰ।কেন্দ্ৰীয় চৰকাৰে দিয়া দৰমহাৰ ধন অসম চৰকাৰে বেলেগ শিতানত ধাৰ দিয়াৰ অভিযোগ কৰ্মচাৰীসকলৰ।





