সম্বিৎ ঘূৰাই পাইছে বিৰোধীয়ে !

Share This Article

শেহতীয়া ৫ ৰাজ্যৰ নিৰ্বাচনত একপ্ৰকাৰ বিৰোধী বিধ্বস্ত হোৱাৰ পিছত বিৰোধী মিত্ৰজোঁটে যেন উপলব্ধি কৰিছে নিজৰ ভুলবোৰ। মধ্য প্ৰদেশত অখিলেশ যাদৱ আৰু কংগ্ৰেছ নেতা কমল নাথৰ মাজত লগা খকাখুন্দাৰ বাবেই ৰাজ্যখনত বিধ্বস্ত হ’ল বিৰোধী। বিৰোধীৰ মাজত প্ৰাৰ্থিত্বক লৈ মতানৈক্য হোৱাৰ বাবেই কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ বিপৰীতে প্ৰতিন্দন্দ্বিতা আগবঢ়ালে আপ,সমাজবাদী পাৰ্টিকে ধৰি কেইবাটাও দলে। ফলত কংগ্ৰেছ দলৰ প্ৰাৰ্থী পৰাজিত হোৱাৰ বিপৰীতে বিৰোধী মিত্ৰজোঁটৰ কেইবাটাও দলৰ প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ল।কিন্তু ইয়াৰ পিছতেই যেন সম্বিৎ ঘূৰাই পাইছে বিৰোধীয়ে। মঙলবাৰে দিল্লীত বিৰোধী মৰ্চাৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা।ইতিমধ্যে উত্তৰ প্ৰদেশক লৈ কিছু ৰণনীতি সাজু কৰিছে কংগ্ৰেছকে ধৰি বিৰোধীয়ে । উত্তৰ প্ৰদেশৰ নাগিনা সমষ্টিৰ পৰা প্ৰতিদন্দ্বিতা আগবঢ়োোৱাৰ সম্ভাৱনা আছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই। নাগিনা সমষ্টিটোত দলিত আৰু মুছলমানৰ দূৰ্গস্বৰূপ৷ঠিক সেইদৰে বাঘপট নহ’লে মথুৰা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োোৱাৰ সম্ভাৱনা আছে জয়ন্ত চৌধুৰী। জয়ন্ত চৌধুৰী কংগ্ৰেছ দলৰ এগৰাকী শক্তিশালী নেতা৷ঠিক সেইদৰে মেইনপুৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনা আছে সমাজবাদী দলৰ বৰ্তমানৰ সা’সদ ডিম্পল যাদৱে৷আনহাতে,আজমগড় সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব সমাজবাদীৰ মূৰব্বী অখিলেশ যাদৱে আগবঢ়োৱাৰ সম্ভাৱনা আছে৷তাৰ বিপৰীতে ৰায়বেৰেলীৰ পৰা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী,আমেথিৰ পৰা ৰাহুল গান্ধীয়ে প্ৰাৰ্থিত্ব আগবঢ়োবাৰ সম্ভাৱনা আছে ।আনহাতে,বৰ্তমানৰ পিলভিট সাংসদ বিজেপি দলৰ বৰুণ গান্ধীয়েও কংগ্ৰেছ দলৰ পৰা চুলতানপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ সম্ভাৱনা আছে।বিৰোধীয়ে বিজেপিক চক্ৰবেহুৰ মাজত উত্তৰ প্ৰদেশত ঘেৰি ধৰাৰ যি পৰিকল্পনা কৰিছে,ইয়াত সফল হ’লে দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশতেই বিপদত পৰিব পাৰে বিজেপি। উত্তৰ প্ৰদেশত লোকসভাৰ মুঠ আসন আছে ৮০ খন৷২০১৪ চনত বিজেপিয়ে লাভ কৰিছিল ৭৩ খন আসন৷আনহাতে,সেই উত্তৰ প্ৰদেশতেই বিজেপিয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত লাভ কৰিছিল ৭৪ খন আসন।সেই উত্তৰ প্ৰদেশতেই যদি বিৰোধীয়ে এক অভেদ্য দুৰ্গ তৈয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে,তেন্তে ২০২৪ চনত বিৰোধীৰ বাবে ক্ষমতা দখল কৰাটো সহজ হ’ব বুলি মত প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকমহলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.