তিনিখন ৰাজ্যৰ বৃহৎ জয়ে উৎফুল্লিত কৰিছে বিজেপি শিবিৰক

Share This Article

তিনিখন ৰাজ্যৰ বৃহৎ জয়ে উৎফুল্লিত কৰিছে বিজেপি শিবিৰক।ছত্তীশগড়,মধ্যপ্ৰদেশ আৰু ৰাজস্থানত কংগ্ৰেছ দলে অনাকাংক্ষিতভাৱে পৰাজয়ৰ মুখামুখি হোৱাৰ বিপৰীতে বিজেপি দলে মধ্যপ্ৰদেশত চতুৰ্থবাৰৰ বাবে ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে।২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ আগত এই তিনিখন ৰাজ্যত বৃহৎ জয়লাভ কৰাটোক ৰাজনৈতিক বিশ্লেষকে বিজেপিৰ সপক্ষে ঢৌ অহা বুলি ক’ব বিচাৰিছে যদিও কিন্তু সেই বুলি নিশ্চিন্ত হৈ থাকিব নালাগে বুলিও সকীয়াই দিছে বিজেপিক। অৱশ্যে এই কথাও নিশ্চিত যে বিজেপিৰ ভোটৰ শ্বেয়াৰ ৩৬% হোৱাৰ বিপৰীতে বিৰোধীৰ ভোটৰ শ্বেয়াৰ ৬৪% ।যদি বিৰোধীয়ে বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে এগৰাকীকৈ ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেন্তে বিজেপি সংকটত পৰাৰ সম্ভাৱনা নথকা নহয়।বৰ্তমান বিজেপিৰ প্ৰধান লক্ষ্যই হৈছে বিৰোধীৰ ভোট বিভাজন কৰা।অৱশ্যে ইযাতকৈয়ো ডাঙৰ এক প্ৰত্যাহ্বান হৈছে বিজেপিৰ কৰ্মীৰ আত্মসন্তুষ্টি।তিনিখন ৰাজ্যৰ ফলাফলৰ পিছত বিজেপিৰ কৰ্মীসকল অত্যন্ত উৎফুল্লিত হৈ পৰাত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব যথেষ্ট উদ্বিগ্ন হৈ পৰিছে।ৰাজস্থান,মধ্য প্ৰদেশ,ছত্তীশগড়ত লাভ কৰা অপ্ৰত্যাশিত জয়ে বিজেপি কৰ্মীসকলক ইমানেই উৎসাহিত আৰু নিচিন্ত কৰিছে তেওঁলোকে ভাবি লৈছে যে এইবাৰ ভাৰতৰ জনতাই প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীকে বিচাৰিব৷তেওঁলোকৰ যুক্তি যে নৰেন্দ্ৰ মোডী এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা,তেওঁৰ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয়তা আছে।তদুপৰি ২০৪৭ চনলৈকে দেশক কি পৰ্যায়লৈ নিব তাৰ এক লক্ষ্য স্থিৰ কৰিছে বিজেপিয়ে।বিজেপিৰ কৰ্মীসকলে এটা কথা একেটা সময়তে পাহৰি গৈছে যে নিৰ্বাচন হৈছে অংকৰ খেল৷যিটো দলেই নিৰ্বাচনত অধিক আসন লাভ কৰিব,সেইটো দলেই জয়ী হ’ব।বৰ্তমান পৰিস্থিতিত নিৰ্বাচনী ৰসায়নলৈ চালে বিজেপিৰ বাবে সহজ হৈ আছে।কিন্তু তাৰ মাজতো আছে কেইবাটাও সমীকৰণ ।উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ আসনলৈ লক্ষ্য কৰিলে দেখা যায় দক্ষিণ ভাৰতত বিজেপিৰ আসন তুলনামূলক ভাৱে কম । বৰ্তমান কৰ্ণাটক আৰু তেলেংগানা দুয়োখন ৰাজ্যতে আছে কংগ্ৰেছৰ চৰকাৰ।তদুপৰি উত্তৰ ভাৰতৰ ৰাজ্যৰ ভিতৰত বিহাৰ,পশ্চিম বংগ আদিত বিজেপিৰ পক্ষে বতাহ বলা নাই৷সেয়ে বিজেপিৰ বাবে কৰ্ণাটক,বিহাৰ,পশ্চিম বংগ আদিৰ পৰিবেশ একেবাৰে সুচল হৈ থকা নাই।বিজেপিয়ে যথেষ্ট পৰিমাণে এই ৰাজ্য কেইখনত কষ্ট কৰিব লাগিব।২০০৩ চনতো ৰাজস্থান,মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত জয়ী হৈছিল বিজেপি।ইফালে কংগ্ৰেছ দলৰ বাবে লোকসভাৰ নিৰ্বাচনৰ পৰিৱেশ ইমান সহজ হৈ থকা নাই।কংগ্ৰেছে এতিয়া দেখুৱাব লাগিব যে তেওঁলোকে দেশখনক লৈ কি পৰিকল্পনা কৰিছে।সেই লক্ষ্যত তেওঁলোকে জাতিগত জনগণনা,হিন্দু ভোটৰ বিভাজন আদিতকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশখনক কি স্থানলৈ নিব খুজিছে সেই বিষয়টোত নিজৰ পৰিকল্পনাৰ বিষয়ে জনতাক অৱগত কৰা উচিত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.