মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ৰহাত উঠিল ধোঁৱাচাঙত

ৰহাত বানাক্ৰান্তৰ বান সাহাৰ্য বিচাৰি হাহাকাৰ।অসাৰ হ’ল মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি আছিল হাত খুলি বানাক্ৰান্তক সাহাৰ্য প্ৰদান কৰা।প্ৰকৃততে কিমানজন লোকে পালে বান সাহাৰ্য ? বানত সৰ্বস্ব হেৰুৱা বানাক্ৰান্তই এতিয়া বান সাহাৰ্য বিচাৰি চক্ৰবিষয়া -উপায়ুক্ত কাৰ্যলয়ৰ দুৱাৰে দুৱাৰে ঘূৰিছে ।কপিলী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ ফলত হৈ যোৱা দুটাকৈ প্ৰলংকাৰী বানে তচনচ কৰি গ’ল মধ্য অসমৰ বহুতৰ জনজীৱন।এই বানত বহুতেই নিজৰ আপোন ঘৰ খন হেৰুৱাৰ লগতে বহুতেই ঘৰৰ বয় বস্তু নিজৰ পশুধন সা -সম্পত্তি হেৰুৱাইছিল।সেইখিনি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অধিক ক্ষতিগ্ৰস্ত হোৱা ৰহা আৰু কামপুৰ ৰাজহ চক্ৰৰ বিভিন্ন এলেকা পৰিদৰ্শন কৰি বানাক্ৰান্তই ঘৰলৈ ঘূৰি যোৱা আগতেই সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল।এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীজনে জিলা প্ৰশাসনক হাত খুলি বানাক্ৰান্তক সাহাৰ্য দিয়াৰ বাবে নিদেৰ্শ দিছিল।কিন্তু বানাক্ৰান্তই প্ৰকৃততে হাত খুলি সাহাৰ্য পালেনে? নগাঁৱত বৃহৎ প্ৰচাৰ চলাই গৃহহাৰা সকলক আৰ্থিক সাহাৰ্য প্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত হল কিন্তু বানত সৰ্বহাৰা হোৱা বানাক্ৰান্তই আজিও চক্ৰবিষয়া কাৰ্যলয়ৰ দুৱাৰে দুৱাৰে সাহাৰ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।কপিলী আৰু কলঙৰ বাঢ়নী পানীত এই গাঁওখনৰ বহুকেইটা পৰিয়ালৰ বাসগৃহ ভাঙি চূৰমাৰ কৰিছিল বলিয়া বানে।কিন্তু চৰকাৰৰ পৰা সাহাৰ্যৰ নামত ফুটা কৰি এটাও নাপালে কেইবাটাও পৰিয়ালে।ৰহাৰ চক্ৰ বিষয়া কাৰ্যলয়লৈ সাহাৰ্য বিচাৰি তাঁতবাতি কৰিছে পৰিয়াল কেইটাই।এইক্ষেত্ৰত ৰহা ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ে সাহাৰ্য পোৱা চৰকাৰী তালিকাখনো ৰাজহুৱা কৰিব পৰা নাই বুলি অভিযোগ কৰিছে ৰহা আঞ্চলিক ছাত্ৰ সন্থাই।শীঘ্ৰে এই দুৰ্গত সকলক সকাহ দিবৰ বাবে দাবী জনাইছে বিভিন্ন দল সংগঠনে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296