কৰ্মই ধৰ্ম নহয়,ধৰ্মইহে বিজেপিৰ কৰ্ম !

Share This Article

ধৰ্মক বাদ দি আন একো কথাই ভাবিব নোৱাৰে বিজেপি দলে।একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাৰ পিছত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱে প্ৰথমখন কেবিনেটতে লৈছে এক সিন্ধান্ত।সেই সিন্ধান্ত অনুসৰি কোনো উপাসনাস্থলীতে মাইক ব্যৱহাৰ কৰিব নোৱাৰিব।উল্লেখ্য ইছলাম ধৰ্মাৱলম্বী লোকৰ উপাসনাস্থলীত আজান দিবৰ বাবে মাইক ব্যবহাৰ কৰা কাৰ্যৰ বিৰোধিতা কৰি আহিছে যথেষ্ট সংখ্যক লোকে। ঠিক একেদৰে হিন্দু সকলে বিভিন্ন পূজা পাতলৰ সময়ত মাইক ব্যৱহাৰ কৰা কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰি আহিছিল একাংশই।সেয়ে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈয়ে প্ৰথম খন বৈঠকতে উচ্চ প্ৰাবল্যৰ মাইক উপাসনাস্থলীত বন্ধ কৰাৰ সিন্ধান্ত লৈছে চৰকাৰে।তাৰ বিপৰীতে তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী চৰকাৰে কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে মুঠ ৬ টা গেৰাণ্টী পূৰণ কৰিব বুলি কৈছিল।সেই অনুসৰি প্ৰথমখন কেবিনেটত মহিলাৰ বাবে তেলেংগানা চৰকাৰৰ অধীনৰ গাড়ীত মহিলাৰ বাবে বিনামূলীয়া ভ্ৰমণ আৰু ৰাজীৱ আৰোগ্যশ্ৰী হেল্থ ইঞ্চুৰেঞ্চৰ জৰিয়তে ১০ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ বিষয়ত সিন্ধান্ত গ্ৰহণ কৰে আনহাতে,ৰাজস্থানৰ ভোটগণনা চলি থকাৰ দিনা হাৱামহল সমষ্টিৰ ফলাফল বাহিৰ হোৱাৰ পিছতে সমষ্টিটোৰ বিধায়ক গৰাকীয়ে মুকলিকৈ মাংস-মাছ বিক্ৰী বন্ধ কৰাৰ নিৰ্দেশ দিছিল। হাৱামহল সমষ্টিৰ পৰা এইবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে বিজেপি দলৰ বালমুকুন্দ আচাৰ্য। বালমুকুন্দ আচাৰ্যই তেওঁৰ নিকটতম প্ৰতিন্দন্দ্বী কংগ্ৰেছ দলৰ আৰ আৰ তিৱাৰীক মাত্ৰ ৯৭৪ টা ভোটত পৰাজিত কৰিছিল। সমষ্টিটোত ন’টাত ভোট পৰিছিল ১,৪৬৩ টা।৩ডিচেম্বৰত ১০০০ তকৈয়ো কম ব্যৱধানত জয়ী হৈ বালমুকুন্দ আচাৰ্যই সুভাষ চ’ক,ৰামগঞ্জ বজাৰ,অল্ড আমেৰ ভ্ৰমণ কৰি মুকলিকৈ মাংস বিক্ৰী কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। তদুপৰি তেওঁ কয় যে জয়পুৰ অঞ্চল ক্ষুদ্ৰ কাশীৰ দৰে,ইয়াক কৰাছীলৈ পৰিবৰ্তন কৰিবলৈ দিয়া নহ’ব।উল্লেখ্য যে চৰকাৰৰ এই কাৰ্যপন্থাবোৰৰ পৰা এটা কথা স্পষ্ট যে উন্নয়ন বা জনতাৰ সমস্যাতকৈ ধৰ্মীয় বিষয়বোৰক অধিক গুৰুত্ব দিয়ে চৰকাৰে৷ধৰ্মৰ ভিত্তিত ভাগ ভাগ কৰি জনতাৰ মাজত জনপ্ৰিয় হ’ব বিচাৰে বিজেপি চৰকাৰে।অৱশ্যে ধৰ্মক বিষয়বস্তু হিচাপে লৈয়ে প্ৰায় প্ৰতিবাৰেই ভোট বিভাজন কৰি জয়ী হৈ আহিছে বিজেপি।গুৰুত্বপূৰ্ণ বিষয়টো হ’ল মধ্য প্ৰদেশত বিজেপিয়ে চতুৰ্থ বাৰৰ বাবে চৰকাৰ গঠন কৰে৷মধ্য প্ৰদেশত বিজেপি চৰকাৰে ১৬৩ খন আৰু কংগ্ৰেছ চৰকাৰে মাত্ৰ ৬৬ খন আসন লাভ কৰিছিল।ৰাজস্থানত বিজেপিয়ে ১১৫ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল মাত্ৰ ৬৯ খন ।ঠিক সেইদৰে ছত্তীশগড়ত বিজেপিয়ে ৫৪ খন আসনৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ৩৫ খন আসন।আনহাতে,তেলেংগানাত কংগ্ৰেছ দলে ৬৪ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপি দলে মাত্ৰ ৮ খন আসন লাভ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.