I.N.D.I.A ৰ পৰা আঁতৰিব যাদৱ !

Share This Article

 মধ্য প্ৰদেশত ইতিমধ্যে বিজেপিয়ে সোমবাৰে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীৰ নাম ।ড° মোহন যাদৱ হ’ল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী। ইয়াৰ লগে লগে শিৱৰাজ সিং চৌহানৰ ১৮ বছৰীয়া মুখ্যমন্ত্ৰিত্বৰ অৱসান ঘটিল মধ্যপ্ৰদেশত।কিন্তু কিয় মধ্য প্ৰদেশত মুখ্যমন্ত্ৰী হিচাপে ড° মোহন যাদৱৰ নাম ঘোষণা কৰা হ’ল?কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ,কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেল,বিজয়ভাৰ্গীয়,শিৱৰাজ সিং চৌহানৰ নাম সঘনাই উচ্চাৰিত হৈ আছিল যদিও আকস্মিকভাৱে বিজেপিয়ে ড° মোহন যাদৱৰ নাম ঘোষণা কৰে।কিন্তু কিয় হঠাৎ নাম নিচান নোহোৱা ড° মোহন যাদৱক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিলে বিজেপিয়ে ?তিনিখন ৰাজ্য জয়ৰ পিছত বিজেপিৰ একমাত্ৰ লক্ষ্য হৈ পৰিছে লোকসভা নিৰ্বাচন।বিজেপিৰ এতিয়া লক্ষ্য কেৱল অন্যান্য পিছপৰা সম্প্ৰদায়,দলিত আৰু জনজাতীয় ভোটাৰ সকলক আকৃষ্ট কৰা।সেই অনুসৰি এগৰাকী অন্যান্য পিছপৰা জাতিৰ মুখ্যমন্ত্ৰীক আঁতৰাই যাদৱ সম্প্ৰদায়ৰ নতুন মুখ ড° মোহন যাদৱক মুখ্যমন্ত্ৰী পদৰ বাবে নিৰ্বাচিত কৰিছে বিজেপিয়ে। অৱশ্যে এই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোত মূল ভূমিকাত আছিল RSS.বাকী কেইজন মুখ্যমন্ত্ৰী প্ৰত্যাশীৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেলৰ নাম সঘনাই উচ্চাৰিত হৈছিল যদিও কিন্তু পেটেলে মাজতে বিজেপি ত্যাগ কৰি পুনৰ দলটোত যোগদান কৰিছিল ।তদুপৰি তেওঁ আছিল লোধী সম্প্ৰদায়ৰ ৷বিজেপিৰ বাবে লোধীতকৈ যাদৱৰ গুৰুত্ব যথেষ্ট বেছি।কিয়নো হিন্দী বলয়ত যাদৱ সম্প্ৰদায়ৰ দখল বেছি৷যাদৱ সম্প্ৰদায়ৰ লোক বিহাৰ,গোৱালিয়ৰ,মালৱাৰ,উত্তৰ প্ৰদেশ, ইন্দোৰ,বুন্দেলখণ্ড,মালৱা-নিমাৰ আদিতো যথেষ্ট সংখ্যক আছে।মধ্য প্ৰদেশত যাদৱ ভোটাৰৰ সংখ্যা ৬% ।বিহাৰত ১৪% উত্তৰ প্ৰদেশত ৯% যাদৱ সম্প্ৰদায়ৰ লোক আছে।যাদব সম্প্ৰদায়ৰ লোক সকল ভাৰতৰ ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ। কিয়নো উত্তৰ প্ৰদেশ,বিহাৰ,মধ্য প্ৰদেশৰ মুঠ ৬০ টা সমষ্টিত যাদৱ সম্প্ৰদায়ৰ ভোটাৰে প্ৰভাৱান্বিত কৰে।উত্তৰ প্ৰদেশৰ মুঠ ৮০ খন লোকসভা আসনৰ ২৫ ৰ পৰা ৩০ খন আসনত যাদৱ সম্প্ৰদায়ৰ ভোটাৰৰ প্ৰভাৱ পৰে৷আনহাতে,বিহাৰৰ মুঠ ১৭ টা লোকসভা সমষ্টিত প্ৰভাৱ পৰে যাদৱ সম্প্ৰদায়ৰ।যিহেতু মধ্য প্ৰদেশক বাদ দি বিহাৰ আৰু উত্তৰ প্ৰদেশত যাদৱ সম্প্ৰদায়ৰ প্ৰতিনিধিৰে আধিপত্য দেখুৱাব নোৱাৰে বিজেপিয়ে ,সেয়ে হিন্দী বলয়ৰ ৰাজ্য মধ্য প্ৰদেশকেই লক্ষ্য কৰি ড° মোহন যাদৱক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিলে বিজেপিয়ে।আগন্তুক লোকসভাত ইণ্ডিয়া মিত্ৰজোঁটৰ লালুপ্ৰসাদ যাদৱ,তেজস্বী যাদৱ আৰু অখিলেশ যাদৱৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি RSSৰ ছুপাৰিছত বিজেপিয়ে ঘোষণা কৰিলে ড° মোহন যাদৱৰ নাম।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.