দিল্লীত লাচিত দিৱস অথচ দৰমহা নাই কৰ্মচাৰীৰ

Share This Article

১৬০ কোটি টকা ব্যয়েৰে দিল্লীত লাহবিলাহেৰে লাচিত দিৱস পালন কৰা চৰকাৰে বিগত ৫৫ মাহে দৰমহা দিব পৰা নাই কৰ্মচাৰীক।বিগত ৫৫ মাহে দৰমহাৰ পৰা বঞ্চিত ওদালগুৰি পৌৰসভাৰ কৰ্মচাৰী।প্ৰাপ্য দৰমহা বিচাৰি ওদালগুৰিত পৌৰ কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।আনকি বিগত চাৰে চাৰিটা বছৰত বিনা দৰমহাৰে অৱসৰ গ্ৰহণ কৰিছে কেবাগৰাকীও কৰ্মচাৰীয়ে।প্ৰাপ্য দৰমহা আদায় আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদকাৰীয়ে কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে।গেজেট নটিফিকেচনৰ পিছতে চৰকাৰে পৌৰ কৰ্মীসকলক অন্যায় কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে।উপায়হীন কৰ্মচাৰীয়ে কৰ্মবিৰতিৰে সৰ্বাত্মক ধৰ্মঘট ঘোষণা কৰিছে। ৫৫ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত ওদালগুৰি পৌৰসভাৰ সকলো কৰ্মচাৰী। প্ৰাপ্য দৰমহা আদায় আৰু চাকৰি নিয়মীয়া কৰণৰ দাবী তুলি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে পৌৰনিগমৰ কৰ্মচাৰী সকলে৷ গেজেট নটিফিকেচনৰ পিছতে চৰকাৰে পৌৰ কৰ্মীসকলক অন্যায় কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.